অসম

assam

Nitin Desai death: নীতিন দেশাইৰ মৃত্য়ুত স্তম্ভিত সমগ্ৰ বলীউউ, শোক প্ৰকাশ বলীউডৰ বহু তাৰকাৰ

By

Published : Aug 2, 2023, 1:37 PM IST

নীতিন দেশাইৰ মৃত্যুত গভীৰভাৱে শোক প্ৰকাশ কৰিছে সমগ্ৰ বলীউডে ৷ অভিনেতা ৰিতেশ দেশমুখৰ পৰা আৰম্ভ কৰি পৰিণীতি চোপ্ৰা আৰু নীল নীতিন মুকেশলৈকে বহু তাৰকাই টুইট কৰি তেওঁক স্মৰণ কৰিছে ।

Shocking, speechless: Twitter mourns celebrated art director Nitin Desai's death
নীতিন দেশাইৰ মৃত্যুত গভীৰভাৱে শোক প্ৰকাশ কৰিছে সমগ্ৰ বলীউডে

চিটাৰা ডেস্ক, 2 জুলাই: বলীউডৰ জনপ্ৰিয় কলা পৰিচালক নীতিন চন্দ্ৰকান্ত দেশাইৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰিছে চলচ্চিত্ৰ জগতখনত । বুধবাৰে পুৱা এন.ডি.ষ্টুডিঅ’ৰ পৰা চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় নীতিন দেশাইৰ মৃতদেহ ৷ ইতিমধ্যেই কাৰ্জাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ অৱশ্যে মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ ইফালে বহু তাৰকাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷

দেওবাৰে (৬ আগষ্ট) ৫৮ বছৰীয়া জন্মদিনৰ মাত্ৰ তিনিদিন পূৰ্বে এনে চৰম পন্থা বাছি লয় নীতিনে ৷ কলা পৰিচালকগৰাকীৰ মৃত্যুত অভিনেতা নীল নীতিন মুকেশে টুইটযোগে লিখিছে, এয়া হৃদয় বিদাৰক খবৰ ৷ যিটো বিশ্বাস কৰিব নোৱাৰি । আমাৰ মৰমৰ নীতিন দেশাই আৰু এই পৃথিৱীত নাই । তেওঁ আছিল এজন জিনিয়াছ । তেওঁ কেৱল নিজৰ কলাক জনাই নহয় মানুহক বহুত ভালকৈ বুজি পাইছিল । তেওঁ সদায় ইতিবাচক শক্তিৰে মানুহক মৰম দিছিল । ভগৱানে তেওঁৰ পৰিয়ালক শক্তি দিয়ক ।

একে সময়তে অভিনেতা ৰিতেশ দেশমুখেও নীতিন দেশাইক স্মৰণ কৰি টুইট কৰিছে । ৰিতেশে লিখিছে, ভাৰতীয় চিনেমাৰ বিকাশত বহুখিনি অৰিহণা যোগোৱা মহান প্ৰডাকচন ডিজাইনাৰ নীতিন দেশাই এতিয়া নাই বুলি জানি গভীৰ শোক প্ৰকাশ কৰিছো । তেখেতৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ । বহু বছৰৰ পৰাই তেওঁক চিনি পাইছিলোঁ । আপোনাক সদায় মিছ কৰিম মোৰ বন্ধু ।

একে সময়তে অভিনেত্ৰী পৰিণীতি চোপ্ৰাই নীতিন দেশাইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । পৰিণীতিয়ে টুইটযোগে লিখিছে যে তেওঁৰ কাম সদায় স্মৰণীয় হৈ থাকিব ।

ইফালে এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে টুইট কৰি কয়, নীতিন দেশাইৰ ক্ষতি জাতিৰ বাবে এক বৃহৎ ক্ষতি, আমি হেৰুৱালোঁ এনেকুৱা এজন Valuable artist ! #Art #NitinChandrakantDesai Shocking... Speechless... ! কিছুমান অসাধাৰণ চেট তেওঁ বিল্ড-আপ কৰিছে মুন্নাভাই MBBS, দেৱদাস, যোধা আকবৰ ইত্যাদি ৷

লগতে পঢ়ক:Nitin Desai Committed Suicide: কলা পৰিচালক নীতিন দেশাইৰ আত্মহনন, ষ্টুডিঅ’ত উদ্ধাৰ মৃতদেহ

ABOUT THE AUTHOR

...view details