অসম

assam

Vicky-Katrina wedding : বিকী-কেটৰিনাৰ বিবাহৰ এমাহ সম্পূৰ্ণ

By

Published : Jan 9, 2022, 9:42 PM IST

বলীউডৰ অভিনেতা বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিবাহৰ এমাহ সম্পূৰ্ণ (Vicky Katrina marriage one month complete)। বিশেষ মূহুৰ্তত সামাজিক মাধ্যমত কেটৰিনা কাঈফে শ্বেয়াৰ কৰিলে বিশেষ ফটো । সকলোৱে শুভেচ্ছা জনালে বলীউডৰ দম্পতীটোক ।

Vicky Katrina wedding
বিকী কেটৰিনাৰ বিবাহৰ এমাহ সম্পূৰ্ণ

চিটাৰা ডেস্ক, ৯ জানুৱাৰী :যোৱা ৯ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল বলীউডৰ অভিনেতা বিকী কৌশল আৰু অভিনেত্ৰী কেটৰিনা কাঈফ । এমাহ পূৰ্বে বিকী-কেটৰিনাৰ বিয়াই সমগ্ৰ বলীউড প্ৰেমীৰ মাজত উন্মাদনাৰ সৃষ্টি কৰিছিল । তেওঁলোকৰ বিয়াৰ এমাহ সম্পূৰ্ণ হোৱাৰ লগে লগে দুয়োগৰাকীয়ে উদযাপন কৰিছে বিশেষ দিনটো (Vicky Katrina marriage one month complete)।

দুয়োগৰাকীয়ে সামাজিক মাধ্যমত এই বিশেষ দিনটো উদযাপন কৰাৰ মূহুৰ্ত শ্বেয়াৰ কৰিছে । দুয়োগৰাকীয়ে আলিংগন কৰি থকা এখন বিশেষ ফটো কেটৰিনাই শ্বেয়াৰ কৰিছে । ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীয়ে ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলেও বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

কেটৰিনা কাঈফৰ পোষ্টটোত বলীউডৰ বহু তাৰকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । অভিনেত্ৰী দীয়া মিৰ্জা, নেহা ধুপিয়া, বাণী কাপুৰকে ধৰি বহু তাৰকাই হাৰ্ট ইমোজিৰে কমেন্ট দিয়া দেখা গৈছে । অনুৰাগীসকলেও দুয়োগৰাকীকে অসংখ্য শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে, ৯ ডিচেম্বৰত ৰাজস্থানৰ চৱাই মাধোপুৰৰ Six Senses Fortত বিবাহপাশত আৱদ্ধ হৈছিল বিকী আৰু কেটৰিনা(Vicky-Katrina wedding) ৷ বিয়াৰ পাছতে মালদ্বীপলৈও গৈছিল নৱবিবাহিত দম্পতী । শেহতীয়াকৈ পৰিয়ালৰ উপস্থিতিত ধৰ্মীয় ৰীতি নীতিৰে তেওঁলোকে নতুন ঘৰত প্ৰৱেশ কৰিছিল ।

লগতে পঢ়ক :Aamir Ali-Sanjeeda Shaikh's fairy tale love story ends : আমীৰ-সঞ্জিদাৰ যুগ্মজীৱনৰ সামৰণি

TAGGED:

ABOUT THE AUTHOR

...view details