চিটাৰা ডেস্ক, ৫ ডিচেম্বৰ : টিভিৰ আটাইতকৈ জনপ্ৰিয় শ্ব’ ‘তাৰক মেহতা কা উল্টা চশমা’ বৰ্তমান চৰ্চাত । বহু বছৰ ধৰি এই শ্ব’টোৱে দৰ্শকক মনোৰঞ্জন দি আহিছে । কিন্তু এই শ্ব’টো শেহতীয়াকৈ সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত । দৰাচলতে শ্ব’টোৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দয়াবেন বহু বছৰ পূৰ্বে শ্ব’টোৰ পৰা বিৰতি লৈছিল ৷ যাৰ বাবে অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেত্ৰীগৰাকীক শ্ব’টোত পুনৰ চাবলৈ আগ্ৰহৰে অপেক্ষা কৰি আছে ৷ কিন্তু অপেক্ষা কৰি কৰি যেন এতিয়া ভাগৰি পৰিছে অনুৰাগী ৷ সেয়েহে, দৰ্শকে এই শ্ব’টো বয়কট কৰাৰ সিদ্ধান্ত লৈছে ।
শেহতীয়াকৈ খবৰ আহিছিল যে, এনেবোৰ কাৰণতে ‘তাৰক মেহতা কা উল্টা চশমা’ শ্ব’টো বন্ধ হৈ পৰিব । অৰ্থাৎ নিৰ্মাতাই শ্ব’টো বন্ধ কৰি দিব বুলি খবৰ পোৱা গৈছিল । কিন্তু এই সকলোবোৰৰ মাজতেই পোহৰলৈ আহিছে অসিত মোদীৰ প্ৰতিক্ৰিয়া । এটা সাক্ষাৎকাৰত শ্ব’টো বন্ধ হোৱাৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে অসিত মোদীয়ে ।
সাক্ষাৎকাৰত অসিত মোদীয়ে কয় যে শ্ব’টো অফ এয়াৰ নহয় আৰু এয়া কেৱল উৰাবাতৰিহে মাথো । ইয়াৰ লগতে দয়াবেনৰ উভতি অহাৰ সন্দৰ্ভত তেওঁ কয় যে দয়াবেনৰ চৰিত্ৰৰ সন্ধান চলি আছে । কাৰোবাক পোৱাৰ লগে লগে তেওঁলোকে এই চৰিত্ৰটো ঘূৰাই আনিব ।