অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত, টিম ইণ্ডিয়াৰ মনোবল বৃদ্ধিৰ বাবে শ্বাহৰুখে ক’লে এই কথা
Published: Nov 20, 2023, 11:09 AM

অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত, টিম ইণ্ডিয়াৰ মনোবল বৃদ্ধিৰ বাবে শ্বাহৰুখে ক’লে এই কথা
Published: Nov 20, 2023, 11:09 AM
World Cup 2023: দেওবাৰে বিশ্বকাপত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত । এনে পৰিস্থিতিত বহু চেলিব্ৰিটিয়ে টিম ইণ্ডিয়াক সমৰ্থন কৰা দেখা গৈছে । ভাৰতীয় দলটোক লৈ বলীউডৰ কিং খানে শ্বেয়াৰ কৰিলে এটা পোষ্ট ৷
চিটাৰা ডেস্ক, 20 নৱেম্বৰ: দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল বিশ্বকাপ 2023 ৰ চূড়ান্ত খেল ৷ য’ত ভাৰতক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ট্ৰফী লাভ কৰে । অৱশ্যে এইখিনিতে ক’ব লাগিব যে যদিও বিশ্বকাপৰ ট্ৰফী লাভ কৰাত ব্যৰ্থ হৈছে টিম ইণ্ডিয়া তথাপিও এই কথা নুই কৰিব নোৱাৰি যে গোটেই টুৰ্ণামেণ্টত টিম ইণ্ডিয়াইও সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছিল । সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দলৰ পৰাজয়ত সমগ্ৰ দেশ অতিশয় মৰ্মাহত হৈছে । এনে পৰিস্থিতিত টিম ইণ্ডিয়াৰ মনোবল বৃদ্ধিৰ বাবে আগবাঢ়ি আহিছে বহু চেলিব্ৰিটি । আনকি বলীউডৰ কিং শ্বাহৰুখ খানেও ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ভাৰতীয় ক্ৰিকেট দলটোৰ মনোবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে ।
টিম ইণ্ডিয়াৰ বাবে শ্বাহৰুখ খানে শ্বেয়াৰ কৰিলে পোষ্ট
ভাৰতীয় ক্ৰিকেট দলক উৎসাহিত কৰিবলৈ ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰিছে বলীউডৰ বাদশ্বাহগৰাকীয়ে । শ্বাহৰুখ খানে খেলখনৰ পিচত দেওবাৰে নিশা তেওঁৰ এক্স একাউন্টত পোষ্ট শ্বেয়াৰ কৰি লিখিছে, "ভাৰতীয় দলে যিধৰণে এই গোটেই টুৰ্ণামেণ্টত খেলিছে সেয়া সন্মানৰ বিষয় । এইখন এখন খেল আৰু ইয়াত সদায় এটা বা দুটা বেয়া দিন থাকে ৷ দুৰ্ভাগ্যবশতঃ, এই বেয়া দিনটো আজি আছিল ৷ কিন্তু ক্ৰিকেটত আমাৰ ক্ৰীড়া উত্তৰাধিকাৰীক লৈ আমাক ইমান গৌৰৱান্বিত কৰাৰ বাবে টীম ইণ্ডিয়াক ধন্যবাদ ৷ আপোনালোকে সমগ্ৰ ভাৰতলৈ ইমান আনন্দ কঢ়িয়াই আনিছে । মৰম আৰু সন্মান । আপোনালোকে আমাক এক গৌৰৱান্বিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছে ।"
-
The way the Indian team has played this whole tournament is a matter of honour and they showed great spirit and tenacity. It’s a sport and there are always a bad day or two. Unfortunately it happened today….but thank u Team India for making us so proud of our sporting legacy in…
— Shah Rukh Khan (@iamsrk) November 19, 2023
ভাৰতীয় ক্ৰিকেট দলটোক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত উপস্থিত আছিল এছ আৰ কে
উল্লেখ্য যে, দেওবাৰে ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেল খেলখন চাবলৈ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত আছিল বহু বলীউডৰ চেলিব্ৰিটি । এই সময়চোৱাত কিং খান অৰ্থাৎ শ্বাহৰুখ খানেও সমগ্ৰ পৰিয়ালসহ ষ্টেডিয়ামত টিম ইণ্ডিয়াক হৰ্ষোল্লাস কৰা দেখা গৈছিল । কিন্তু ভাৰতীয় ক্ৰিকেট দলে ২০২৩ চনৰ বিশ্বকাপ জয়ৰ পৰা বঞ্চিত হোৱাত অষ্ট্ৰেলিয়াই পুনৰবাৰ বিশ্বকাপৰ ট্ৰফী লাভ কৰে । এনে পৰিস্থিতিত টিম ইণ্ডিয়াৰ এই পৰাজয়ত ভাঙি পৰিছে ক্ৰিকেট প্ৰেমীসকল ।
