ETV Bharat / entertainment

Nitin Desai Committed Suicide: কলা পৰিচালক নীতিন দেশাইৰ আত্মহনন, ষ্টুডিঅ’ত উদ্ধাৰ মৃতদেহ

author img

By

Published : Aug 2, 2023, 12:16 PM IST

জনপ্ৰিয় কলা পৰিচালক নীতিন দেশাইৰ দেহাৱসান । এন ডি ষ্টুডিঅ’ত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ দেশাইৰ মৃতদেহ ।

Renowed Art Director Nitin Chandrakant Desai committed suicide at 58
কলা পৰিচালক নীতিন দেশাইৰ দেহাৱসান

চিটাৰা ডেস্ক, 2 আগষ্ট: আত্মহত্যা কৰিলে জনপ্ৰিয় কলা পৰিচালক নীতিন দেশায়ে । মুম্বাইৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ নিলগৰ কাৰ্জাট অঞ্চলত নিৰ্মিত এন ডি ষ্টুডিঅ’ত চিপ লৈ উলমি থকা অৱস্থাত উদ্ধাৰ হয় নীতিন দেশাইৰ মৃতদেহ ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰ্থিক সংকটৰ সৈতে যুঁজি আছিল নীতিন । কেইদিনমান পূৰ্বে তেওঁৰ বিৰুদ্ধে এটা বিজ্ঞাপন সংস্থাই প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

উল্লেখ্য যে, নীতিনে চলচ্চিত্ৰ জগতখনক বহুতো ডাঙৰ ডাঙৰ ছবি উপহাৰ দিছে ৷ ইয়াৰে কিছুমান হ’ল হম দিল দে চুকে সনম, লাগান, জোধা আকবৰ আৰু প্ৰেম ৰতন ধন পায়ো । নীতিনে এই ছবিবোৰৰ চেট ডিজাইন কৰিছিল । এই সকলোবোৰ ছবিৰ চেট আটক ধুনীয়াকৈ সজাই তুলিছিল নীতিনে, যিবোৰৰ বাবে তেওঁ প্ৰশংসাও লাভ কৰিছিল ৷ ইয়াৰোপৰি চাৰিটা ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে নীতিনে । শ্ৰেষ্ঠ কলা পৰিচালনাৰ বঁটাৰে সন্মানিত কৰা হয় কলা পৰিচালকগৰাকীক ।

প্ৰৱঞ্চনাৰ অভিযোগ

সংবাদ মাধম্যত প্ৰকাশিত বাতৰি অনুসৰি মে’ মাহত নীতিনৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল । ৩ মাহ কাম সম্পূৰ্ণ কৰি টকা নিদিয়াৰ অভিযোগ এটা এজেন্সীৰ । খবৰ অনুসৰি এই ধনৰাশি আছিল প্ৰায় ৫১ লাখ টকা । যদিও নীতিনে এই অভিযোগ অস্বীকাৰ কৰিছিল ।

অভিনয়তো দেখা গৈছিল নীতিন দেশাইক

চেট ডিজাইন কৰাৰ সমান্তৰালকৈ নীতিন দেশাইয়ে অভিনয়ৰ ক্ষেত্ৰতো ভঢ়ি দিছিল ৷ নিতিনে ‘দাউদ ফান অন দ্য ৰাণ’, ‘হেল্ল’ জয় হিন্দ’, ‘হাম সব এক হে’ আদি বহু ছবিত অভিনয় কৰিছে । কেৱল এয়াই নহয়, তেওঁ ছবি পৰিচালনাও কৰিছে । ২০১১ চনৰ হেলো জয় হিন্দ ছবিখনত নীতিনে অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছিল । আনকি এখন মাৰাঠী ছবিও পৰিচালনা কৰিছিল নীতিনে ।

তিনি খানৰ লগত কাম কৰিছিল

শ্বাহৰুখ খানৰ বাদশ্বাহ (১৯৯৯) আৰু দেৱদাস (২০০২), আমিৰ খানৰ আকেলে হম আকেলে তুম (১৯৯৫) আৰু মেলা (২০০০) আৰু ছলমান খানৰ খামোশি - দ্য মিউজিকেল (১৯৯৫) আৰু হম দিল দে চুকে সনমত (১৯৯৯) কলা পৰিচালক হিচাপে কাম কৰিছিল ৷

লগতে পঢ়ক: Actor Died: পিতৃৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰিলে এইগৰাকী অভিনেতাই, হঠাৎ মৃত্যুক সাৱটি ল’লে অভিনেতাগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.