ETV Bharat / entertainment

Swara Bhasker wedding: ককা-আইতাকৰ দিল্লীৰ বাসগৃহত অনুষ্ঠিত হ’ব স্বৰাৰ বিবাহৰ অনুষ্ঠান

author img

By

Published : Mar 12, 2023, 4:53 PM IST

দিল্লীত পৰম্পৰাগত বিবাহৰ বাবে সাজু হৈছে স্বৰা ভাস্কৰ আৰু ফাহাদ আহমেদ (Swara Bhasker wedding) । বিশেষ বিবাহ আইনৰ অধীনত ৬ জানুৱাৰীত আদালতত বিবাহ পঞ্জীয়ন কৰিছিল স্বৰা ভাস্কৰ আৰু ফাহাদ আহমেদে ৷ এতিয়া ককা-আইতাকৰ দিল্লীৰ বাসগৃহত অনুষ্ঠিত হ’ব স্বৰাৰ বিবাহৰ অনুষ্ঠান ৷

Watch: Swara Bhasker-Fahad Ahmad dance their heart out as wedding festivities kickstart
স্বৰাৰ বিবাহৰ অনুষ্ঠান

চিটাৰা ডেস্ক, 12 মাৰ্চ: বিশেষ বিবাহ আইনৰ অধীনত আদালতত শেহতীয়াকৈ বিবাহ সম্পন্ন কৰিছিল বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু ৰাজনীতিবিদ স্বামী ফাহাদ আহমেদে (Swara Bhasker and Fahad Ahmad) ৷ আদালতত বিবাহ পঞ্জীয়ন কৰাৰ পিচত বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু তেওঁৰ ৰাজনীতিবিদ স্বামী ফাহাদ আহমেদ এইবাৰ সাজু হৈছে ডাঙৰ ভাৰতীয় বিবাহৰ বাবে । ডেষ্টিনেচন বিবাহ বাদ দি স্বৰাই নিজৰ বিশেষ মুহূৰ্তটো উদযাপন কৰিব মাতৃৰ ফালৰ পৰা ককা-আইতাকৰ দিল্লীৰ বাসগৃহত। অৰ্থাৎ ককা-আইতাকৰ দিল্লীৰ বাসগৃহতে অনুষ্ঠিত হ’ব স্বৰা আৰু ফাহাদৰ বিবাহৰ প্ৰত্যেকটো অনুষ্ঠান ৷

বিবাহ অনুষ্ঠানৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিবাহ স্থানত উপস্থিত হৈছে দুয়োপক্ষৰ পৰিয়াল । বিয়াখন পৰম্পৰাগত অনুষ্ঠিত কৰিবলৈ উৎসাহিত স্বৰা ৷ ইতিমধ্যেই দিল্লীৰ বিবাহ অনুষ্ঠানৰ কেইবাটাও ভিডিঅ’ আৰু কেইবাখনো ফটো স্বৰাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে । আনকি এটা ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে সংগীতৰ ব্যৱস্থাৰ তদাৰক কৰাও দেখা গৈছিল ৷ সংগীতৰ পূৰ্বে স্বৰা আৰু ফাহাদে বন্ধু-বান্ধৱীৰ সৈতে কিছুমান দেশী গীতত নৃত্য কৰাও পৰিলক্ষিত হৈছে (Swara Bhaskers wedding celebrations) ৷

স্বৰাই বগা শাৰাৰা সৈতে সহজ অথচ মাৰ্জিত লুক এটা বাছি লোৱাৰ বিপৰীতে ফাহাদে বগা কুৰ্তা পায়জামাৰ সৈতে তেওঁৰ লুকটো পৰিপূৰক কৰিছিল । স্বৰাৰ বিবাহৰ বাবে সমানেই উৎসুক স্বৰা আৰু ফাহাদৰ বন্ধুবৰ্গও ৷ বন্ধু-বান্ধৱীয়ে স্বৰা আৰু ফাহাদক আগুৰি ধৰা এটা ভিডিঅ’ত অতি আনন্দ মনৰে নৃত্য কৰা পৰিলক্ষিত হয় দুয়োকে (Swara Bhasker Wedding) । #SwaadAnusaar হয়, এয়া হৈছে স্বৰা আৰু ফাহাদৰ বিবাহৰ হেছটেগ।

পূৰ্বে প্ৰকাশ পোৱা খবৰ অনুসৰি, ৩৪ বছৰীয়া স্বৰাই CAA প্ৰতিবাদৰ সময়ত প্ৰথমবাৰৰ বাবে ৩১ বছৰীয়া ফাহাদক লগ পাইছিল ৷ তাৰ পিচতে দুয়োৰে মাজত গঢ়ি উঠিছিল বন্ধুত্ব ৷ দীৰ্ঘদিনীয়া বন্ধুত্বৰ পিচত দুয়োগৰাকীৰ মাজত গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক ৷ দুয়োগৰাকীয়েই সুকীয়া পটভূমিৰ পৰা আহিলেও স্বৰা আৰু ফাহাদ ইগৰাকীয়ে সিগৰাকীক কাষ চাপি অহাৰ মূল কাৰণ হ’ল তেওঁলোকৰ মনৰ মিলন তথা মতাদৰ্শ আৰু মূল্যবোধ ।

লগতে পঢ়ক: Highlight of Oscars 2023: অস্কাৰত নাটু নাট গীতটিৰ নৃত্য পৰিবেশনৰ আখৰাত ব্যস্ত লৰেন গটলিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.