অসম

assam

টিম ইণ্ডিয়াৰ সমৰ্থনত পোষ্ট শ্বেয়াৰ বলীউডৰ পৰা দক্ষিণলৈকে বহু তাৰকাৰ

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 12:39 PM IST

World Cup 2023: ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ ফাইনেলত পৰাজয়ৰ পিচত বলীউডৰ পৰা দক্ষিণলৈকে সকলো চেলিব্ৰিটি আগবাঢ়ি আহিছে টিম ইণ্ডিয়াৰ সাহস বৃদ্ধিৰ বাবে । এইসকল তাৰকাই টিম ইণ্ডিয়াক লৈ শ্বেয়াৰ কৰিছে পোষ্ট ৷

World Cup 2023 Final: From Ranveer Singh to Amitabh bacchan, celebs stand by team India as Australia lifts trophy
টিম ইণ্ডিয়াক লৈ চেলিব্ৰিটিৰ পোষ্ট

চিটাৰা ডেস্ক, 20 নৱেম্বৰ : দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ অন্তিমখন খেল । কিন্তু ভাৰতীয় ক্ৰিকেট দলটো বিশ্বকাপৰ ট্ৰফী লাভৰ পৰা বঞ্চিত হোৱাত অষ্ট্ৰেলিয়াৰ দলটো পুনৰবাৰ বিশ্বকাপত বিজয়ী হৈ পৰে । বিশ্বকাপত পৰাস্ত হোৱাৰ পিচতে ভাঙি পৰে ভাৰতীয় দলটো, এনে পৰিস্থিতিত দীপিকা পাডুকনৰ পৰা আৰম্ভ কৰি বিকি কৌশললৈকে সকলো বলীউডৰ চেলিব্ৰিটিয়ে ভাৰতীয় ক্ৰিকেট দলটোৰ মনোবল বৃদ্ধি কৰিবলৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে পোষ্ট ।

টিম ইণ্ডিয়াক লৈ ৰণবীৰ সিঙৰ পোষ্ট

টিম ইণ্ডিয়াৰ প্ৰশংসা কৰে ৰণবীৰ-দীপিকাই

বিশ্বকাপৰ ফাইনেলত ভাৰত জয়ী হ’ব নোৱাৰিলেও সমগ্ৰ টুৰ্ণামেণ্টখনত টিম ইণ্ডিয়াই সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়ায় । টিম ইণ্ডিয়াৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰি বি টাউনৰ অভিনেত্ৰী দীপিকা পাডুকনে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ৰাষ্ট্ৰীয় পতাকাৰ এখন ছবি শ্বেয়াৰ কৰিছে ।

আনহাতে, ৰণবীৰ সিঙে লিখিছে যে টিম ইণ্ডিয়াৰ পৰাজয়ত সকলোৱে দুখী ৷ কিন্তু তেওঁলোকৰ প্ৰদৰ্শন প্ৰশংসনীয় । ৰণবীৰে লিখিছে, “কেতিয়াবা ওখ, কেতিয়াবা চাপৰ, কেতিয়াবা ভাল দিন, কেতিয়াবা বেয়া দিন, কেতিয়াবা জিকিব, কেতিয়াবা হাৰিব, এয়াই হৈছে খেল । এয়াই জীৱন । আমি সকলোৱে হতাশ হৈছো ৷ কিন্তু আমাৰ ল’ৰাবোৰৰ শলাগ লওঁ, যিয়ে নিজৰ সমস্ত উজাৰি দিছে’’ ।

টিম ইণ্ডিয়াক লৈ দীপিকাৰ পোষ্ট

টিম ইণ্ডিয়াক শ্ৰেষ্ঠ দল বুলি অভিহিত কৰিলে বিকি কৌশলে

ইফালে বিকি কৌশলেও ভাৰতীয় ক্ৰিকেট দলটোৰ প্ৰশংসা কৰি লিখিছে যে এই দলটোৱেই শ্ৰেষ্ঠ দল । বিকিয়ে লিখিছে, “এতিয়াও তাত থকা শ্ৰেষ্ঠ দল । এই চি ডব্লিউ চিত টিম ইণ্ডিয়াই দেখুওৱা নিজৰ দক্ষতা সঁচাই প্ৰশংসনীয় । আপোনালোকৰ বাবে সদায় গৌৰৱ অনুভৱ কৰিম ! ভাৰত !”

টিম ইণ্ডিয়াক লৈ গৌৰৱান্বিত ঈশা দেওল

ঈশা দেওলেও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, “যিয়ে হওক...আমি আপোনালোকক লৈ গৌৰৱান্বিত ! ভাল খেলিলে টিম ইণ্ডিয়াই ।”

টিম ইণ্ডিয়াক লৈ বিকি কৌশলৰ পোষ্ট

টিম ইণ্ডিয়াক লৈ বৰুণ তেজে ক’লে এই কথা

বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পিচত টিম ইণ্ডিয়াৰ সাহস বৃদ্ধিৰ বাবে দক্ষিণ উদ্যোগৰ বহু চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰে । বৰুণ তেজে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘‘গোটেই টুৰ্ণামেণ্টখনত টিম ইণ্ডিয়াৰ দলীয় কাম অতি প্ৰশংসনীয় আছিল, এয়া কেৱল আমাৰ নিশা নহয় ! আপোনালোকে আমাৰ হৃদয় জিকিছে আৰু আমি সদায় আপোনালোকৰ লগত আছো ! ষষ্ঠবাৰৰ বাবে চি ডব্লিউ চি বিজয়ী হোৱাৰ বাবে টিম অষ্ট্ৰেলিয়ালৈ অভিনন্দন’’ ।

টিম ইণ্ডিয়াক লৈ ঈশা দেওলৰ পোষ্ট

কাজলে এনেদৰে বৃদ্ধি কৰিলে টিম ইণ্ডিয়াৰ মনোবল

বলীউডৰ অভিনেত্ৰী কাজলে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত টিম ইণ্ডিয়াৰ এখন ছবি শ্বেয়াৰ কৰি তেওঁলোকক উৎসাহিত কৰে । এই ছবিখনৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে – ‘‘হাৰকৰ জিতনে ৱালে কো বাজিগৰ কেহতে হে ৷ বহুত ভাল খেলিলে টিম ইণ্ডিয়া, অষ্ট্ৰেলিয়ালৈ অভিনন্দন’’ ৷

টিম ইণ্ডিয়াক লৈ বৰুণ তেজৰ পোষ্ট

টিম ইণ্ডিয়াৰ বাবে পোষ্ট শ্বেয়াৰ আহান শ্বেট্টীৰ

একে সময়তে আথিয়া শ্বেট্টীৰ ভাতৃ আহান শ্বেট্টীয়েও টিম ইণ্ডিয়াৰ অফিচিয়েল পেজৰ পোষ্টটো পুনৰ পোষ্ট কৰি লিখিছে, ‘‘এই দলটোৱে আমাক বহুত সুখ দিছে... সমগ্ৰ টুৰ্ণামেণ্টখনত আপোলোকে ভাল খেলিছে’’ ।

টিম ইণ্ডিয়াক লৈ আহান শ্বেট্টীৰ

মীৰাই টিম ইণ্ডিয়াক হৃদয়ৰ চেম্পিয়ন বুলি অভিহিত কৰে

বলীউডৰ অভিনেতা শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতেও টিম ইণ্ডিয়াৰ এখন ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘‘আমাৰ হৃদয়ৰ চেম্পিয়ন’’ ৷

বোমন ইৰাণীয়ে টিম ইণ্ডিয়াৰ বাবে এটা বিশেষ টোকা শ্বেয়াৰ কৰিছে

অভিনেতা বোমান ইৰাণীয়েও টিম ইণ্ডিয়াক উৎসাহিত কৰি এটা টুইটত শ্বেয়াৰ কৰিছে, ‘‘তেওঁলোকে আমাক গোটেই সময়খিনিত ভাল খেল দেখুৱাইছিল ৷ শেষৰখনতো তেওঁলোকে উজ্জ্বল খেল খেলিছিল’’ ৷

টিম ইণ্ডিয়াক লৈ মীৰাৰ পোষ্ট

অমিতাভ বচ্চনে ক’লে এই কথা

মেগাষ্টাৰগৰাকীয়ে টিম ইণ্ডিয়াৰ পৰাজয়ৰ পিচতে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘‘এটা সাহসী প্ৰচেষ্টাৰ পিচত কঠিন পৰাজয়...গোটেই মেচখনত নীলা পিন্ধা পুৰুষৰ প্ৰশংসনীয় প্ৰদৰ্শন...মূৰ ওখ কৰি ৰাখক আৰু যাত্ৰাৰ বাবে ধন্যবাদ’’ ৷

ষ্টেডিয়ামৰ পৰা ছবি শ্বেয়াৰ আয়ুষ্মান খুৰানাৰ

অভিনেতা আয়ুষ্মান খুৰানাইও ষ্টেডিয়ামৰ কিছু ছবি শ্বেয়াৰ কৰিছে । ছবি শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে কেপচনত লিখিছে, ‘‘Just a bad day in the office @ Indiancricketteam... আপোনালোকক সদায় #WorldCup2023 ৰ আটাইতকৈ কঠিন দল হিচাপে স্মৰণ কৰা হ’ব, খুব সুন্দৰ’’ ৷

লগতে পঢ়ক:অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত, টিম ইণ্ডিয়াৰ মনোবল বৃদ্ধিৰ বাবে শ্বাহৰুখে ক’লে এই কথা

ABOUT THE AUTHOR

...view details