অসম

assam

Cannes Film Festival 2023: আজিৰে পৰা আৰম্ভ কাঁ চলচ্চিত্ৰ মহোৎসৱ, মৃণাল ঠাকুৰকো দেখা যাব এই মহোৎসৱত

By

Published : May 16, 2023, 9:43 PM IST

আজিৰে পৰা আৰম্ভ হ’ব কাঁ চলচ্চিত্ৰ মহোৎসৱ (Cannes Film Festival 2023)। এই মহোৎসৱত বলীউডৰ বহু সুন্দৰীয়ে নিজৰ মনোমোহাতা প্ৰদৰ্শন কৰিব । য’ত মৃণাল ঠাকুৰৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে ।

MRUNAL THAKUR TO MAKE HER CANNES DEBUT SAYS LOOKING FORWARD TO INTERACT WITH GLOBAL FILMMAKERS
কাঁ চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰিব মৃণাল ঠাকুৰে

চিটাৰা ডেস্ক, 16 মে’:১৬ মে’ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ’ব কাঁ চলচ্চিত্ৰ মহোৎসৱ (Cannes Film Festival 2023) । এই মহোৎসৱত বলীউডৰ বহু অভিনেত্ৰীয়ে নিজৰ ফেশ্বন দেখুৱাব । এতিয়া মৃণাল ঠাকুৰৰ নামো এই তালিকাত সন্নিৱিষ্ট হৈছে । সীতা-ৰমন ছবিখনত উৎকৃষ্ট অভিনয় কৰি মৃণালে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে । এতিয়া কাঁ চলচ্চিত্ৰ মহোৎসৱত অভিনেত্ৰীগৰাকীক দেখা পোৱাটো অনুৰাগীৰ বাবে যথেষ্ট ৰোমাঞ্চকৰ হ’ব (Mrunal Thakur At Cannes Film Festival) ।

গ্ৰে গুজৰ প্ৰচাৰ কৰা দেখা যাব মৃণালক

কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰাৰ কথা কোৱাৰ সময়ত মৃণালে কয়, ‘প্ৰথমবাৰৰ বাবে কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ মই অতিশয় উৎসাহিত । এনে সন্মানীয় মঞ্চত গ্ৰে গুজক প্ৰতিনিধিত্ব কৰাটো এক সন্মানৰ কথা ৷ মই বিশ্বব্যাপী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে মত বিনিময় কৰিবলৈ, নতুন সুযোগৰ সন্ধান কৰিবলৈ আৰু ভাৰতীয় ছবিৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আগ্ৰহী ।"

কি হ’ব মৃণাল ঠাকুৰৰ ড্ৰেছ কোড

ফ্ৰান্সৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে মহিলা আৰু পুৰুষৰ বাবে ড্ৰেছ কোড নিৰ্ধাৰণ কৰা হৈছে, যিটো সকলো মানুহে কঠোৰভাৱে পালন কৰিব লাগিব । মহিলাসকলে ককটেল ড্ৰেছ পৰিধান কৰিব পাৰে । ইয়াৰ উপৰিও ক’লা টপ, ক’লা ট্ৰাউজাৰ আৰু ডাৰ্ক ট্ৰাউজাৰ বা আন আনুষ্ঠানিক সাজ-পোছাকৰ বিকল্প আছে (Mrunal Thakur to make her debut at Cannes)। একেদৰে মহোৎসৱত অংশগ্ৰহণ কৰা পুৰুষসকলেও পৰিধান কৰিব লাগিব ডিনাৰ জেকেট বা চুট । ইয়াৰ উপৰিও পোছাকৰ সৈতে মাৰ্জিত জোতা পৰিধান কৰাটো প্ৰয়োজনীয় বুলি স্পষ্ট নিৰ্দেশনা দিয়া হৈছে ।

ক’ত অনুষ্ঠিত হ’ব কাঁ চলচ্চিত্ৰ মহোৎসৱ ?

এইবাৰ ফ্ৰান্সৰ উপকূলীয় অঞ্চল ফ্ৰেঞ্চ ৰিভিয়াৰাত অনুষ্ঠিত হ’ব লগা হৈছে কান চলচ্চিত্ৰ মহোৎসৱ । এই বিশেষ অনুষ্ঠানত সমগ্ৰ বিশ্বৰ বহু তাৰকাই ৰেড কাৰ্পেটত নিজৰ সৌন্দৰ্য বিয়পাই দিব ৷

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ টিকট ক’ত উপলব্ধ হ’ব

চেলিব্ৰিটিৰ উপৰিও সাংবাদিক আৰু চলচ্চিত্ৰ সমালোচকেও কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব পাৰে । অৱশ্যে ইয়াৰ বাবে তেওঁলোকে ৫ লাখৰ পৰা ২০ লাখ টকালৈকে টিকট ক্ৰয় কৰিব লাগিব । কাঁ ৱেবছাইটত গৈ অনলাইনত টিকট বুকিং কৰিব পাৰিব ।

লগতে পঢ়ক:Shahrukh Khan: ‘মন্নত’ক সজাবলৈ ডিজাইনাৰক দিব পৰা নাছিল ধন, তেতিয়াহ’লে কোনে ডিজাইন কৰিছিল ‘মন্নত’ ?

ABOUT THE AUTHOR

...view details