ম'ষ্ট ৱান্টেড তালিকাত থকা Global Terrorist আফগানিস্তানৰ নতুন আভ্যন্তৰীণ মন্ত্ৰী

author img

By

Published : Sep 8, 2021, 6:26 PM IST

Afghanistan's new Taliban govt includes hardliners with no women
ম'ষ্ট ৱান্টেড তালিকাত থকা global terrorist আফগানিস্তানৰ নতুন আভ্যন্তৰীণ মন্ত্ৰী ()

তালিবানে গঠন কৰিলে নতুন চৰকাৰ ৷ অন্তৱৰ্তীকালীন "ইছলামিক আমিৰাত"(Islamic Emirate)ত অন্তৰ্ভুক্ত হৈছে ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন(Federal Bureau of Investigation)ৰ 'ম'ষ্ট ৱান্টেড' তালিকাত থকা এজন শীৰ্ষ বিষয়া ৷ আভ্যন্তৰীণ মন্ত্ৰী হিচাপে মনোনীত হৈছে FBIএ মূৰৰ দাম ১০ নিযুত ডলাৰ ঘোষণা কৰা মৌলবী চাৰাজ উদ্দিন হাক্কানি (Molavi Saraj udin Haqqani) ৷ মন্ত্ৰীসভাত মহিলাৰ বাবে নাই কোনো স্থান ৷

ইণ্টাৰনেশ্যনেল ডেস্ক , 8 ছেপ্তেম্বৰ : আফগানিস্তান গণৰাজ্য পতন(fall of the Republic of Afghanistan)ৰ পাচত কট্টৰপন্থী(hardliners)সকলক লগত লৈ তালিবানে গঠন কৰিলে আফগানিস্তানৰ নতুন চৰকাৰ ৷ তালিবানে মঙলবাৰে ঘোষণা কৰা এই অন্তৱৰ্তীকালীন "ইছলামিক আমিৰাত"(Islamic Emirate)ত ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন(Federal Bureau of Investigation)ৰ 'ম'ষ্ট ৱান্টেড' তালিকাত থকা এজন শীৰ্ষ বিষয়াৰ নামো অন্তৰ্ভুক্ত হৈছে ৷

আভ্যন্তৰীণ মন্ত্ৰী হিচাপে মনোনীত হোৱা Molavi Saraj udin Haqqaniক সংযুক্ত ৰাষ্ট্ৰই al Qaedaৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি দাবী কৰাৰ লগতে global terrorist হিচাপে অভিহিত কৰিছে ৷ উল্লেখ্য যে, ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন(Federal Bureau of Investigation)ও Haqqaniৰ মূৰৰ দাম ১০ নিযুত ডলাৰ ঘোষণা কৰি থৈছে ৷

লগতে পঢ়ক : পৰিয়ালৰ সন্মুখতে মহিলা আৰক্ষীক গুলীয়াই হত্যা তালিবানীৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন সামৰিক মিত্ৰজোঁট(US-led military coalition)ৰ বিৰুদ্ধে 20 বছৰীয়া যুঁজৰ তদাৰক কৰা কট্টৰপন্থীসকলক লৈ তালিবানে এই অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিছে ৷ তালিবানে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা কেবিনেটৰ সদস্যসকলৰ অধিকসংখ্যককেই কট্টৰপন্থী হিচাপে গণ্য কৰা হয় ৷

চৰকাৰ গঠনৰ বাবে তালিবানৰ মুখ্য মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদ (Zabihullah Mujahid)এ ঘোষণা তালিকাখনত গোটটোৰ পুৰণি সদস্যসকলৰ আধিপত্য দেখিবলৈ পোৱা গৈছে ৷ উল্লেখনীয়ভৱে এই তালিকাত কোনো মহিলা অন্তৰ্ভুক্ত নাছিল ৷

দুগৰাকী ডেপুটী Mullah Abdul Ghani Baradar আৰু Molavi Abdul Salam Hanafiৰ সৈতে Mullah Muhammad Hassan Akhundক নতুন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷ উল্লেখ্য যে, Akhund গোটটোৰ এগৰাকী অন্যতন প্ৰতিষ্ঠাপক স্বৰ্গীয় Mullah Omarৰ ঘনিষ্ঠ সহযোগী আছিল ৷ ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞাৰ তালিকাতো Akhundৰ নাম অন্তৰ্ভুক্ত হৈ আছে ৷ 1996ৰ পৰা 2001 চনলৈ গোটটোৰ অন্তিম শাসনকালত তেওঁ প্ৰথমে বৈদেশিক মন্ত্ৰী আছিল আৰু পাচলৈ উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল ৷

লগতে পঢ়ক : চীনে তালিবানেৰে সম্পৰ্ক উন্নত কৰিবলৈ নিশ্চয়কৈ ব্যৱস্থা ল’ব : জ’ বাইডেন

ইফালে Mullah Omarৰ পুত্ৰ Molavi Muhammad Yaqoob Mujahidক প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে আৰু দোহাৰ তালিবান আলোচনাকাৰী(Taliban negotiator in Doha)Molavi Amir Khan Muttaqiক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷

মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা অন্যান্য মন্ত্ৰীসকলৰ ভিতৰত বিত্ত মন্ত্ৰী হিচাপে আছে Mullah Hidayatullah Badri, শিক্ষা মন্ত্ৰী হিচাপে আছে Sheikh Molavi Noorullah Munir, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে আছে Mullah Khairullah Khairkhwa, অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰী হিচাপে আছে Qari Din Mohammad Hanif, Hajj and Auqaf মন্ত্ৰী হিচাপে আছে Molavi Noor Muhammad Saqib ৷ নতুন ইছলামিক চৰকাৰৰ ৩৩ জন সদস্যৰ নাম উল্লেখ কৰি বাকী পদসমূহ সাৱধানে আলোচনা কৰাৰ পাচত ঘোষণা কৰা হ'ব বুলি মুজাহিদে উল্লেখ কৰে ৷

লগতে পঢ়ক : IS-Kৰ তালিবান আৰু হাক্কানি নেটৱৰ্কৰ সৈতে আছে সম্পৰ্ক: আমৰুল্লাহ চালেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.