Srilanka Economic crisis: দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ভাগি পৰিছে, শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ অসহায় স্বীকাৰোক্তি

author img

By

Published : Jun 22, 2022, 7:18 PM IST

Srilanka economic crisis

"আমি এতিয়া ইন্ধন, গেছ, বিদ্যুৎ আৰু খাদ্যৰ অভাৱৰ বাহিৰেও অধিক গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ (Srilanka shortages of fuel, gas, electricity and food) । আমাৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে । আজি আমাৰ সন্মুখত সেয়াই আটাইতকৈ গুৰুতৰ বিষয় । সংসদত এইদৰে কয় শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংহেই (Ranil Wickremesinghe told Parliament)।

নিউজ ডেস্ক, ২২ জুন : আৰ্থিক সংকটৰ পৰা এতিয়াও কঁকাল পোনাব পৰা নাই দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাই (Srilanka Economic crisis) । অগণিত ধাৰৰ বোজাই কোঙা কৰিছে দেশৰ পৰিস্থিতি । উৱাদিহ নোপোৱা হৈছে চৰকাৰে । আনহাতে, মূল্যবৃদ্ধিৰ জুয়ে দহিছে সাধাৰণ নাগৰিকক । তাৰ মাজতেই দেশখনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰাত শাসনৰ দায়িত্ব লয় নতুন প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংহেই (Prime Minister Ranil Wickremesinghe) । কিন্তু নতুন প্ৰধানমন্ত্ৰীয়ে দেশখনৰ ভগ্ন অৰ্থনীতি পুনৰুদ্ধাৰ কৰিবলৈ গৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে ।

তেনে পৰিস্থিতিত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীয়ে কয়, কেইবা মাহজোৰা খাদ্য, ইন্ধন আৰু বিদ্যুতৰ অভাৱৰ পিছত ঋণগ্ৰস্ত দেশখনৰ অৰ্থনীতি ধ্বংস হৈ গৈছে (Srilanka's debt-laden economy has collapsed)। আনকি দক্ষিণ এছিয়াৰ দ্বীপ ৰাষ্ট্ৰখনে আমদানিকৃত তেল ক্ৰয় কৰিবও নোৱাৰা হৈছে ।

"আমি এতিয়া ইন্ধন, গেছ, বিদ্যুৎ আৰু খাদ্যৰ অভাৱৰ বাহিৰেও অধিক গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ (Srilanka shortages of fuel, gas, electricity and food) । আমাৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে । আজি আমাৰ সন্মুখত সেয়াই আটাইতকৈ গুৰুতৰ বিষয় ।" প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংহেই সংসদত কয় (Ranil Wickremesinghe told Parliament)।

উল্লেখ্য, বিক্ৰমসিংহে দেশখনৰ বিত্তমন্ত্ৰীৰ দায়িত্বতো আছে (Wickremesinghe is also finance minister)। যিয়ে ঋণৰ বোজা, পৰ্যটন ৰাজহ হেৰুওৱা আৰু মহামাৰীৰ পৰা অন্যান্য প্ৰভাৱ আৰু সামগ্ৰীৰ ব্যয় বৃদ্ধিক সুস্থিৰ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে । তেওঁ আইন প্ৰণেতাসকলক জনোৱা মতে, বৰ্তমান চিলন পেট্ৰ'লিয়াম কৰ্পোৰেচনৰ (Ceylon Petroleum Corporation) ঋণৰ বোজা ৭০০ নিযুত ডলাৰ । যাৰ ফলস্বৰূপে পৃথিৱীৰ কোনো দেশ বা সংগঠনে তেওঁলোকক ইন্ধন যোগান ধৰিবলৈ ইচ্ছুক নহয় । তেওঁলোকে আনকি নগদ ধনৰ বিনিময়তো ইন্ধন যোগান ধৰিবলৈ অনিচ্ছুক বুলিও তেওঁ কয় । বিক্ৰমসিংহেই কয়, চৰকাৰে পৰিস্থিতি পুনৰুদ্ধাৰত সময়মতে কাম কৰাত ব্যৰ্থ হৈছে, কিয়নো শ্ৰীলংকাৰ বৈদেশিক ভাণ্ডাৰ হ্ৰাস পাইছে (Sri Lanka's foreign reserves dwindled) ।

"যদি অন্ততঃ আৰম্ভণিতে অৰ্থনীতিৰ পতন হ্ৰাস কৰিবলৈ পদক্ষেপ লোৱা গ'লহেঁতেন, তেন্তে আমি আজি এই কঠিন পৰিস্থিতিৰ সন্মুখীন নহ'লোঁহেঁতেন । কিন্তু আমি সেই সুযোগটো হেৰুৱাইছোঁ । আমি এতিয়া পতনৰ অটল গহ্বৰলৈ গতি কৰাৰ লক্ষণ দেখিছোঁ (signs of possible fall to rock bottom) ।" তেওঁ লগতে কয় ।

শ্ৰীলংকাই মুখ্যত চুবুৰীয়া দেশ ভাৰতৰ পৰা ৪ বিলিয়ন ডলাৰৰ ঋণ লাভ কৰিছে ($4 billion in credit lines from neighbouring India)। কিন্তু বিক্ৰমসিংহেই কয়, ভাৰতে শ্ৰীলংকাক বেছি দিন এই সাহায্য বাহাল ৰাখিব নোৱাৰিব । শ্ৰীলংকাই ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে এই বছৰ পৰিশোধ কৰিবলগীয়া ৭ বিলিয়ন ডলাৰৰ বিদেশী ঋণ (foreign debt due) পৰিশোধ স্থগিত ৰাখিছে । উদ্ধাৰ পেকেজৰ ওপৰত আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (International Monetary Fund) সৈতে যি আলোচনা হৈছিল তাৰ ফলাফল এতিয়াও লাভ কৰা নাই । ২০২৬ চনলৈকে বাৰ্ষিক গড়ে ৫ বিলিয়ন ডলাৰকৈ পৰিশোধ কৰিব লাগিব । বৈদেশিক মুদ্ৰাৰ সংকটৰ (Foreign currency crisis) ফলত ব্যাপক অভাৱ হৈছে । যাৰ ফলত মানুহে ইন্ধন, ৰন্ধন আৰু ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ দীঘলীয়া শাৰীত থিয় হ'বলৈ বাধ্য হৈছে ।

অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে শ্ৰীলংকা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.