ETV Bharat / science-and-technology

ক'ভিড ১৯ৰ intranasal vaccineৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন

author img

By

Published : Aug 16, 2022, 1:13 PM IST

mds13-tl-bharat-biotech-intranasal-vaccine
ক'ভিড ১৯ৰ intranasal vaccineৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন

ভাৰত বায়’টেক ইণ্টাৰনেশ্যনেল লিমিটেডে এক বিজ্ঞপ্তিৰ জৰিয়তে কয় যে ক’ভিড-১৯ ইন্ট্ৰানেজেল ভেকচিন BBV154ৰ নিয়ন্ত্ৰিত ক্লিনিকেল ট্ৰায়েলৰ তৃতীয় পৰ্যায়ত সুৰক্ষিত, সুসহনীয়, আৰু ইমিউন’জেনিক বুলি প্ৰমাণিত ।

নেশ্যনেল ডেস্ক, 16 আগষ্ট : ভাৰত বায়'টেক(BBIL) ইণ্টাৰনেশ্যনেল লিমিটেডে সোমবাৰে কয় যে, নিয়ন্ত্ৰিত ক্লিনিকেল ট্ৰায়েলৰ তৃতীয় পৰ্যায়ত তেওঁলোকৰ ক'ভিড-১৯ ইন্ট্ৰানেজেল ভেকচিন BBV154ৰ (COVID-19 intranasal vaccine) সুৰক্ষিত, সুসহনীয়, আৰু ইমিউন'জেনিক বুলি প্ৰমাণিত হৈছে । ভেকচিন গ্ৰহণ কৰাৰ পূৰ্বে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত ইয়াৰ মূল্যায়ন কৰি এই ভেকচিনৰ সফল ফলাফল পোৱা গৈছিল(COVID 19 intranasal vaccine Phase III trials over) ।

উল্লেখ্য যে, BBV154 ভেকচিন বিশেষভাৱে নাকৰ দ্বাৰা দিব পৰাকৈ প্ৰস্তুত কৰা হৈছে । তদুপৰি, কম আৰু মধ্যম আয়ৰ দেশসমূহত ব্যয়বহুল হ'ব পৰাকৈ intranasal delivery ব্যৱস্থাটো ডিজাইন আৰু বিকশিত কৰা হৈছে বুলি ভেকচিন নিৰ্মাতা কোম্পানীটোৰ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰে ।

ৱাশ্বিংটন ইউনিভাৰ্চিটি ছেইণ্ট লুইছৰ(Washington University St Louis) সৈতে অংশীদাৰিত্বৰে প্ৰস্তুত কৰা হৈছে এই BBV154 ভেকচিন ৷ যিয়ে পুনঃসংযোজিত এডিন'ভাইৰেল ভেক্টৰযুক্ত কনষ্ট্ৰাক্টসমূহৰ(Adenoviral vectored constructs and Evaluated) ডিজাইন আৰু বিকাশ কৰিছিল আৰু প্ৰাক্-ক্লিনিকেল অধ্যয়নত ইয়াৰ কাৰ্যকাৰিতা মূল্যায়ন কৰিছিল ।

প্ৰাক-ক্লিনিকেল সুৰক্ষা মূল্যায়ন, বৃহৎ পৰিসৰৰ উৎপাদন স্কেল-আপ, প্ৰস্তুতি, আৰু মানৱ ক্লিনিকেল পৰীক্ষাকে ধৰি ডেলিভাৰী ডিভাইচ বিকাশৰ সৈতে জড়িত পণ্য বিকাশ ভাৰত বায়'টেকে সম্পন্ন কৰিছিল(Bharat Biotech International Limited) । কেন্দ্ৰীয় চৰকাৰে জৈৱ প্ৰযুক্তি বিভাগৰ, ক'ভিড সুৰক্ষা কাৰ্যসূচীৰ জৰিয়তে সামগ্ৰী বিকাশ আৰু ক্লিনিকেল ট্ৰায়েলৰ বাবে আংশিক ধন আগবঢ়াইছিল(Product development and clinical trials) ।

লগতে পঢ়ক : Ava Bracelet: আগতীয়াকৈ জানিব পাৰিব, আপুনি ক'ভিডত আক্ৰান্ত হ'ব নেকি ?

BBV154ক প্ৰাথমিক ড'জ (2nd Dose) সূচী আৰু হেটেৰ'ল'গাছ বুষ্টাৰ ড'জ হিচাপে মূল্যায়ন কৰিবলৈ দুটা পৃথক আৰু একেলগে ক্লিনিকেল ট্ৰায়েল কৰা হৈছিল যিসকল ব্যক্তিয়ে পূৰ্বে ভাৰতত সাধাৰণতে প্ৰয়োগ কৰা দুটা ক'ভিড ভেকচিনৰ দ্বিতীয় পালি লাভ কৰিছে ।

ভাৰত বায়'টেকৰ যুটীয়া পৰিচালন সঞ্চালিকা সুচিত্ৰ কে এলাই কয় যে, "এই স্বাধীনতা দিৱসৰ দিনা আমি BBV154ক ইন্ট্ৰানেজেল ভেকচিনৰ(BBV154 intranasal vaccine) ক্লিনিকেল ট্ৰায়েল সফলভাৱে সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰি গৌৰৱান্বিত হৈছো । আমি উদ্ভাৱন আৰু প্ৰডাক্ট ডেভেলপমেণ্টৰ ওপৰত প্ৰতিশ্ৰুতিবদ্ধ আৰু মনোনিৱেশ কৰি থাকিম, এয়া ভাৰত বায়'টেকৰ বহুবিষয়ক দলসমূহৰ বাবে আন এক সাফল্য ।"

যদিহে অনুমোদিত হয় তেন্তে নাকৰ ভিতৰত ভেকচিনে সহজে প্ৰদান কৰিব পৰা প্ৰস্তুতি আৰু delivery deviceৰ সৈতে গণ প্ৰতিষেধক অভিযানত নিয়োগ কৰাটো সহজ কৰি তুলিব বুলিও তেওঁ কয় । প্ৰাথমিক মাত্ৰা সূচী তৃতীয় পৰ্যায়ৰ পৰীক্ষাসমূহ সুৰক্ষাৰ বাবে, আৰু প্ৰায় ৩,১০০ জন ব্যক্তিৰ ইমিউন'জেনেচিটিৰ বাবে কৰা হৈছিল, আৰু ক'ভাক্সিনৰ সৈতে তুলনা কৰা হৈছিল । সমগ্ৰ ভাৰতৰ ১৪টা ট্ৰায়েল ছাইটত এই ট্ৰায়েলসমূহ সম্পন্ন কৰা হৈছিল ।

প্ৰায় ৮৭৫ জন ব্যক্তিৰ ওপৰত সুৰক্ষা আৰু ইমিউন'জেনিচিটিৰ বাবে হেটেৰ'ল'গাছ বুষ্টাৰ ড'জ অধ্যয়ন কৰা হৈছিল, য'ত পূৰ্বে অনুজ্ঞাপত্ৰপ্ৰাপ্ত ক'ভিড ভেকচিনৰ টিকাকৰণ কৰা অধ্যয়নত অংশগ্ৰহণকাৰীসকলক BBV154ক ইন্ট্ৰানেজেল ভেকচিনৰ বুষ্টাৰ ড'জ (3rd Dose) প্ৰদান কৰা হৈছিল । সমগ্ৰ ভাৰতৰ ৯টা ট্ৰায়েল ছাইটত এই ট্ৰায়েলসমূহ সম্পন্ন কৰা হৈছিল ।

লগতে পঢ়ক : ক’ভিড-19 ৰ ভেকচিন নোলোৱা সকলে ভেকচিন লোৱা সকলৰ মাজত বঢ়াইছে আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.