অসম

assam

Sarath Babu: প্ৰবীণ অভিনেতা সাৰথ বাবুৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

By

Published : May 23, 2023, 12:22 PM IST

সোমবাৰে ৭১ বছৰ বয়সত মৃত্যু হয় দক্ষিণৰ প্ৰবীণ অভিনেতা সাৰথ বাবুৰ । অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

PM Modi expressed grief over the death of veteran actor Sarath Babu
সাৰথ বাবুৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

চিটাৰা ডেস্ক, 23 মে’: সোমবাৰে মৃত্যু হয় দক্ষিণৰ প্ৰবীণ অভিনেতা সাৰথ কুমাৰ বাবুৰ । দীৰ্ঘদিন ধৰি অসুস্থ অৱস্থাত হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী । কিন্তু সোমবাৰে পুৱা অভিনেতাজনৰ অধিক স্বাস্থ্যৰ অৱনতি ঘটে, শৰীৰৰ প্ৰায় অংগ-প্ৰত্যংগ বিকল হৈ পৰাত দুপৰীয়া মৃত্যুক আকোৱালি লয় অভিনেতাগৰাকীয়ে ৷

অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সকলো চেলিব্ৰিটি আৰু অনুৰাগীয়ে (PM Modi expressed grief over death of Sarath Babu)। আনকি অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও (PM Modi On Sarath Babu Death) ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট কৰি সাৰথ বাবুৰ মৃত্যুত শোক প্ৰকাশ কৰে (Sarath Babu)।

সাৰথ বাবুৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ অভিনেতা সাৰথ বাবুৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে অভিনেতা গৰাকীৰ পৰিয়াললৈও শোক বাৰ্তা প্ৰেৰণ কৰিছে (Sarath Babu Passed Away) । মোদীয়ে টুইটাৰত লিখিছে, "শ্ৰী সাৰথ বাবু জী বহুমুখী আৰু সৃষ্টিশীল আছিল । দীৰ্ঘদিনীয়া চলচ্চিত্ৰ জীৱনত বহু ভাষাৰ বহু জনপ্ৰিয় ৰচনাৰ বাবে তেওঁক স্মৰণ কৰা হ'ব ৷ তেওঁৰ মৃত্যুত দুখী । পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা ৷ ঔম শান্তি।"

২০০ৰো অধিক ছবিত কাম কৰিছিল সাৰথ বাবুৱে

সাৰথ বাবুৱে তামিল, তেলেগু, মালয়ালম, কানাড়াৰ লগতে হিন্দী ভাষাৰ ছবিতো কাম কৰিছিল (Actor Sarath Babu passes away at 71)। তেওঁ কেৰিয়াৰত ২০০ ৰো অধিক ছবিত অভিনয়েৰে দৰ্শকক মনোৰঞ্জন দিছিল । ছুপাৰষ্টাৰ ৰজনীকান্তৰ ঘনিষ্ঠ বন্ধু আছিল তেওঁ । দুয়োজনে ‘অন্নমলাই’ আৰু ‘মুথু’ৰ দৰে ছবিত কাম কৰিছিল ।

১৯৭৩ চনত তেলেগু ছবি ‘ৰাম ৰাজ্যম’ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল সাৰথ বাবুৱে । ইয়াৰ চাৰি বছৰৰ পাচত কে বালাচন্দৰৰ পৰিচালনাৰ উদ্যোগ ‘নিজল নিজমগিৰাধু’ৰ জৰিয়তে তামিল ছবিত বিৰতি লাভ কৰে, য’ত কমল হাছান আৰু সুমিত্ৰাও অভিনয় কৰিছিল ।

লগতে পঢ়ক:Ray Stevenson: আৰ আৰ আৰত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা ৰে ষ্টিভেনছনৰ দেহাৱসান, শোক প্ৰকাশ এছ এছ ৰাজামৌলিৰ

ABOUT THE AUTHOR

...view details