অসম

assam

শ্ৰীলংকাৰ দ্ৰুত অৰ্থনৈতিক পুনৰুদ্ধাৰত সহায় কৰিবলৈ সাজু ভাৰত

By

Published : Jun 24, 2022, 8:36 AM IST

Updated : Jun 24, 2022, 10:17 AM IST

india-ready-to-help-sri-lankas-quick-economic-recovery
india-ready-to-help-sri-lankas-quick-economic-recovery ()

আৰ্থিক সংকটৰ পৰা এতিয়াও কঁকাল পোনাব পৰা নাই দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাই (Sri Lanka Economic crisis) । অগণিত ধাৰৰ বোজাই কোঙা কৰিছে দেশৰ পৰিস্থিতি । যাৰ ফলত সমগ্ৰ ৰাষ্ট্ৰখনত খাদ্য, ঔষধ, ৰন্ধন গেছ আৰু ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ ফলত আকাশলংঘী মূল্য বৃদ্ধি হয় ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 22 জুন : শ্ৰীলংকাত অব্যাহত আছে ভয়ংকৰ অৰ্থনৈতিক সংকট (worst economic crisis in Sri Lanka)৷ ১৯৪৮ চনত স্বাধীনতাৰ পিছত ভয়াবহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে ৰাষ্ট্ৰখন ৷ যাৰ ফলত সমগ্ৰ ৰাষ্ট্ৰখনত খাদ্য, ঔষধ, ৰন্ধন গেছ আৰু ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ ফলত আকাশলংঘী মূল্য বৃদ্ধি হয় ৷

ভাৰত আৰু শ্ৰীলংকাৰ শেহতীয়া বৈঠকৰ পিছত বৃহস্পতিবাৰে ভাৰতে শ্ৰীলংকাক অৰ্থনৈতিক পুনৰুদ্ধাৰত সহায় কৰাৰ আশ্বাস প্ৰদান কৰে (India ready to help Sri Lanka)৷ বৈদেশিক সচিব বিনয় কোৱাট্ৰাৰ নেতৃত্বত চাৰিজনীয়া প্ৰতিনিধি দলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্সাকে ধৰি দেশৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰি ৰাষ্ট্ৰখনৰ লগত বিনিয়োগ, সংযোগ বৃদ্ধি আৰু অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লয় ৷

ৰাষ্ট্ৰপতিগৰাকীৰক সাক্ষাৎ কৰি ভাৰত-শ্ৰীলংকা দ্বিপাক্ষিক সম্পৰ্কৰ বিকাশৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ বাবে ভাৰতৰ পক্ষই ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷ এগৰাকী ঘনিষ্ঠ প্ৰতিৱেশী হিচাপে ভাৰতে শ্ৰীলংকাক এই কঠিন পৰিস্থিতি অতিক্ৰম কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন আগবঢ়াব ৷ ভাৰতৰ প্ৰতিনিধি দলটোৱে ইন্ধন, ঔষধ, সাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদানৰ সন্দৰ্ভত পৰ্যালোচনা কৰে আৰু কয় যে ভাৰত চৰকাৰ শ্ৰীলংকাক সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ৷ প্ৰতিনিধি দলটোৱে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংঘেৰ সৈতেও সাক্ষাৎ কৰে আৰু দুয়োপক্ষই শ্ৰীলংকাৰ অৰ্থনীতি আৰু অৰ্থনৈতিক পুনৰুদ্ধাৰৰ দিশত শ্ৰীলংকা চৰকাৰে হাতত লোৱা প্ৰচেষ্টা সন্দৰ্ভত আলোচনাত মিলিত হয় ৷

দুয়োপক্ষই আন্তঃগাঁথনি, সংযোগ, নৱীকৰণযোগ্য শক্তি আৰু দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত ভাৰত-শ্ৰীলংকা বিনিয়োগ অংশীদাৰিত্বৰ প্ৰচাৰৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে ৷ বৈঠকত এক টুইটযোগে প্ৰধানমন্ত্ৰী বিক্ৰমসিংঘেই কয় যে বৈদেশিক সচিব কোৱাট্ৰাৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দলৰ সৈতে তেওঁ "এক উৎপাদনশীল আলোচনা" কৰিছে। "মই ভাৰতৰ সৈতে শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ বাবে আশাবাদী," তেওঁ টুইট কৰে ৷

উল্লেখ্য যে শ্ৰীলংকাৰ পক্ষই বিগত বহু বছৰ ধৰি সন্ত্ৰাসবাদ বিৰোধী, সামুদ্ৰিক সুৰক্ষা, দুৰ্যোগ ব্যৱস্থাপনা, মানৱীয় সহায়, উন্নয়ন সহযোগিতা, বাণিজ্যিক সম্পৰ্ক আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ দৰে বিভিন্ন ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ নিৰন্তৰ সমৰ্থনক প্ৰশংসা কৰে। ভাৰতৰ পৰা ৰাষ্ট্ৰখনক 5 বিলিয়ন আমেৰিকান ডলাৰৰ অধিক আৰু 600 নিযুত আমেৰিকান ডলাৰৰো অধিক সাহাৰ্য প্ৰদান কৰা হ'ব বুলি এক বিবৃতিত প্ৰকাশ কৰে ৷

"আমি এতিয়া ইন্ধন, গেছ, বিদ্যুৎ আৰু খাদ্যৰ অভাৱৰ বাহিৰেও অধিক গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ (Srilanka shortages of fuel, gas, electricity and food) । আমাৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে । আজি আমাৰ সন্মুখত সেয়াই আটাইতকৈ গুৰুতৰ বিষয় ।" প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘেই সংসদত কয় (Ranil Wickremesinghe told Parliament)।

লগতে পঢ়ক :Srilanka Economic crisis: দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ভাগি পৰিছে, শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ অসহায় স্বীকাৰোক্তি

Last Updated :Jun 24, 2022, 10:17 AM IST

ABOUT THE AUTHOR

...view details