অসম

assam

আফগান মহিলাক ক্ৰিকেট খেলাত নিষেধাজ্ঞা তালিবানৰ

By

Published : Sep 8, 2021, 8:23 PM IST

Taliban says women in Afghanistan won't be allowed to play sport
আফগান মহিলাক ক্ৰিকেট খেলাত নিষেধাজ্ঞা ()

ক্ৰিকেট বা অন্য ক্ৰীড়াত অংশ ল'ব নোৱাৰিব আফগান মহিলাই ৷ অন্তৰ্ৱতীকালীন চৰকাৰ গঠনৰ পাচতে আফগানিস্তানৰ মহিলাক ক্ৰিকেট খেলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা তালিবানৰ ৷

ইণ্টাৰনেশ্যনেল ডেস্ক , 8 ছেপ্তেম্বৰ : অন্তৰ্ৱতীকালীন চৰকাৰ গঠনৰ পাচতে দেশৰ মহিলাসকলক তালিবানৰ নিষেধাজ্ঞা ৷ চৰকাৰ গঠনৰ পাচতে আফগানিস্তানৰ মহিলাসকলক ক্ৰিকেট খেলাকে আদি কৰি অন্যান্য ক্ৰীড়াত অংশ লোৱাৰ ক্ষেত্ৰত তালিবানে নিষেধাজ্ঞা আৰোপ কৰিছে ৷ তালিবানৰ এই ঘোষণাৰ পাচতে এতিয়া নৱেম্বৰত Hobartত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচখনক লৈ অনিশ্চয়তা পৰিলক্ষিত হৈছে ৷

বুধবাৰে তালিবানে এই কথা ঘোষণা কৰে ৷ তালিবানৰ সাংস্কৃতিক আয়োগৰ উপ-মুৰব্বী Ahmadullah Wasiqএ এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে ৷ তেওঁ কয় যে, মহিলাসকলক ক্ৰিকেট খেলিবলৈ অনুমতি দিয়া হ'ব বুলি তেওঁ নাভাৱে কিয়নো মহিলাসকলে ক্ৰিকেট খেলাটো প্ৰয়োজনীয় নহয় ৷ তেওঁ কয় যে, ক্ৰিকেট খেলত তেওঁলোকৰ মুখ আৰু শৰীৰ ঢাকি ৰাখিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে আৰু ইছলাম তথা ইছলামিক আমিৰাতে(Islam and the Islamic Emirate) মহিলাসকলক ক্ৰিকেট খেলিবলৈ বা এনে ধৰণৰ খেল খেলিবলৈ অনুমতি নিদিয়ে য'ত তেওঁলোকৰ শৰীৰ উন্মোচিত হয় ৷

লগতে পঢ়ক :ম'ষ্ট ৱান্টেড তালিকাত থকা Global Terrorist আফগানিস্তানৰ নতুন আভ্যন্তৰীণ মন্ত্ৰী

উল্লেখ্য যে, ২০২০ চনৰ নৱেম্বৰত আফগানিস্তান ক্ৰিকেট ব'ৰ্ড(Afghanistan Cricket Board)এ 25 গৰাকী মহিলা ক্ৰিকেটাৰক কেন্দ্ৰীয় চুক্তি প্ৰদান কৰিছিল ৷ ব'ৰ্ডে কাবুলত ৪০ গৰাকী মহিলা ক্ৰিকেটাৰৰ বাবে ২১ দিনীয়া প্ৰশিক্ষণ শিবিৰো অনুষ্ঠিত কৰিছিল ৷ মহিলা ক্ৰিকেট নথকাৰ কথাটোৱে ICC য়ে Hobart Test বাতিল হোৱাৰ ইংগিত দিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত Wasiq য়ে তালিবানে আপোচ নকৰে বুলি মন্তব্য কৰে ৷

তেওঁ কয় যে, প্ৰয়োজনীয়তাৰ ভিত্তিত বজাৰ কৰা আদি কামৰ বাবে ইছলামে মহিলাসকলক বাহিৰলৈ যাবলৈ অনুমতি দিছে কিন্তু খেলক প্ৰয়োজন বুলি গণ্য কৰা নহয় ৷ তেওঁ কয়, "ক্ৰিকেট আৰু অন্যান্য ক্ৰীড়াক্ষেত্ৰত মহিলাসকলে ইছলামিক পোছাক বিধি নাপাব ৷ এয়া স্পষ্ট যে, তেওঁলোকৰ শৰীৰ উন্মোচিত হ'ব আৰু তেওঁলোকে পোছাক বিধি অনুসৰণ নকৰিব ৷ ইছলামে ইয়াৰ অনুমতি নিদিয়ে" ৷

তালিবানৰ পক্ষৰ পৰা এনে মন্তব্যৰ বিষয়ে অৱগত হোৱাৰ পাচতে অষ্ট্ৰেলিয়াৰ বাণিজ্য মন্ত্ৰী Dan Tehan য়ে মহিলা খেলুৱৈসকলক খেলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা তালিবানৰ সিদ্ধান্তক অবিশ্বাস্যভাৱে হতাশাজনক বুলি আখ্যা দিছে ৷

লগতে পঢ়ক :চীনে তালিবানেৰে সম্পৰ্ক উন্নত কৰিবলৈ নিশ্চয়কৈ ব্যৱস্থা ল’ব : জ’ বাইডেন

ABOUT THE AUTHOR

...view details