ETV Bharat / entertainment

টিম ইণ্ডিয়াৰ পৰাজয়ৰ পিচতে বিৰাটক সাবটি ধৰিলে অনুষ্কা শৰ্মাই

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 10:20 AM IST

Anushka Sharma hugs Virat Kohli after team India faces defeat against Australia in World Cup Final
বিৰাটক সাবটি ধৰিলে অনুষ্কা শৰ্মাই

IND vs AUS Final: ২০২৩ চনৰ বিশ্বকাপত টিম ইণ্ডিয়াৰ পৰাজয়ৰ পিচতে সকলোৰে যেন স্বপ্ন ভংগ হৈ পৰিছে । এই পৰাজয়ৰ পিচতে বিৰাট কোহলীক যথেষ্ট আবেগিক হৈ পৰা দেখা গৈছিল । ইফালে খেলখন শেষ হোৱাৰ পিচত অনুষ্কা আৰু বিৰাটৰ এখন ফটো ভাইৰেল হৈ পৰিছে, য’ত বিৰাটক সাবটি ধৰা দেখা গৈছে অনুষ্কাই ৷

চিটাৰা ডেস্ক, 20 নৱেম্বৰ: এই সময়চোৱাত সমগ্ৰ দেশতে এক দুখৰ পৰিৱেশে বিৰাজ কৰিছে । বিশ্বকাপ ২০২৩ ৰ ফাইনেলত পৰাস্ত হৈছে টিম ইণ্ডিয়া ৷ ইয়াৰ লগে লগে স্বপ্ন ভগ্ন হৈছে খেলুৱৈ আৰু অনুৰাগীৰ । বিৰাট কোহলীৰ পৰা আৰম্ভ কৰি ৰোহিত শৰ্মা আৰু ছিৰাজ এই মেচত পৰাস্ত হোৱাৰ পিচতে আবেগিক হৈ পৰা দেখা গৈছিল । ইফালে এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত বিৰাটৰ পত্নী অনুষ্কা শৰ্মাই স্বামীক সাৱটি ধৰা দেখা গৈছে ।

বিৰাটক সাৱটি ধৰিলে অনুষ্কাই

ভাইৰেল ফটোখনত অনুষ্কা শৰ্মাই স্বামী বিৰাট কোহলীক সাৱটি ধৰা দেখা গৈছে । ফটোখনত অনুষ্কাৰ মুখত দুখ স্পষ্টকৈ দেখা গৈছে, যিখন ফটো দেখি আবেগিক হৈ পৰিছে অনুৰাগীও । ফটোখনক লৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে- এই দুয়োগৰাকীয়ে প্ৰমাণ কৰিছে যে ‘আমি একেলগে আছো’ । আন এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে - ‘‘অনুষ্কাই বিৰাটক যিদৰে সমৰ্থন কৰে সেয়া সঁচাকৈয়ে হৃদয়স্পৰ্শী ।’’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে - ‘‘সকলোকে অনুষ্কাৰ দৰে জীৱন সংগীৰ প্ৰয়োজন যিয়ে আপোনাৰ সুখ-দুখত সদায় আপোনাৰ লগত থাকিব, বিৰাট কোহলী অতি ভাগ্যৱান ।’’

ছেমি ফাইনেলত বিৰাটে সম্পূৰ্ণ কৰিলে ৫০ তম শতক

উল্লেখ্য যে, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল বিশ্বকাপ 2023 ৰ চূড়ান্ত খেলখন ৷ এই খেলখেনত অষ্ট্ৰেলিয়াই ভাৰতক 6 উইকেটত পৰাস্ত কৰে । অৱশ্যে এই মেচখনত টিম ইণ্ডিয়াই অতি উত্তম প্ৰদৰ্শন আগবঢ়াইছিল, যাৰ বাবে সকলোৱে প্ৰশংসা কৰিছে ভাৰতীয় দলটোৰ । ইয়াৰ পূৰ্বে ছেমি ফাইনেলত বিৰাট কোহলীয়ে ৫০ তম শতক সম্পূৰ্ণ কৰিছিল, যিটো দেখি অনুষ্কা শৰ্মা অতিকৈয়ে সুখী হৈছিল । আনহাতে, মহম্মদ শ্বামীয়ে ৭ টা উইকেট দখল কৰি ৰচিছিল আন এক ইতিহাস ।

এইবাৰ অনুষ্কা শৰ্মাৰ উপৰিও শ্বাহৰুখ খানেও পৰিয়ালৰ সৈতে আহিছিল বিশ্বকাপ ২০২৩ৰ খেলখন চাবলৈ । একে সময়তে দীপিকা পাডুকন, ৰণবীৰ সিং, আয়ুষ্মান খুৰানা, আশা ভোঁছলেৰ দৰে বহু তাৰকাকো ষ্টেডিয়ামত দেখা গৈছিল ।

লগতে পঢ়ক: ষষ্ঠবাৰৰ বাবে বিশ্বকাপ দখল কেংগাৰু বাহিনীৰ; ১৪০ কোটি ভাৰতীয়ৰ আশাত চেঁচাপানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.