অসম

assam

Swara Bhaskar wedding: স্বৰা-ফাহাদৰ মেহেন্দি আৰু সংগীত অনুষ্ঠানৰ আয়োজন, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ ফটো

By

Published : Mar 13, 2023, 4:03 PM IST

নতুন দিল্লীৰ ককা-আইতাৰ বাসগৃহত আয়োজন কৰা মেহেন্দী আৰু সংগীতৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে স্বৰাই । চাওক স্বৰাৰ মেহেন্দী আৰু সংগীত অনুষ্ঠানৰ কেইখনমান ছবি (Swara and Fahad) ৷

Swara and Fahad host mehendi and sangeet, spam social media with pictures and videos from the event
মেহেন্দী আৰু সংগীতৰ ফটো ছ’চিয়েল মিডিয়া শ্বেয়াৰ কৰিছে স্বৰাই

চিটাৰা ডেস্ক, 13 মাৰ্চ:দেওবাৰে বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে বিবাহৰ দুটাকৈ অনুষ্ঠানৰ আয়োজন কৰে ৷ ইয়াৰে প্ৰথমটো হ’ল পুৱা মেহেন্দী অনুষ্ঠান আৰু তাৰ পিচত সন্ধিয়া অনুষ্ঠিত হয় সংগীত অনুষ্ঠান । ইফালে স্বৰাৰ বিবাহৰ অনুষ্ঠানৰ শোভা বঢ়াবলৈ লোকগায়িকা দীন খানক আমন্ত্ৰণ জনাইছিল স্বৰাই (Swara and Fahad)। স্বৰা আৰু ফাহাদে নিজৰ নিজৰ ছ’চিয়েল মিডিয়া একাউন্টৰ ষ্ট’ৰীত #SwaadAnusaar হেচটেগেৰে ফটোসমূহ শ্বেয়াৰ কৰে ।

মেহেন্দী আৰু সংগীতৰ ফটো ছ’চিয়েল মিডিয়া শ্বেয়াৰ কৰিছে স্বৰাই

স্বৰা আৰু ফাহাদৰ হালদী অনুষ্ঠান ৰূপান্তৰিত হয় হোলীৰ উৎসৱলৈ ৷ হালদী অনুষ্ঠানৰ পিচত স্বৰা ভাস্কৰ আৰু ফাহাদ আহমেদে আনন্দৰে মেহেন্দি অনুষ্ঠান পাৰ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে কমলা ৰঙৰ অনাৰ্কালীৰ পৰিধান কৰিছিল । অভিনেত্ৰীগৰাকীৰ লুকটো সম্পূৰ্ণ কৰিবলৈ মাং টিকা আৰু ডাঙৰ ডাঙৰ ঝুমকা বাছি লৈছিল । অভিনেত্ৰীগৰাকীয়ে নিজৰ চুলিকোচা বান ষ্টাইলত বন্ধাৰ বিপৰীতে স্বামী ফাহাদে বগা পাইজামাৰ সৈতে পাতল নীলা ৰঙৰ কুৰ্তা পৰিধান কৰিছিল । লগতে বগা ৰঙৰ কুৰ্তিত নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল ৰাজনৈতিক কৰ্মীগৰাকীয়ে ।

মেহেন্দী আৰু সংগীতৰ ফটো ছ’চিয়েল মিডিয়া শ্বেয়াৰ কৰিছে স্বৰাই

স্বৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত মেহেন্দি অনুষ্ঠানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে, ভিডিঅ’টোত স্বৰাক আড্ডাত ভোজ খাই থকা দেখা পোৱা যায় । দুয়োগৰাকীয়ে নিজৰ মেহেন্দিৰ ছবিও শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়াত । সন্ধিয়া অনুষ্ঠিত হোৱা সংগীত অনুষ্ঠানৰ বাবে স্বৰাই সেউজীয়া ৰঙৰ লেহেংগা পৰিধান কৰে (Swara Bhaskar wedding)।

মেহেন্দী আৰু সংগীতৰ ফটো ছ’চিয়েল মিডিয়া শ্বেয়াৰ কৰিছে স্বৰাই

ভিৰে ডি ৱেডিঙৰ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত মিউজিকেল নাইটৰ সজ্জা শ্বেয়াৰ কৰিছে । সংগীত ৰেডি বুলি কেপচন দিয়া এখন ছবিত দেখিবলৈ পোৱা যায় এখন সুন্দৰ গাঁৱৰ পৰিৱেশৰ পটভূমিত ৰখা দুখন ফুলৰ চকী । সংগীতৰ বাবে স্বৰা আৰু ফাহাদে সেউজীয়া ৰঙৰ সাজ পৰিধান কৰে ৷ ফাহাদে একে ৰঙৰ কুৰ্তা পাইজামা বাছি লৈছিল (Swara Bhaskers wedding festivities)।

মেহেন্দী আৰু সংগীতৰ ফটো ছ’চিয়েল মিডিয়া শ্বেয়াৰ কৰিছে স্বৰাই

উল্লেখ্য যে স্বৰাই CAA প্ৰতিবাদৰ সময়ত প্ৰথমবাৰৰ বাবে লগ পাইছিল ফাহাদক ৷ তাৰ পিচতে দুয়োৰে মাজত গঢ়ি উঠিছিল বন্ধুত্ব ৷ দীৰ্ঘদিনীয়া বন্ধুত্বৰ পিচত দুয়োগৰাকীৰ মাজত গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক ৷ অৱশেষত প্ৰেমৰ সম্পৰ্কই নাম পালে স্বামী-স্ত্ৰীৰ ৷

লগতে পঢ়ক:Swara Bhasker wedding: ককা-আইতাকৰ দিল্লীৰ বাসগৃহত অনুষ্ঠিত হ’ব স্বৰাৰ বিবাহৰ অনুষ্ঠান

ABOUT THE AUTHOR

...view details