ETV Bharat / entertainment

সাৱধান! আপোনাৰ ওচৰলৈ আহি আছে পিশাচ - PIKHAAS Trailer Out

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 4:16 PM IST

Updated : Jun 2, 2024, 5:25 PM IST

PIKHAAS Trailer Out: শীঘ্ৰেই আহি আছে নতুন অসমীয়া ছবি ‘পিশাচ’ ৷ ২৬ জুলাইত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তিলাভ কৰিব ছবিখন ।

new-assamese-movie-pikhaas-official-trailer-out
সাৱধান! শীঘ্ৰেই আপোনাৰ ওচৰলৈ আহি আছে পিশাচ (Instagram)

গুৱাহাটী, 2 জুন: আমাৰ জীৱনত ঘটা কেতবোৰ ঘটনাই আমাক কোনটো পৰ্যায়লৈকে লৈ যাব সেয়া আমি কেতিয়াবা ভাবিবও নোৱাৰোঁ ৷ মনুষ্যৰ পৰা পিশাচ হ'বলৈ কেইটামান ছেকেণ্ডৰ প্ৰয়োজন মাত্ৰ, এনে এক ঘটনাৰ আধাৰত অহা ২৬ জুলাইত ছবিগৃহলৈ আহি আছে "পিশাচ" ৷ অমিতাভ ৰাগৰ পৰিচালনাৰে ‘ফায়াৰ ফ্লাই ফ্লিমচ’ৰ নিবেদিত ছবিখন মুক্তিৰ পূৰ্বে এতিয়া সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ মুক্তিলাভ কৰিছে ছবিখনৰ ট্ৰেইলাৰ ৷ ছবিখনৰ ট্ৰেইলাৰটোয়ে ইতিমধ্যে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

আহিবলগীয়া এই নতুন অসমীয়া ছবি পিশাচ’ৰ কাহিনী পৰিচালনা অমিতাভ ৰাগৰ ৷ আনহাতে, ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে নিৰুপম শইকীয়া, জেনেট বে’, অচিন্ত ৰাজ কাশ্যপ, শশাংক সমীৰ, চিমি ৰিয়ান, ত্ৰিৱেণী গগৈ, মিন্টু বৰুৱা আদিকে ধৰি বহু কেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ৷ বৰ্তমান সমাজত ঘটি থকা এটা বাস্তৱধৰ্মী ৰোমান্টিক কাহিনীৰ প্ৰেম আৰু প্ৰেমৰ পৰা লোৱা ভয়ংকৰ পৰিণতিক লৈ সৃষ্টি হোৱা কিছু পৰিস্থিতিক কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷

আনহাতে, ছবিখনৰ শীৰ্ষ গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী দীক্ষুৱে লগতে গীতটি কম্প’জাৰ বহ্নিমান আৰু নেপথ্য গীত পৰাগ প্ৰীয়ম নাথৰ ৷ ছবিখনৰ ফটোগ্ৰাফীৰ সঞ্চালক পাপু ডেকা, সম্পাদনা হাৰ্দিক কাশ্যপ, কালাৰিষ্ট সম্পাদক ৰতন শীল শৰ্মা, চাউণ্ড ডিজাইন কিংসুক মৰাণ, পোষ্টাৰ ডিজাইন টাচিন মুনটাকিন, কলা পৰিচালক ভূষণ আৰু নাৰায়ণৰ ৷ চলচ্চিত্ৰখনৰ ক্ৰিয়েটিভ প্ৰডিউচাৰ তথা মুখ্য সহ-পৰিচালকৰ ভূমিকাত আছে মৃণাল ডেকা ৷ অনিমা লহকৰে প্ৰযোজনা কৰা ‘পিশাচ’ৰ সহ-প্ৰযোজনা ৰাজ দত্ত আৰু টাচিন মুনটাকিনৰ ৷

লগতে পঢ়ক: নতুন অসমীয়া ছবি ‘জিয়া’ৰ সম্পৰ্কে কি ক’লে ছবিখনৰ প্ৰযোজক তথা পৰিচালকে ? - New Assamese Movie Jiya

Last Updated : Jun 2, 2024, 5:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.