অসম

assam

আমাজন প্ৰাইমত মুক্তি লাভ কৰিব তামিল ছবি 'মাষ্টাৰ'

By

Published : Jan 27, 2021, 12:34 PM IST

13 জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰা তামিল ছবি 'মাষ্টাৰ' পুনৰ আমাজন প্ৰাইম ভিডিঅ'ত ডিজিটেল প্ৰীমিয়াৰ হ'ব ৷ ছবিখনত অভিনয় কৰিছে থালাপাথী বিজয় আৰু বিজয় ছেথুপাঠিয়ে ৷

আমাজন প্ৰাইমত মুক্তি লাভ কৰিব তামিল ছবি 'মাষ্টাৰ'
আমাজন প্ৰাইমত মুক্তি লাভ কৰিব তামিল ছবি 'মাষ্টাৰ'

চিটাৰা নিউজ,27 জানুৱাৰী: 29জানুৱাৰীত আমাজন প্ৰাইম ভিডিঅ'ত ডিজিটেল প্ৰীমিয়াৰ হ'ব থালাপাথী বিজয় আৰু বিজয় ছেথুপাঠি অভিনীত তামিল একচন ধৰ্মী ছবি ''মাষ্টাৰ'' ৷ বুধবাৰে ষ্টিমাৰে প্ৰকাশ কৰে এই কথা ৷ লোকেশ কানাগাৰাজৰ দ্বাৰা লিখা আৰু পৰিচালনা কৰা আৰু জাভিয়াৰ ব্ৰিটোৰ দ্বাৰা প্ৰযোজনা কৰা ছবিখন পোংগলৰ সময়ত ১৩ জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিছিল । ছবিখনত এজন সুৰাপান কৰা অধ্যাপকৰ চৰিত্ৰত অভিনয় কৰে বিজয় আৰু এটা গেংষ্টাৰৰ মূল নেতাৰ চৰিত্ৰত অভিনয় কৰে ছেথুপাঠিয়ে, যিয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক অপৰাধ মূলক কাম-কাজত নিয়োগ কৰে ৷

ছবিখনত অভিনয় কৰা বিজয়ে কয় যে,তেওঁ খুব আনন্দিত ৷ কাৰণ অনুৰাগী সকলে ভাৰত আৰু সমগ্ৰ বিশ্বত আমাজন প্ৰাইম ভিডিঅ'ত ছবিখন উপভোগ কৰিব পাৰিব । অভিনেতাজনে এক বিবৃতিত প্ৰকাশ কৰে, মই নিশ্চিত যে এই ছবিখনে দৰ্শকক বহু আমোদ দিব ৷ ইফালে, ছেথুপাথিয়ে কয় যে আমাজনত ছবিখনৰ ডিজিটেল মুক্তি পোৱাটো মোৰ এক সপোনে আছিল ৷ তেওঁ লগতে কয়, আমাজন প্ৰাইম ভিডিঅ'ত ছবিখন মুক্তি পোৱাৰ পাচতে সকলোৰে বাবে এক সুবিধা হ'ব ৷ ডিজিটেল মাধ্যমৰ জৰিয়তে এই ছবিখন বিশ্বব্যাপি প্ৰচাৰ হ'ব আৰু সকলোৱে উপভোগ কৰিব পাৰিব ৷

উল্লেখ্য যে,"মাষ্টাৰ' ছবিখনে দুজন অতি শক্তিশালী অভিনেতাক ছবিখনত মুখামুখি কৰিছে ৷ যাৰ বাবে দৰ্শকে এই ছবিখন চাবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৷ ভাৰতৰ আমাজন প্ৰাইম ভিডিঅ'ৰ পৰিচালক আৰু প্ৰধান বিজয় সুব্ৰমণিয়ামে কয় যে "মাষ্টাৰ" হৈছে বছৰটোৰ আটাইতকৈ প্ৰত্যাশিত তামিল চিনেমা ৷ কোম্পানীটোৱে এই মাহত ভাৰত আৰু সমগ্ৰ ২৪০ খন দেশ আৰু অঞ্চলত ছবিখন প্ৰচাৰ হোৱাত আমি আনন্দিত হৈছো বুলি মন্তব্য কৰে সুব্ৰমণিয়ামে ৷ এই ডিজিটেল প্ৰিমিয়াৰৰ দ্বাৰা দৰ্শক সকলে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে প্ৰচাৰ হ'ব আৰু ঘৰতেই বহি সকলোৱে ছবিখন উপভোগ কৰিব পাৰিব ৷ এই "মাষ্টাৰ"ত মালবিকা মোহনন, এণ্ড্ৰিয়া যিৰেমিয়া, শান্তানু ভাগ্যৰাজ আৰু অৰ্জুন দাসে অভিনয় কৰিছে ।

অন্য এক খবৰৰ বাবে: প্ৰতিবাদত উত্তপ্ত দিল্লী: আহত 86 গৰাকী আৰক্ষী

ABOUT THE AUTHOR

...view details