অসম

assam

অজয় দেৱগনৰ জন্মদিনত আৰ আৰ আৰৰ প্ৰথটো লুক শ্বেয়াৰ

By

Published : Apr 2, 2021, 2:15 PM IST

শুকুৰবাৰে বলীউডৰ তাৰকা অজয় দেৱগনৰ ৫২ সংখ্যক জন্মদিন উপলক্ষে তেওঁৰ আহিবলগীয়া ছবি আৰ আৰ আৰৰ প্ৰথটো লুক মোচন পোষ্টাৰ শ্বেয়াৰ কৰে ছবিখনৰ নিৰ্মাতাসকলে ।

অজয় দেৱগনৰ জন্মদিন উপলক্ষে আৰ আৰ আৰৰ প্ৰথটো লুক শ্বেয়াৰ
অজয় দেৱগনৰ জন্মদিন উপলক্ষে আৰ আৰ আৰৰ প্ৰথটো লুক শ্বেয়াৰ

চিটাৰা ডেস্ক, ২ এপ্ৰিল: শুকুৰবাৰে বলীউডৰ তাৰকা অজয় দেৱগনৰ ৫২ সংখ্যক জন্মদিন । জন্মদিন উপলক্ষে তেওঁৰ আহিবলগীয়া ছবি আৰ আৰ আৰৰ প্ৰথটো লুক মোচন পোষ্টাৰ শ্বেয়াৰ কৰে ছবিখনৰ নিৰ্মাতাসকলে । ছবিখনৰ পৰিচালক এছ এছ ৰাজামৌলীয়ে অজয়ৰ চৰিত্ৰৰ নাম প্ৰকাশ নকৰাকৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মোচন পোষ্টাৰ টুইটযোগে শ্বেয়াৰ কৰে ।

কিছুদিন পূৰ্বে, ছবিখনৰ নিৰ্মাতাসকলে আলিয়া ভাট আৰু ৰাম চৰণৰ জন্মদিনতো প্ৰথম লুক পোষ্টাৰ উন্মোচন কৰিছিল । ছবিখনত অজয় দেৱগন, আলিয়া ভাট আৰু ৰাম চৰণৰ উপৰিও জুনিয়ৰ এনটিআৰ, চামুথীৰাকানি, অলিভিয়া মৰিছ, এলিচন ডুডি আৰু ৰে ষ্টীভচনেও অভিনয় কৰিছে ।

ছবিখনত, আলিয়াক ৰাম চৰণৰ বিপৰীতে অভিনয় কৰা দেখা গৈছে । আনহাতে জুনিয়ৰ এনটিআৰে অলিভিয়াৰ সৈতে ৰোমাঞ্চ কৰা দেখা যাব । স্বাধীনতাৰ পূৰ্বৰ এটা যুগত নিৰ্ধাৰিত এক কাল্পনিক কাহিনীৰ আধাৰত নিৰ্মিত হ'ব ছবিখন । দুগৰাকী মুক্তিযোদ্ধা আলুৰী চিতাৰাম ৰাজু আৰু কোমাৰাম ভীমৰ জীৱনৰ ওপৰত আধাৰিত আৰ আৰ ছবিখন ।

২০২০ চনৰ ৩০ জুলাইত ছবিখন মুক্তিলাভ কৰাৰ কথা আছিল । কিন্তু অতিমাৰী আৰু কৰ'ণা ভাইৰাছৰ লগতে কলা-কুশলীসকলৰ শাৰীৰিক অসুস্থতা আৰু ব্যস্ততাৰ ফলত ছবিখন মুক্তিলাভ কৰাত পলম হোৱা বুলি জানিব পৰা গৈছে । লক ডাউনৰ অন্তত বিগত বৰ্ষৰ অক্টোবৰ মাহত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম সমাপ্ত হয় । সম্প্ৰতি ছবিখন প্ৰযোজনা কৰি থকা হৈছে । অৱশেষত দৰ্শকৰ অপেক্ষাৰ অৱসান ঘটাই বহু চৰ্চিত এই ছবিখনে চলিত বৰ্ষত ১৩টা ভাষাত মুক্তিলাভ কৰিব ।

লগতে পঢ়ক: উদয়পুৰত উপস্থিত অভিনেত্ৰী কংগনা ৰাণাৱট

ABOUT THE AUTHOR

...view details