অসম

assam

মুখ্যমন্ত্ৰীৰ গৃহ চহৰত ফুটবল খেল খেলি কাৰ বিৰুদ্ধে প্ৰতিবাদত নামিব জুবিন গাৰ্গ

By

Published : Jan 24, 2020, 3:14 PM IST

শ্লোগানেৰে নহয় এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত খেল খেলি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ'ৱ জুবিন গাৰ্গে

zubeen will play footbal match at Dibrugarh
ফুটবল খেল খেলি কাৰ বিৰুদ্ধে প্ৰতিবাদত নামিব জুবিন গাৰ্গ

ডিব্ৰুগড়,24 জানুৱাৰীঃ এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জুবিন গাৰ্গৰ এক অভিনৱ প্ৰতিবাদ । এই প্ৰতিবাদ আৰম্ভ হ'ব মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ পৰাই ৷ কিন্তু শ্লোগানেৰে নহয়, ক্ষোভেৰেও নহয়, ফুটবল খেলি 'কা'ৰ বিৰোধিতা কৰিব জুবিন গাৰ্গে । ডিব্ৰুগড়ৰ চৌকিদিঙ্গি খেলপথাৰত এই ফুটবল মেছ অনুষ্ঠিত হ'ব আগন্তুক 27 জানুৱাৰীত । কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ হৈ জুবিন গাৰ্গ আৰু সতীৰ্থৰ টীমটোৱে ডিব্ৰুগড়ৰ চৌকিদিঙ্গি খেলপথাৰত নামিব 'কা'ৰ বিৰুদ্ধে ৷

মুখ্যমন্ত্ৰীৰ গৃহ চহৰত ফুটবল খেল
ফুটবল খেল খেলি কাৰ বিৰুদ্ধে প্ৰতিবাদত নামিব জুবিন গাৰ্গ
ফুটবল খেল খেলি কাৰ বিৰুদ্ধে প্ৰতিবাদত নামিব জুবিন গাৰ্গ

ইফালে আন্দোলনৰ ধাৰা অব্যাহত ৰাখি 28 জানুৱাৰীত ডিগবৈতো কাৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলি টীমটোৱে আনখন ফুটবল মেছত অংশগ্ৰহণ কৰিব । ডিব্ৰুগড়ত ৱেক আপ গাইজ ফুটবল ক্লাৱ( Wake up guys FC) দলৰ সৈতে 27 জানুৱাৰী দিনা দিনৰ 1:30 বজাত প্ৰতিদ্বন্দিতাত নামিব জুবিনৰ দলটোৱে ৷ জুবিনৰ সৈতে গায়ক নীল আকাশ,বাবু বৰুৱা,সংগীত পৰিচালক অজয় ফুকন, গীতিকাৰ শশাংক সমীৰ,গায়ক নেকিবে ফুটবল খেলখনত অংশ ল'ব বুলি জানিব পৰা গৈছে । কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ সাহাৰ্যাথে তথা কাৰ বিৰোধিতাৰে আয়োজন কৰা এই প্ৰীতি ফুটবল খেললৈ ৰাইজক নিমন্ত্ৰণ জনাইছে জুবিন গাৰ্গে ৷

লগতে পঢ়কঃৰংঘৰৰ বাকৰিত বলীউড অভিনেত্ৰী কৰিশ্মা তন্না

ABOUT THE AUTHOR

...view details