ETV Bharat / sports

ষষ্ঠবাৰৰ বাবে বিশ্বকাপ দখল কেংগাৰু বাহিনীৰ; ১৪০ কোটি ভাৰতীয়ৰ আশাত চেঁচাপানী

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 10:42 PM IST

World Cup 2023 Final India vs Australia
World Cup 2023 Final India vs Australia

আহমেদাবাদত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেলত খেলত ভাৰতক ৬ উইকেটত পৰাস্ত কৰি অভিলেখ সংখ্যক ষষ্ঠবাৰৰ বাবে এই ট্ৰফী দখল কৰে অষ্ট্ৰেলিয়াই । এই পৰাজয়ৰ লগে লগে টীম ইণ্ডিয়া আৰু ১৪০ কোটি দেশবাসীৰ ১২ বছৰৰ পাছত বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ছিন্নভিন্ন হৈ পৰিল ।

স্প’ৰ্টছ ডেস্ক, ১৯: মোটেৰা ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ৬ উইকেটত জয়লাভ কৰে । এই মহান খেলখনত অষ্ট্ৰেলিয়াই ৪৩ অভাৰত ৪টা উইকেট হেৰুৱাই ভাৰতে বান্ধি দিয়া ২৪১ ৰানৰ লক্ষ্য সহজেই অৰ্জন কৰে । এইদৰে অষ্ট্ৰেলিয়াই অভিলেখ ৰচি ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে । একে সময়তে টীম ইণ্ডিয়াৰ লগতে ১৪০ কোটি দেশবাসীৰ এই ট্ৰফী জয়ৰ সপোন আকৌ এবাৰ ছিন্নভিন্ন হৈ পৰিল ।

চলিত বিশ্বকাপত টীম ইণ্ডিয়াই দহখন খেলৰ আটাইকেইখন খেলতে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল । আনকি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা একমাত্ৰ লীগ মেচখনতো ৬ উইকেটত জয় লাভ কৰিছিল । ভাৰতীয় দলৰ অনুৰাগীসকল আশাবাদী আছিল যে এইবাৰ তেওঁলোক নিৰাশ নহ’ব আৰু ভাৰতে তৃতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰিব । কিন্তু, চূড়ান্ত মেচত খেলৰ প্ৰতিটো বিভাগতে টীম ইণ্ডিয়াতকৈ ভাল প্ৰদৰ্শন কৰি কেংগাৰুৱে ভাৰতৰ আশাত চেঁচাপানী ঢালিলে ।

এই মহান খেলখনত অষ্ট্ৰেলিয়াৰ দলটোৱে ভাৰততকৈ শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিলে । প্ৰথমে বলাৰ আৰু ফিল্ডাৰসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ২৪০ ৰানৰ স্ক’ৰত শক্তিশালী বেটিং লাইন আপৰ টীম ইণ্ডিয়াক অল আউট কৰে । ইয়াৰ পাছতে ট্ৰেভিছ হেড আৰু মাৰ্নাছ লাবুশ্বানে ১৯২ ৰানৰ অংশীদাৰিত্বৰে ভাৰতৰ হাতৰ পৰা মেচখন কাঢ়ি লৈ ​​যায় ।

ভাৰতীয় বলাৰসকলে ৪৭ ৰানৰ স্ক’ৰত ৩ জন অষ্ট্ৰেলিয়ান বেটছমেনক আউট কৰি অনুৰাগীৰ মাজত জয়ৰ আশা জগাই তুলিছিল । কিন্তু ইয়াৰ পিছত ট্ৰেভিছ হেড আৰু মাৰ্নাছ লাবুশ্বানে ভাৰতক সুখী হোৱাৰ কোনো সুযোগ নিদিলে ।

অ’পেনাৰ হেডে ১২০ বলত ১৩৭ ৰানেৰে এক বিস্ফোৰক শতক অৰ্জন কৰে । এই ইনিংছত তেওঁ ১৫টা চাৰি আৰু ৪টা ছয় কোবাই । তেওঁ বিশ্বকাপৰ ফাইনেলত শতক অৰ্জন কৰা ৭ম খেলুৱৈ হিচাপে পৰিগণিত হয় । ৫৮ ৰান সংগ্ৰহ কৰিও অপৰাজিত হৈ আছে লাবুশ্বান । দুয়োজনে ষষ্ঠবাৰৰ বাবে নিজৰ দলটোক বিশ্ব চেম্পিয়ন হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

লগতে পঢ়ক: কথা মতেই কাম কৰিলে পেট কামিনচে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.