Sehnaaz Gill reacts to rumor: ছবিৰ পৰা বাহিৰ ওলোৱা প্ৰসংগত মুখ খুলিলে শ্বেহনাজে

author img

By

Published : Aug 9, 2022, 12:14 PM IST

Etv Bharat

বলীউডত যিখন ছবিৰে প্ৰথম খোজ দিয়াৰ কথা সেইখন ছবিৰ পৰাই শ্বেহনাজ গীল বাহিৰ ওলাল বুলি কালিৰে পৰা প্ৰচাৰ হৈ থকা বাতৰি প্ৰসংগত নিজৰ মত দিলে তাৰকাগৰাকীয়ে (Shehnaaz Gill instagram) ৷ কি ক’লে শ্বেহনাজে জানো আহকচোন-

চিটাৰা ডেস্ক, 9 আগষ্ট : ছলমান খানৰ নতুন ছবি ‘কভী ঈদ কভী দীৱালী’ৰ পৰা শ্বেহনাজ বাহিৰ হ’ল বুলি খবৰটোৱে কালিৰে পৰা যথেষ্ট চৰ্চা লাভ কৰিছে (Shehnaaz Gill Kabhi Eid Kabhi Diwali) ৷ খবৰটোৱে শ্বেহনাজৰ অনুৰাগীসকলক হতাশ কৰি তুলিছিল ৷ পিছে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱা এই বাতৰিটো দেখি নিজৰ মুখ বন্ধ কৰি ৰাখিব নোৱাৰিলে শ্বেহনাজে ৷

shehnaaz gill
ছবিৰ পৰা বাহিৰ ওলোৱা বাতৰিৰ প্ৰসংগত মুখ খুলিলে শ্বেহনাজে

এটা ইনষ্টা ষ্ট’ৰীৰ জৰিয়তে বাতৰিটোৰ সন্দৰ্ভত সকলো কথা খোলা খুলিকৈ প্ৰকাশ কৰিছে শ্বেহনাজে (Shehnaaz Gill instagram) ৷ শ্বেহনাজে লিখিছে, "এনেধৰণৰ উৰাবাতৰিবোৰ বিগত কেইসপ্তাহ মানৰ পৰা মোৰ বাবে মনোৰঞ্জনৰ খোৰাক হৈ পৰিছে" ৷

মন কৰিবলগীয়া কথাটো হ’ল যে শ্বেহনাজে এই ছবিখনেৰে বলীউডত অভিষেক ঘটাবলৈ গৈ আছে ৷ ছবিখনৰ পৰা বাহিৰ হোৱা উৰাবাতৰিৰ প্ৰসংগত অনুৰাগীক সোনকালেই স্পষ্টীকৰণ দিয়াৰ বাবে অনুৰাগীসকলে ধন্য মানিছে শ্বেহনাজক ৷ দক্ষিণৰ অভিনেত্ৰী পূজা হেগড়েই ছলমান খানৰ এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব ।

লগতে পঢ়ক : Esha Gupta video: চকুৰ টোপনি নাইকিয়া হৈ যাব আপোনাৰ ঈশা গুপ্তাৰ শেহতীয়া ভিডিঅ’ দেখি!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.