অসম

assam

Kangana on oscar slapping incident: ক্ৰিছৰ গালত স্মিথৰ চৰৰ প্ৰতিক্ৰিয়া কংগনাৰ

By

Published : Mar 29, 2022, 5:44 PM IST

বলীউডৰ পৰা ৰাজনীতিলৈকে সকলো ক্ষেত্ৰতে নিৰ্ভীক মন্তব্যৰ বাবে জনাজাত বলীউড তাৰকা কংগনা ৰাণাৱটে শেহতীয়াকৈ অস্কাৰ ২০২২ৰ মঞ্চত সংঘটিত ঘটনাক লৈ নিজৰ মত প্ৰকাশ কৰিছে (Kangana on oscar slapping incident) ৷

Oscars 2022
কংগনাৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, 29 মাৰ্চ: অস্কাৰৰ ৯৪ তম বঁটা প্ৰদান অনুষ্ঠান সকলোৰে বাবে চিৰস্মৰণীয় হৈ ৰ’ব (94th academy awards) ৷ অস্কাৰৰ ইতিহাসত চিৰদিনৰ কাৰণে থাকি যাব ক্ৰিছ ৰকক উইল স্মিথে থপৰিওৱাৰ ঘটনা ৷ সামাজিক মাধ্যমত ইয়াকে লৈ তুমুল চৰ্চা বিগত দুটা দিনত ৷ বলীউড হলীউডৰ বহু তাৰকাই এই বিষয়ত নিজ নিজ মন্তব্য আগবঢ়াইছে ৷

বি-টাউন ডিভা কংগনা ৰাণাৱটে ঘটনাটোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Kangana on oscar slapping incident) ৷ নিজৰ ইন্ষ্টাগ্ৰামত এটা ষ্টোৰী শ্বেয়াৰ কৰি কংগনাই লিখে যে, "যদি এজন মূৰ্খই মোৰ মাক বা ভনীৰ অসুস্থতাক লৈ মূৰ্খৰ গোট এটাক হঁহুৱাবলৈ চেষ্টা কৰে, তেন্তে মই তেওঁক @willsmith দৰেই চৰ মাৰিম... আশা কৰোঁ তেওঁ মোৰ #lockup লৈ আহিব" ৷ কংগনাই সম্পূৰ্ণৰূপে উইল স্মিথৰ পক্ষ ল’লে ৷

ক্ৰিছৰ গালত স্মিথৰ চৰ

উইল স্মিথে তেওঁৰ পত্নী জাইদা পিঙ্কেট স্মিথৰ ওপৰত ব্যংগত্মাক মন্তব্য কৰাৰ বাবে কৌতুক অভিনেতা ক্ৰিছ ৰকক চৰ মাৰিছিল । অনুষ্ঠান চলি থকাৰ মাজতে উঠি গৈ হোষ্ট কৰি থকা অৱস্থাতে ৰকক চৰ শোধাইছিল স্মিথে ৷ উপস্থিত দৰ্শক হতবাক হৈ পৰিছিল উক্ত ঘটনাটোত ৷ কাৰ্ডি বি, মাৰিয়া শ্ৰাইভাৰ, ট্ৰেভাৰ নোহ আদিকে ধৰি কেইবাজনো হলীউড তাৰকাই তেওঁলোকৰ সামাজিক মাধ্যমৰ জৰিয়তে মঞ্চত হোৱা হতাহতিৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ।

জি.আই.জেন শীৰ্ষক ছবিখনত চুলি নথকাৰ বাবেই চৰিত্ৰ ৰূপায়ন কৰিবলৈ পাইছিল বুলি ৰকে জাডাৰ ৰূপটোক লৈ উপহাস কৰিছিল (comedian chris rock humaliated in oscar 2022) ৷ প্ৰথমাৱস্থাত স্মিথে হাঁহি আছিল যদিও জাডা উক্ত মন্তব্যত প্ৰভাৱিত হোৱা যেন দেখা গৈছিল ৷ তাৰ পিছতেই স্মিথে চৰ মাৰিবলৈ মঞ্চলৈ উঠি গৈছিল ৷ অস্কাৰৰ মঞ্চত এই ঘটনাই ভবাই তুলিছে সকলোকে ৷

লগতে পঢ়ক:অনুৰাগীৰ হাৰ্ট এটেক আহিব পৰাকৈ জেকলিনৰ এই লুক চাওঁক

ABOUT THE AUTHOR

...view details