অসম

assam

Mukesh khanna controversy: নাৰীৰ শাৰীৰিক সম্ভোগৰ প্ৰয়োজনীয়তাক লৈ বিতৰ্কিত মন্তব্য মুকেশ খান্নাৰ

By

Published : Aug 11, 2022, 10:49 AM IST

Mukesh khanna

বিতৰ্কত সোমাই পৰিছে ‘শক্তিমান’ খ্যাত মুকেশ খান্না ৷ এগৰাকী ছোৱালী বা নাৰীৰ শাৰীৰিক সম্ভোগৰ প্ৰয়োজনীয়তাক নিকৃষ্ট মন্তব্যৰে সাঙুৰি এতিয়া নেটিজেনৰ ৰোষত পৰিছে মুকেশ খান্না ৷ ছ’চিয়েল মিডিয়াত কটু মন্তব্যৰে থকা-সৰকা কৰিছে অভিনেতাজনক ৷ কিনো ক’লে মুকেশ খান্নাই জানো আহকচোন-

চিটাৰা ডেস্ক, 11 আগষ্ট: ‘শক্তিমান’ খ্যাত অভিনেতা মুকেশ খান্না তেওঁৰ আলংকাৰিক বক্তব্যৰ বাবে জনাজাত ৷ তেওঁৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দই অনুৰাগীক আপ্লুত কৰে ৷ আনহাতে তেওঁৰ সৈতে একমত নোহোৱা সকলৰ কিন্তু ই বুকুত বিন্ধে ৷ কিন্তু কালিৰে পৰা অভিনেতাজনক অনুৰাগী, অনুসৰণকাৰীৰ পৰা আৰম্ভ কৰি বিৰোধী লৈকে সকলোৱে ছ’চিয়েল মিডিয়াত ট্ৰ’ল দিয়া আৰম্ভ কৰিছে ৷

ব্যাপকভাৱে ট্ৰ’লৰ সন্মুখীন হৈ থকা মুকেশ খান্নাৰ Bheeshm International নামেৰে আছে এটা ইউটিউব চেনেল (Mukesh khanna youtube channel) ৷ তেওঁ নিজৰ ইউটিউব চেনেলযোগে এটা ভিডিঅ’ত ছোৱালীৰ ওপৰত নেতিবাচক মন্তব্য কৰি এতিয়া বেয়াকৈ সোমাই পৰিছে বিতৰ্কত ৷ তাকে লৈ ক্ষোভত ফাটি পৰিছে ছ’চিয়েল মিডিয়া ইউজাৰ ৷

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’ ক্লিপটোত মুকেশ খান্নাই কৈ থকা দেখা গৈছে যে, "যদি কোনো ছোৱালীয়ে ল’ৰাক কয় যে, মই তোমাৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিব বিচাৰো, তেন্তে সেই ছোৱালীজনী প্ৰকৃতাৰ্থত ছোৱালী নহয়, তেওঁ ব্যৱসায় কৰিবলৈহে আগবাঢ়িছে । কাৰণ এনেকুৱা এটা নিৰ্লজ্জ কাম এখন সভ্য সমাজৰ ছোৱালীয়ে কৰিব নোৱাৰে ৷ যদি তেওঁ এনে কৰে, তেন্তে বুজিব যে তেওঁ সভ্য সমাজৰ নহয় ৷ ই তেওঁৰ ব্যৱসায় আৰু আপুনি এই ব্যৱসায়ত সোমাই নপৰিব, এনে ছোৱালীৰ পৰা আঁতৰি থাকক" (Mukesh khanna controversial statement)।

অভিনেতা গৰাকীৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পিছত একাংশ ইউজাৰে তীব্ৰভাৱে গৰিহণা দিছে অভিনেতাজনক । ছোৱালীৰ ওপৰত এনেধৰণৰ নিন্দনীয় মন্তব্য কৰা মুকেশ খান্নাক ব্যৱহাৰকাৰীয়ে সুধিছিল, "যদি ল’ৰাই এনে দাবী কৰে, তেন্তে আপুনি তেওঁলোকক কি ক’ব" ?

ইয়াৰে এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "বৃদ্ধ বয়সত শক্তিমানৰ মনো বৃদ্ধ হৈ পৰিছে" ৷ মন কৰিবলগীয়া যে মুকেশ খান্নাই ইউটিউবত এই বিতৰ্কিত ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ কৈছে যে, ল’ৰাবোৰে কেনেধৰণৰ ছোৱালীৰ পৰা পলাই থাকিব লাগে । তেওঁ কয় যে ছ’চিয়েল মিডিয়াত এটা ৰেকেট বিয়পি পৰিছে, য’ত ছোৱালীৰ প্ৰফাইলৰ পৰা মেছেজ আহে আৰু তাৰ পিছত তেওঁলোকে আপোনাক আকৰ্ষণ কৰি ব্লেকমেইলিঙ কৰি অসৎ কামত লিপ্ত হৈ পৰে ।

ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে মুকেশ খান্নাৰ শ্ব’ ‘শক্তিমান’ চিনেমা হিচাপে শীঘ্ৰেই দৰ্শকৰ ওচৰলৈ আহিব, য’ত মুখ্য অভিনেতা হিচাপে ৰণবীৰ সিঙৰ নাম প্ৰকাশ পাইছে ।

লগতে পঢ়ক :Sehnaaz Gill reacts to rumor: ছবিৰ পৰা বাহিৰ ওলোৱা প্ৰসংগত মুখ খুলিলে শ্বেহনাজে

ABOUT THE AUTHOR

...view details