অসম

assam

ভাৰতীয় বজাৰত বিৰল Sputnik V Vaccineৰ বাবে চিন্তিত জনসাধাৰণ

By

Published : Aug 30, 2022, 4:12 PM IST

People who took Sputnik V vaccine are in dilemma over booster dose
ভাৰতীয় বজাৰত বিৰল Sputnik V Vaccineৰ বাবে চিন্তিত জনসাধাৰণ

ভাৰতীয় বজাৰত বিৰল স্পুটনিক ভি ভেকচিন । স্পুটনিক ভি ভেকচিনৰ বাবে উপলব্ধ নহয় বুষ্টাৰ ড’জ, যাৰ ফলত এতিয়া স্পুটনিক ভি ভেকচিন গ্ৰহণ কৰা লোকসকলৰ বাবে সৃষ্টি হৈছে অসুবিধাৰ(Sputnik V vaccine are in dilemma over booster dose) ।

নেশ্যনেল ডেস্ক, 30 আগষ্ট: Covid-19ৰ প্ৰতিষেধকৰ দুটা ড’জৰ পিছত এতিয়া তৃতীয়টো অৰ্থাৎ বুষ্টাৰ ড’জ প্ৰদান কৰা হৈছে । ইয়াৰ বাবে কৰ্তৃপক্ষই সকলোকে বুষ্টাৰ ড’জ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে । যিসকলে Covishieldবা Covaxinগ্ৰহণ কৰিছিল তেওঁলোকে এতিয়া নিৰ্ধাৰিত সময় অনুসৰি বুষ্টাৰ ড’জ গ্ৰহণ কৰিছে ।

কিন্তু যিসকলে স্পুটনিক ভি লৈছিল তেওঁলোকে এতিয়া কি কৰিব ? এনে লাগে যেন কেন্দ্ৰীয় চৰকাৰে ক্ৰছ ভেকচিনৰ কথা চিন্তা কৰিছে । ভাৰতীয় বজাৰত স্পুটনিক ভি খুব কমেই উপলব্ধ ৷ স্পুটনিক ভি ভেকচিনৰ বাবে বুষ্টাৰ ড’জ উপলব্ধ নহয় । যাৰ ফলত এতিয়া স্পুটনিক ভি ভেকচিন গ্ৰহণ কৰা ব্যক্তিসকল চিন্তিত হৈ পৰিছে ।

পশ্চিমবংগৰ সোণাৰপুৰৰ বাসিন্দা ছামিক ঘোষে কয়, "বিগত বছৰৰ আগষ্ট মাহত মই এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা স্পুটনিক ভিৰ দুটা ড'জ লৈছিলো । এতিয়া বুষ্টাৰ ড'জ লোৱাৰ সময় । কিন্তু ভেকচিনটো ক'তো উপলব্ধ নহয়, গতিকে মই সমস্যাৰ সন্মুখীন হৈছো । এতিয়া মই ক্ৰছ ভেকচিনৰ বিষয়ে শুনিছো । কিন্তু পিছলৈ কোনো সমস্যা হ'ব নে নহয় তাৰ কোনো তথ্য মোৰ হাতত নাই ।" কিন্তু কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে ক্ৰছ ভেকচিনেচন ফলপ্ৰসূ। আনহাতে, ক্ৰছ ভেকচিনেচনেও মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ।

ইফালে, ভেকচিন ট্ৰায়েলৰ সুবিধা প্ৰদানকাৰী স্মনেন্দু কনাৰে এনেদৰে মন্তব্য প্ৰকাশ কৰি কয়, "স্পুটনিকৰ প্ৰথমটো ড'জ বুষ্টাৰ ড'জ হিচাপে দিয়া হৈছিল । কিন্তু এতিয়া এয়া বজাৰত উপলব্ধ নহয় । কেন্দ্ৰীয় চৰকাৰে ক্ৰছ ভেকচিনেশ্যনৰ কথা চিন্তা কৰি এটা ভাল সিদ্ধান্ত লৈছে । আমি বিদেশত এই বিষয়টোৰ ওপৰত বহু অধ্যয়ন দেখিবলৈ পাইছো ।" দেশসমূহত, ইয়াৰ ফলাফল অতি ভাল । আমি ভাৰততো ইয়াক পৰীক্ষা কৰিছো ।" কিন্তু ক্ৰছ ভেকচিনেশ্যনৰ ওপৰত অধিক পৰীক্ষাৰ প্ৰয়োজন আছে বুলিও কয় স্মনেন্দুৱে ।

লগতে পঢ়ক :ক'ভিড ১৯ৰ intranasal vaccineৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন

ABOUT THE AUTHOR

...view details