অসম

assam

Cinematograph Bill 2023: চিনেমাট’গ্ৰাফ সংশোধনী বিলক প্ৰশংসা বলীউডৰ; ক’লে- এই পদক্ষেপে ৰোধ কৰিব পাইৰেচি

By

Published : Apr 20, 2023, 1:32 PM IST

কেন্দ্ৰীয় কেবিনেটে চিনেমাট’গ্ৰাফ (সংশোধনী) বিধেয়ক ২০২৩ক অনুমোদন জনাইছে (Cinematograph Bill 2023) ৷ চিনেমাট’গ্ৰাফ (সংশোধনী) বিধেয়কখনত, চলচ্চিত্ৰ পাইৰেচিৰ ক্ষেত্ৰত কঠোৰ শাস্তি আৰু ছবিৰ শ্ৰেণীবিভাজনৰ বাবে নতুন বিজ্ঞাপন শিতান প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে ।

Union Cabinet approves the Cinematograph (Amendment) Bill 2023 see Bollywood celebs reactions
কেন্দ্রীয় কেবিনেটে অনুমোদন জনাইছে চিনেমাট’গ্ৰাফ (সংশোধনী) বিল ২০২৩

চিটাৰা ডেস্ক, 20 এপ্ৰিল: কেন্দ্রীয় কেবিনেটে অনুমোদন জনাইছে চিনেমাট’গ্ৰাফ (সংশোধনী) বিল ২০২৩ (Cinematograph Bill 2023) ৷ কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে সংসদৰ পৰৱৰ্তী অধিৱেশনত বিধেয়কখন অনা হ’ব (Anurag Thakur)। তেওঁ লগতে কয় যে এই বিধেয়কখনৰ উদ্দেশ্য হৈছে পাইৰেচিৰ (ভিডিঅ’টেপ আদিৰ অবৈধ কপি কৰা) দ্বাৰা ছবিসমূহৰ যাতে কোনো ক্ষতি নহয় ৷ কিয়নো এই বিপদৰ ফলত উদ্যোগটোৰ বৃহৎ লোকচান হয় (Cinematograph Amendment Bill 2023) ।

কেন্দ্রীয় কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাচতেই চলচ্চিত্ৰ জগতৰ তাৰকাসকলে ইয়াক আদৰণি জনাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰে নিজৰ মনোভাৱ (Union Cabinet) । টুইটাৰত বলীউডৰ অভিনেতা অজয় ​​দেৱগনে লিখিছে, ‘চিনেমাট’গ্ৰাফ আইন সক্ৰিয়ভাৱে সংশোধন কৰাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক প্ৰশংসা, যাৰ ফলত ছবিক সংৰক্ষণ কৰা হ’ব’।

'৩ ইডিয়টছ'ত ফাৰহানৰ চৰিত্ৰত অভিনয় কৰা আৰ.কে. মাধৱনে লিখিছে, ‘কেন্দ্ৰীয় কেবিনেটে চিনেমাট’গ্ৰাফ এক্ট ১৯৫২ৰ সংশোধনীত অনুমোদন জনাইছে যাতে চলচ্চিত্ৰ পাইৰেচিৰ আশংকা ব্যাপকভাৱে ৰোধ কৰিব পৰা যায় । এইটো কল্পনাতীত । মই ইয়াৰ বাবে আগ্ৰহী আৰু আদৰণি জনাইছো । আচৰিত এক্টিভ একচন ।’

প্ৰডাকচন হাউচ টি-ছিৰিজেও এই বিধেয়কখনক আদৰণি জনাইছে । টি-ছিৰিজে টুইট কৰি কয়, ‘এই পদক্ষেপ অতি ফলপ্ৰসূ কাৰণ ই কেৱল চলচ্চিত্ৰ উদ্যোগৰ দ্ৰুত বিকাশত সহায় কৰাই নহয় এই খণ্ডত কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰতো সহায় কৰিব । টি-ছিৰিজে চৰকাৰে শেহতীয়াকৈ চিনেমাট’গ্ৰাফ এক্ট, ১৯৫২ সংশোধন কৰি চলচ্চিত্ৰ পাইৰেচিৰ ভাবুকি ৰোধ আৰু সংস্কাৰ কৰা পদক্ষেপক সমৰ্থন কৰে ।’

অংশীদাৰসকলৰ সৈতে ব্যাপক আলোচনাৰ অন্তত এই বিধেয়কখন প্ৰস্তুত কৰা হৈছে, সংসদৰ পৰৱৰ্তী অধিৱেশনত উত্থাপন কৰা হ’ব এই বিধেয়ক । ভাৰতীয় ছবিৰ প্ৰচাৰ আৰু স্থানীয় বিষয়বস্তু বিশ্বব্যাপী হোৱাত সহায় কৰাৰ দিশতো ই এক বৈপ্লৱিক পদক্ষেপ হিচাবে প্ৰমাণিত হ’ব (Bollywood celebs reactions on Cinematograph bill)।

পাইৰেচিৰ বিৰুদ্ধে যুঁজখন এক বিশ্বব্যাপী যুঁজ, কিন্তু আমি আইন সৰল কৰি ভাৰতত ব্যৱসায় কৰাৰ সহজতা উন্নত কৰি আমাৰ সৃষ্টিশীল উদ্যোগটোক সুৰক্ষিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । বিষয়াসকলে কয় যে এই বিধেয়কখনত বৰ্তমানৰ ‘ইউ’, ‘এ’ আৰু ‘ইউএ’ৰ প্ৰথাৰ পৰিৱৰ্তে ছবিসমূহক বয়সৰ গোটৰ ভিত্তিত শ্ৰেণীভুক্ত কৰাৰ ব্যৱস্থা আছে।

লগতে পঢ়ক:Aaradhya Bachchan: কিয় ন্যায়ালয়ৰ কাষ চাপিছে আৰাধ্যা বচ্চন ? ২০ এপ্ৰিলত হ’ব শুনানি

ABOUT THE AUTHOR

...view details