ETV Bharat / sports

COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ ৫০ লাখ টকা প্ৰদান কৰিব গৌতম গম্ভীৰে

author img

By

Published : Apr 6, 2020, 5:21 PM IST

COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ সহায়ৰ হাত আগবঢ়াইছে সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে । ইতিমধ্যে প্ৰধানমন্ত্ৰী আৰ্থিক সাহয্য পূঁজিলৈ নিজৰ দুইবছৰৰ দৰমহা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ।

COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ ৫০ লাখ টকা প্ৰদান কৰিব গৌতম গম্ভীৰে
COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ ৫০ লাখ টকা প্ৰদান কৰিব গৌতম গম্ভীৰে

স্পৰ্টছ ডেস্ক, ৬ এপ্ৰিলঃ COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত দিল্লীৰ সাংসদ তথা ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ । সোমবাৰে দেশৰ ৰাজধানী দিল্লীত COVID-19 ৰোগীৰ বাবে প্ৰয়োজনীয় চিকিৎসা সঁজুলি ইত্যাদি ক্ৰয় কৰিবলৈ ৫০ লাখ টকা দিল্লী চৰকাৰক দিয়াৰ কথা উল্লেখ কৰে গম্ভীৰে ।

গম্ভীৰে এক পত্ৰত উল্লেখ কৰে, দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ শিশোদিয়াই দিল্লীৰ বহু কেইখন চৰকাৰী হাস্পতালৰ বাবে চিকিৎসা সঁজুলি ক্ৰয়ৰ বাবে ধনৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছিল । যাৰ বাবে ৫০ লাখ টকা দিয়াৰ পৰিকল্পনা কৰে সাংসদ গৰাকীয়ে । এই টকা COVID-19 ৰোগীৰ বাবে প্ৰয়োজনীয় চিকিৎসা সঁজুলি ক্ৰয়ত সহায়ক হ'ব বুলি উল্লেখ কৰে ।

গৌতম গম্ভীৰ
গৌতম গম্ভীৰ

আনহাতে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৰ্থিক সাহায্য পূঁজিলৈ নিজৰ দুইবছৰৰ দৰমহা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে খেলুৱৈগৰাকীয়ে । ইয়াৰ লগতে সাহায্য প্ৰদানৰ বাবে সাংসদৰ স্থানীয় ক্ষেত্ৰ বিকাশ যোজনালৈ ১ কোটি টকা সাহয্য পূৰ্বতেই প্ৰদান কৰিছে । ইপিনে গৌতম গম্ভীৰ ফাউনডেশ্বনেও নতুন দিল্লীত দৰিদ্ৰ লোকসকলক খাদ্য সামগ্ৰী বিতৰণ কৰিছে ।

"অশিক্ষিত গাহৰি" টুইট কৰি স্পষ্টিকৰণো দিলে ববীতা ফগাটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.