Ray Stevenson: আৰ আৰ আৰত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা ৰে ষ্টিভেনছনৰ দেহাৱসান, শোক প্ৰকাশ এছ এছ ৰাজামৌলিৰ

author img

By

Published : May 23, 2023, 10:55 AM IST

SS Rajamouli condoles death of RRR actor Ray Stevenson with a throwback picture, says 'his energy was infectious'

এছ এছ ৰাজামৌলিৰ মেগা ব্লক বাষ্টাৰ ছবি ‘আৰ আৰ আৰ’ত গৱৰ্ণৰ স্কট বাক্সটনৰ নেতিবাচক চৰিত্ৰত অভিনয় কৰা অভিনেতা ৰে ষ্টিভেনছনৰ আৰু নাই (Ray Stevenson Passes Away)।

চিটাৰা ডেস্ক, 23 মে’: এছ এছ ৰাজামৌলিৰ ব্লকবাষ্টাৰ ছবি ‘আৰ আৰ আৰ’ত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা আইৰিছ অভিনেতা ৰে ষ্টিভেনছনৰ দেহাৱসান । ৫৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । অভিনেতাগৰাকীৰ প্ৰচাৰকে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে যদিও অভিনেতাজনৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই (Ray Stevenson Passes Away) ।

ষ্টিভেনছনে আৰ আৰ আৰ ছবিখনৰ জৰিয়তে ভাৰতীয় দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল

উল্লেখ্য যে এছ এছ ৰাজামৌলিৰ মেগা ব্লক বাষ্টাৰ ছবি ‘আৰ আৰ আৰ’ত গৱৰ্ণৰ স্কট বাক্সটনৰ নেতিবাচক চৰিত্ৰত অভিনয় কৰি ষ্টিভেনছনে বহু ভাৰতীয় দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল । ৰামচৰণ আৰু জুনিয়ৰ এন টি আৰ অভিনীত এই ছবিখন ষ্টিভেনছনৰ কেৰিয়াৰৰ একমাত্ৰ ভাৰতীয় ছবি (Ray Stevenson Death)।

ষ্টিভেনছনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজামৌলিয়ে

ৰে ষ্টিভেনছনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে এছ এছ ৰাজামৌলিয়ে । ৰাজামৌলিয়ে নিজৰ টুইটাৰ একাউন্টত ‘আৰ আৰ আৰ’ৰ চেটৰ পৰা ৰে ষ্টিভেনছনৰ সৈতে নিজৰ এখন ছবি শ্বেয়াৰ কৰিছে । ফটোখনত শ্বটৰ মাজত চেটত ৰাজমৌলি আৰু ৰে ষ্টিভেনছনে কথা-বতৰা পাতি থকা দেখা গৈছে (RRR actor Ray Stevenson no more)।

  • Shocking... Just can't believe this news. Ray brought in so much energy and vibrancy with him to the sets. It was infectious. Working with him was pure joy.

    My prayers are with his family. May his soul rest in peace. pic.twitter.com/HytFxHLyZD

    — rajamouli ss (@ssrajamouli) May 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ লগতে ছবি নিৰ্মাতাগৰাকীয়ে এটা হৃদয়স্পৰ্শী পোষ্টো শ্বেয়াৰ কৰিছিল ৷ পোষ্টটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘শ্বকিং... এই খবৰটো বিশ্বাস কৰিব পৰা নাই । ষ্টিভেনছনে চেটলৈ নিজৰ লগত বহু শক্তি আৰু স্পন্দন লৈ আহিছিল । তেওঁৰ লগত কাম কৰাটো আছিল বিশুদ্ধ আনন্দ । মোৰ প্ৰাৰ্থনা তেওঁৰ পৰিয়ালৰ সৈতে । তেওঁৰ আত্মাই শান্তি লাভ কৰক ৷’

আৰ আৰ আৰৰ দলৰ টুইট

  • He was 56 years old when we were shooting this difficult scene but he did not hesitate while performing this stunt.

    We will forever cherish having you on the sets of #RRR, Ray Stevenson.

    Gone too soon 💔 pic.twitter.com/LdzecSIO2H

    — RRR Movie (@RRRMovie) May 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আৰ আৰ আৰৰ দলটোৱে অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই টুইট কৰি কয়, "আমি এই কঠিন দৃশ্যটোৰ শ্বুটিং কৰাৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ, কিন্তু এই ষ্টাণ্টটো প্ৰদৰ্শন কৰাৰ সময়ত তেওঁ কোনো কুণ্ঠাবোধ কৰা নাছিল । ৰে ষ্টিভেনছন, #RRRৰ চেটত আপোনাৰ উপস্থিতি মৰমেৰে স্মৰণ কৰা হ'ব । অতি সোনকালেই গুচি গ’লে ।"

লগতে পঢ়ক: Sarath Babu Passed Away: দক্ষিণৰ অভিনেতা সাৰথ বাবু আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.