অসম

assam

"ধোনীয়ে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব বুলি নাভাবো"-হৰভজন সিং

By

Published : Apr 24, 2020, 6:20 PM IST

বিশ্বকাপ-2019 ৰ পাচৰ পৰা ক্ৰিকেটৰ পথাৰৰ পৰা আঁতৰি আছে ভাৰতক দুটাকৈ বিশ্বকাপৰ সোৱাদ দিয়া প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী । আই পি এলৰ জৰিয়তেই পুনৰ খেলপথাৰত দেখা পাব বুলি ভাবিছিল ধোনীক । কিন্তু কৰ'ণা ভাইৰাছৰ বাবে স্থগিত হৈ আছে আই পি এল । সেয়ে প্ৰত্যাৱৰ্তনৰ আশা কম খেলুৱৈ গৰাকীৰ ।

"ধোনীয়ে ভাৰতীয় দললৈ পত্যাৱৰ্তন কৰিব বুলি নাভাবো"- হৰভজন সিং
"ধোনীয়ে ভাৰতীয় দললৈ পত্যাৱৰ্তন কৰিব বুলি নাভাবো"- হৰভজন সিং

নতুন দিল্লী, 24 এপ্ৰিলঃ ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ হৰভজন সিঙে বৃহস্পতিবাৰে কয় যে, প্ৰাক্তন অধিনায়ক এম এচ ধোনীয়ে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব বিচৰা নাই ।

হৰভজনে ইনষ্টাগ্ৰাম লাইভ এটাত ৰোহিত শৰ্মাৰ লগত অংশ লৈ এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে, 2019 চনৰ বিশ্বকাপৰ ছেমিফাইনেল খেলখনেই ধোনীৰ অন্তিম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল আছিল, তাৰ পাচত এতিয়ালৈ ধোনী খেল পথাৰলৈ উভতি অহা নাই ।

লাইভ চাই থকা এগৰাকীয়ে কমেণ্টত ৰোহিত শৰ্মাক সোধে যে,ধোনী কেতিয়া খেলপথাৰলৈ উভতিব, এই প্ৰশ্নৰ উত্তৰত ৰোহিতে ব্যক্তি গৰাকীক নিজাকৈ ধোনীক এই প্ৰশ্নটো কৰিবলৈ আহ্বান জনাই আৰু তেওঁলোকেও এই বিষয়ে অৱগত নহয় বুলি উল্লেখ কৰে ।

হৰভজন সিঙে লগতে কয় যে,ধোনীয়ে আই পি এল খেলি যাব পাৰিব,কিন্তু ভাৰতৰ জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰাটো অত্যন্ত জটিল হ'ব।

ধোনীয়ে ধীৰ গতিৰ বেটিংৰ বাবে 2019ৰ বিশ্বকাপৰ সময়ত একাংশৰ পৰা সমালোচিত হৈছিল । আনহাতে এইবাৰ বছৰৰ আৰম্ভণিতে BCCIৰ কেন্দ্ৰীয় চুক্তিৰ তালিকাত স্থান পোৱা নাছিল বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে ।

আইপিএল-2020 ধোনীৰ বাবে প্ৰত্যাৱৰ্তনৰ মঞ্চ হ'ব বুলি ধাৰণা কৰিছিল । কিন্তু কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে স্থগিত হৈছে আইপিএল । সেয়ে, 2020 চনৰ অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ'ব লগীয়া ICC-World-T20 দলত স্থান লাভ প্ৰায় অসম্ভৱ হৈ পৰিছে ।

লগতে পঢ়কঃ COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ ৫০ লাখ টকা প্ৰদান কৰিব গৌতম গম্ভীৰে

ABOUT THE AUTHOR

...view details