অসম

assam

হম আপকে হে কৌন মুক্তিৰ 26টা বছৰ সম্পন্ন,মাধুৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ ফটো

By

Published : Aug 5, 2020, 8:08 PM IST

মাধুৰী দীক্ষিত আৰু চলমান খান অভিনীত হিট ছবি হম আপকে হে কৌন মুক্তিৰ 26 টা বছৰ সম্পূৰ্ণ ৷ এই উপলক্ষে মাধুৰী দীক্ষিতে টুইটাৰ যোগে বিশেষ ফটো শ্বেয়াৰ কৰি ধন্যবাদ জ্ঞাপন কৰিলে অনুৰাগীসকলক ৷

madhuri dixit celebrate 26 years of Hum aapke hain koun
মাধুৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ ফটো

চিটাৰা ডেস্ক,5 আগষ্টঃ 1994 চনত ৰিলিজ হোৱা ৰোমান্টিক ড্ৰামা হম আপকে হে কৌন এনেকুৱা এখন ছবি, যাক ধৰা হয় বলীউডৰ এভাৰগ্ৰীণ ছবিৰ শাৰীত ৷

এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মাধুৰী দীক্ষিত আৰু চলমান খানে ৷ ছবিখন আজি অৰ্থাৎ বুধবাৰে সম্পূৰ্ণ মুক্তিৰ 26 টা বছৰ ৷এই বিশেষ ক্ষণত 26 বছৰৰ পূৰ্বৰ ছবিখনৰ এখন বিশেষ ফটো আৰু একেটা প'জতে বৰ্তমান সময়ৰ এখন ফটো ক'লাজ বনাই শ্বেয়াৰ কৰে অভিনেত্ৰী মাধুৰী দীক্ষিতে ৷

এই ফটোৰ লগত তেওঁ লিখিছে, "তেতিয়া আৰু এতিয়া ! বিশ্বাসে হোৱা নাই যে এই ছবিখনে 26 টা বছৰ সম্পূৰ্ণ কৰিলে ৷ দলটোৰ কষ্ট আৰু আমোদজনক স্মৃতি মনত পৰি গ'ল, দলটোৱে ছবিখন পাৰফেক্ট কৰিবলৈ একো সুবিধাই এৰা নাছিল ৷"

90 দশকৰ এই ছবিখন সেই সময়ত বক্স অফিচত 100 কোটি ক্লাৱ অৰ্জন কৰা প্ৰথমখন ভাৰতীয় ছবি আছিল ৷ ইয়াৰোপৰি ছবিখনে মুঠ 13 টা শিতানত ফিল্মফেয়াৰ এৱাৰ্ড অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়কঃকৰীণাৰ ওপৰত খং উজাৰি কংগনাই ক'লে, "আপোনালোক সকলোৱে বলীউডক বুলীউড কৰি পেলালে"

ABOUT THE AUTHOR

...view details