অসম

assam

KWK 8: কফি উইথ কৰণত ক্ৰিকেটাৰক আমন্ত্ৰণ কৰিবলৈ ভয় কৰে কৰণ জোহৰে, ক’লে ইয়াৰ আঁৰৰ কাৰণ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 12:38 PM IST

কৰণ জোহৰৰ জনপ্ৰিয় শ্ব’ কফি উইথ কৰণ ৮ ম ছিজনত ক্ৰিকেটাৰক নিমন্ত্ৰণ কৰিবলৈ ভয় কৰে কৰণে ৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এজন ব্যৱহাৰকাৰীয়ে ইয়াৰ কাৰণ সুধিছিল কৰণক, তেতিয়া কৰণে প্ৰকাশ কৰিছিল ইয়াৰ আঁৰৰ কাৰণ ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

karan johar afraid of calling cricketers in KWK 8 after hardik pandya and kl rahul controversy, Know Why
কৰণ জোহৰৰ জনপ্ৰিয় শ্ব’ কফি উইথ কৰণ ৮ ম ছিজনত ক্ৰিকেটাৰক নিমন্ত্ৰণ কৰিবলৈ ভয় কৰে

চিটাৰা ডেস্ক, 30 অক্টোবৰ: চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’ কফী উইথ কৰণৰ 8 সংখ্যক ছিজন ইতিমধ্যেই আৰম্ভ হৈছে ৷ শ্ব’টো আৰম্ভ হোৱাৰ লগে লগে প্ৰথম খণ্ডটোৱে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে । বলীউডৰ তাৰকা দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকন আছিল শ্ব’টোৰ প্ৰথম অতিথি ৷ শ্ব’টোত কৰণে দুয়োকে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে ক’বলৈ বাধ্য কৰাইছিল আৰু নিজৰ প্ৰচেষ্টাত সফলো হৈছিল কৰণ ৷ শ্ব’টোত এনে কিছু কথা দীপিকাই শ্বেয়াৰ কৰিছিল যিটো শুনি আনকি ৰণবীৰ সিঙো আচৰিত হৈ পৰিছিল ৷ দীপিকা পাডুকনৰ এই প্ৰকাশৰ পিচতে ছ’চিয়েল মিডিয়াত দীপিকাক ব্যাপকভাৱে সমালোচনা কৰা হৈছে ৷ শ্ব’টোৰ প্ৰথম খণ্ডই আলোড়নৰ সৃষ্টি কৰাৰ পিচত এতিয়া শ্ব’টোত আগন্তুক অতিথি কোন হ’ব সেই বিষয়ে জানি লওক ৷ দৰাচলতে শেহতীয়াকৈ কৰণে প্ৰকাশ কৰে যে এনে কিছু চেলিব্ৰিটি আছে যাক তেওঁ নিজৰ শ্ব’টোলৈ নিমন্ত্ৰণ কৰিবলৈ ভয় কৰে, কৰণে আমন্ত্ৰণ কৰিব বিচাৰে, কিন্তু তেওঁৰ সাহস নহয় ।

আচলতে কৰণ জোহৰে নিজেই প্ৰকাশ কৰিছে যে টিম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু কে এল ৰাহুলক শ্ব’টোত আমন্ত্ৰণ কৰাৰ পিচত হোৱা বিতৰ্কক লৈ ভয় খাইছে আৰু এতিয়া তেওঁৰ কোনো ক্ৰিকেটাৰক নিমন্ত্ৰণ কৰাৰ সাহস নহয় । তেওঁলোকক ফোন কৰিবলৈও আনকি ভয় লাগে ।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত লাইভ হৈছিল কৰণ জোহৰ ৷ লাইভ হোৱাৰ সময়ত এজন অনুৰাগীয়ে তেওঁক এইবাৰ শ্ব’টোত ক্ৰিকেটাৰক দেখা যাব নেকি বুলি প্ৰশ্ন কৰে । অনুৰাগীৰ এই প্ৰশ্নৰ উত্তৰত কি ক’লে কৰণে জানি লওক ৷

কি উত্তৰ দিছিল কৰণে ?

লাইভ চেট চেচনৰ সময়ত কৰণে এটা ইংগিত দিছিল যে এইবাৰ শ্ব’টোত ভাতৃ-ভগ্নীৰ যুটিও দেখা যাব । শ্ব’টোলৈ ক্ৰিকেটাৰ আহিব নে নাহিব সেই প্ৰশ্নত কৰণে উত্তৰ দিলে যে মই নাজানো, কিন্তু মই বিচাৰো তেওঁলোক আহিব কাৰণ তেওঁলোক আমাৰ দেশৰ গৌৰৱ ।

ক্ৰিকেটাৰক মাতিবলৈ কিয় ভয় কৰে কৰণে ?

কিন্তু ক্ৰিকেটাৰক মাতিবলৈ ভয় কৰাৰ কাৰণো প্ৰকাশ কৰে কৰণে । কৰণে ক’লে, ‘‘মোৰ শ্ব’টোলৈ হাৰ্দিক আৰু কে এল ৰাহুল অহাৰ পিচত যি বিতৰ্ক হৈছিল তাৰ পিচত মোৰ শ্ব’লৈ কোনো ক্ৰিকেটাৰ আহিব বিচাৰিব বুলি মই নাভাবো ৷ এতিয়া কোনো ক্ৰিকেটাৰে হয়তো মোৰ কল ৰিচিভ নকৰিব, মই তেওঁলোকক ফোন কৰিবলৈ ভয় খাইছো, মোৰ ভাল নালাগিব মই ফোন কৰিম আৰু তেওঁলোকে নাকচ কৰিব, কাৰণ মই প্ৰত্যাখ্যান হোৱাটো ভাল নাপাওঁ ।

হাৰ্দিক-কে এল ৰাহুলৰ বিতৰ্ক

উল্লেখ্য যে, কৰণ জোহৰে হাৰ্দিক পাণ্ডিয়া আৰু কে এল ৰাহুলক কফি উইথ কৰণত আমন্ত্ৰণ কৰিছিল । য’ত দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰে তেওঁলোকৰ সম্পৰ্কক লৈ কিছু আপত্তিজনক গোপন কথা প্ৰকাশ কৰিছিল, তাৰ পিচত তেওঁলোকক এখন মেচৰ বাবে নিলম্বিত কৰা হৈছিল আৰু এই খণ্ডটোও নিষিদ্ধ কৰা হৈছিল ।

লগতে পঢ়ক:Priyanka Chopra: প্ৰিয়ংকাই প্ৰকাশ কৰিলে তেওঁৰ সফলতাৰ আঁৰৰ তিনিটা মন্ত্ৰ

ABOUT THE AUTHOR

...view details