চিটাৰা ডেস্ক, ৩০ এপ্ৰিল: তামিল ছবিৰ নিৰ্দেশক তথা চিনেমেট'গ্ৰাফাৰ কে ভি আনন্দৰ পৰলোকপ্ৰাপ্তি । শুক্ৰবাৰে পুৱা চেন্নাইত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । হৃদৰোগত আক্ৰান্ত হৈ ৫৪ বছৰ বয়সত মৃত্যু হয় ছবি নিৰ্দেশকগৰাকীৰ । উল্লেখ্য যে, কে ভি আনন্দে শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফীৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ।
তেওঁ 'কানা কান্দেন', 'আয়ান', 'কো', 'মাত্ৰান', 'আনেগন', 'কাৱন' আৰু 'কাপ্পান'ৰ আদি ছবিৰ নিৰ্দেশনা কৰিছিল । ১৯৯৪ চনত কে ভি আনন্দে মালায়ালম ছবি 'থেনমাভিন কোমবাথ'ৰ জৰিয়তে চিনেমেট'গ্ৰাফাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল ।