অসম

assam

Pakistan Economic Crisis : পাকিস্তানৰ তৈল ভাণ্ডাৰ সমাপ্তিৰ দিশে

By

Published : Jan 21, 2023, 8:11 PM IST

পাকিস্তানৰ অৰ্থনৈতিক সংকট অধিক অৱনতি হ'ব পাৰে । 'দ্য এক্সপ্ৰেছ ট্ৰিবিউন' নামৰ কাকতখনে আগবঢ়োৱা প্ৰতিবেদন অনুসৰি পাকিস্তানত পেট্ৰ'লৰ মজুত অতি সোনকালে শেষ হ'ব পাৰে (petrol reserve may out in Pakistan) । এই সমস্যা সমাধানৰ বাবে জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে যদিও কোনো সমাধানৰ পথ ওলোৱা নাই ।

Pakistan
Pakistan

ইণ্টাৰনেচনেল ডেস্ক, ২১ জানুৱাৰী : পেট্ৰ'লিয়াম বিভাগে পাকিস্তানৰ ষ্টেট বেংকক সতৰ্ক কৰি দিছে যে পেট্ৰ'লিয়াম সামগ্ৰীৰ মজুত ভাণ্ডাৰ যিকোনো মুহূৰ্ততে শেষ হৈ যাব পাৰে । কিয়নো বেঙ্কবোৰে আমদানিৰ বাবে ঋণপত্ৰ (letters of credit, LAC) খুলিবলৈ আৰু নিশ্চিত কৰিবলৈ অস্বীকাৰ কৰিছে । 'দ্য এক্সপ্ৰেছ ট্ৰিবিউন'ৰ (The Express Tribune) বাতৰি অনুসৰি, অন্যান্য খণ্ডৰ দৰে আমেৰিকান ডলাৰৰ অভাৱ আৰু পাকিস্তানৰ ষ্টেট বেংকৰ (Pakistan State Bank, PSB) দ্বাৰা আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে পাকিস্তানৰ তেল উদ্যোগেও ঋণপত্ৰ (LAC) খোলাত বাধাৰ সন্মুখীন হৈছে (Pakistan Economic Crisis) ।

পাকিস্তান ষ্টেট অইলৰ (Pakistan State Oil) এটা তেল কাৰ্গো ইতিমধ্যে বাতিল কৰা হৈছে । ২৩ জানুৱাৰীত লোড হ'বলগা দ্বিতীয় কাৰ্গোৰ LAC এতিয়াও নিশ্চিত হোৱা নাই । SBP-ৰ গভৰ্ণৰলৈ লিখা এখন পত্ৰত পেট্ৰ'লিয়াম বিভাগে তেল শোধনাগাৰ আৰু বিপণন কোম্পানীবোৰে LAC স্থাপনত সন্মুখীন হোৱা অসুবিধাবোৰৰ প্ৰতি তেওঁৰ দৃষ্টি আকৰ্ষণ কৰে । সূত্ৰ অনুসৰি, পাক আৰব ৰিফাইনেৰী লিমিটেডে (Pak Arab Refinary Limited) প্ৰতিটোত 535,000 বেৰেলৰ দুটা কাৰ্গো খাৰুৱা তেল আমদানি কৰাৰ পৰিকল্পনা কৰিছে । কিন্তু বেংকবোৰে LAC খুলিবলৈ আৰু নিশ্চিত কৰিবলৈ ইচ্ছুক নহয় (petrol reserve may out in Pakistan) ।

তীব্ৰ অৰ্থনৈতিক সংকট, পাকিস্তানৰ তৈল ভাণ্ডাৰ শেষ হোৱাৰ আশংকা

'দ্য এক্সপ্ৰেছ ট্ৰিবিউন'ৰ বাতৰি অনুসৰি, পাকিস্তান ৰিফাইনেৰী লিমিটেডৰ (PRL) বাবে ৫,৩২,০০০ বেৰেলৰ খাৰুৱা তেলৰ কাৰ্গো ৩০ জানুৱাৰীত লোড কৰাৰ কথা আছে । অৱশ্যে ইয়াৰ LAC এতিয়াও নিশ্চিত হোৱা নাই আৰু ইয়াক ৰাজ্যিক মালিকানাধীন বেঙ্কৰ সৈতে আলোচনা কৰা হৈছে । পাকিস্তান ষ্টেট অইলৰ (Pakistan State Oil, PSO) দুটা পেট্ৰ'ল কাৰ্গো, যিবোৰ শাৰীত আছে, স্থানীয় বেংকৰ দ্বাৰা LAC নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰি আছে । উদ্যোগ বিশেষজ্ঞসকলৰ মতে, অন্যান্য তেল বিপণন কোম্পানীৰ (OMC) যেনে জিঅ', বি এনাৰ্জি, এটক পেট্ৰ'লিয়াম, হেচকল পেট্ৰ'লিয়াম আদিৰ দ্বাৰা বুক কৰা 18 টা কাৰ্গোৰো LAC খুলিব আৰু নিশ্চিত কৰিব লাগিব ।

পাকিস্তানত পেট্ৰ'লৰ মজুত ভঁৰাল শেষ হোৱাৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে । 'দ্য এক্সপ্ৰেছ ট্ৰিবিউন'ৰ বাতৰি অনুসৰি, ১৩ জানুৱাৰীত এনেধৰণৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল । কিন্তু তাত বেংকসমূহে খাৰুৱা তেল আৰু পেট্ৰ'লিয়াম সামগ্ৰী আমদানিৰ বাবে OMC আৰু শোধনাগাৰৰ সপক্ষে LAC খুলিবলৈ বেংকবোৰে অস্বীকাৰ কৰাৰ কথা উল্লেখ কৰিছিল ।

লগতে পঢ়ক :Rishi Sunak fined by Police: ট্ৰেফিক নিয়ম উলংঘা কৰি জৰিমনা ভৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে

ABOUT THE AUTHOR

...view details