ETV Bharat / entertainment

Shahrukh Khan: ‘মন্নত’ক সজাবলৈ ডিজাইনাৰক দিব পৰা নাছিল ধন, তেতিয়াহ’লে কোনে ডিজাইন কৰিছিল ‘মন্নত’ ?

author img

By

Published : May 16, 2023, 2:17 PM IST

গৌৰী খানৰ নতুন কফি টেবুল বুক উন্মোচনৰ সময়ত শ্বাহৰুখ খানে আৰ্থিক সংকটৰ সৈতে যুঁজি থকা সময়ৰ কথা মনত পেলাইছিল । সংবাদ মাধ্যমৰ সন্মুখত কিং খানে কয় ডিজাইনাৰক দিবৰ বাবেও তেওঁৰ হাতত নাছিল ধন ।

SRK reveals buying Mannat was way beyond his means, so he 'turned to Gauri and asked...'
গ্ৰন্থ উন্মোচনী অনুষ্ঠানত শ্বাহৰুখ খান আৰু গৌৰী খানে নিজৰ ব্যক্তিগত জীৱনৰ বহু কথাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে

চিটাৰা ডেস্ক, 16 মে’: উন্মোচন হ’ল বলীউডৰ কিং খানৰ পত্নী গৌৰী খানৰ নতুন কফি টেবুল বুক (Gauri Khan coffee table book) । গ্ৰন্থ উন্মোচনী অনুষ্ঠানত শ্বাহৰুখ খান আৰু গৌৰী খানে নিজৰ ব্যক্তিগত জীৱনৰ বহু কথাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে । শ্বাহৰুখ খানে কয় যে যেতিয়া তেওঁ ‘মন্নত’ ক্ৰয় কৰিছিল তেতিয়া তেওঁৰ হাতত নাছিল পৰ্যাপ্ত পৰিমাণে ধন, সেয়েহে আৰ্থিক অনাটনৰ বাবে গৌৰীয়ে নিজেই ঘৰৰ ভিতৰৰ অংশ সজাবলগীয়া হৈছিল (Financial Crisis For Shahrukh Khan)।

উল্লেখ্য যে, গৌৰী খানৰ নতুন টেবুল বুকখনৰ নাম ‘মাই লাইফ ইন এ ডিজাইন’, (My Life In Design) য’ত তেওঁৰ ঘৰৰ ‘মন্নত’ৰ কিছু অভ্যন্তৰীণ ছবি আৰু কিং খানৰ পৰিয়ালৰ কিছুমান আনছিন ছবিও আছে (Shah Rukh Khan house Mannat) ।

অনুষ্ঠানৰ সময়ত গৌৰীয়ে কয় যে ‘মন্নত’ তেওঁৰ প্ৰথম ইণ্টেৰিয়ৰ ডিজাইনাৰ প্ৰজেক্ট । তেওঁ লগতে কয় যে এইটোৱেই তেওঁৰ আজিলৈকে আটাইতকৈ প্ৰিয় প্ৰজেক্ট । সাধাৰণ মানুহৰ জিভাত নাম ৰৈ যোৱা কেইজনমান তাৰকাৰ ভিতৰত শ্বাহৰুখ খানৰ ঘৰ ‘মন্নত’ অন্যতম (Shah Rukh Khan on Gauri Khan as designer) । ইয়াৰ ডিজাইন তেওঁৰ পত্নী গৌৰী খানৰ খানে কৰিছিল । ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে এইটোৱেই আছিল গৌৰী খানৰ প্ৰথম প্ৰজেক্ট। ইয়াৰ পিচত গৌৰীয়ে বহু তাৰকাৰ ঘৰৰ ডিজাইন কৰিছিল (Shahrukh Khan Financial Crisis) ।

শ্বাহৰুখ খানৰ ঘৰ মন্নতৰ আঁৰৰ কাহিনী আৰু গৌৰী খানে কেনেকৈ ডিজাইনৰ জগতখনত প্ৰৱেশ কৰিছিল সেই বিষয়ে শ্বেয়াৰ কৰি শ্বাহৰুখে কয় যে, “যেতিয়া আমি মন্নত ক্ৰয় কৰিছিলো, তেতিয়া আমাৰ হাতত ঘৰটো কিনি শেষ হোৱাৰ পিচত টকা নাছিল । যদিও আমি এজন ডিজাইনাৰক নিয়োগ কৰিছিলো, কিন্তু বুজি পালো যে আমি তেওঁক নিয়োগ কৰিবলৈ আমাৰ সামৰ্থ্য নাই।"

কিং খানে লগতে কয়, "গতিকে, মই গৌৰীৰ ওচৰলৈ ঘূৰি আহিলোঁ, কাৰণ গৌৰীৰ শিল্প প্ৰতিভা আছিল আৰু গৌৰীক আমাৰ ঘৰৰ ডিজাইনাৰ হ’বলৈ ক’লোঁ । মন্নত তেনেকৈয়ে আৰম্ভ হ’ল আৰু সময়ৰ লগে লগে আমি উপাৰ্জন কৰি ঘৰৰ বাবে সৰু সৰু বস্তু কিনিবলৈ ধৰিলো (Shah Rukh Khan landmark house Mannat) । আনকি আমি এবাৰ গৈছিলো দক্ষিণ আফ্ৰিকাত চোফাৰ বাবে চামৰা কিনিবলৈ আৰু মই ভাবো সেই প্ৰশিক্ষণ ক্ষেত্ৰখনে গৌৰীক ডিজাইনিঙৰ কামত লগাই দিলে ।"

এই কাৰণেই গৌৰীয়ে নিজেই ঘৰটো ডিজাইন কৰিছিল আৰু ইমান ধুনীয়াকৈ মন্নতক সজাইছিল যে গৌৰীয়ে পৰৱৰ্তী সময়ত ইণ্টেৰিয়ৰ ডিজাইনিঙত নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল (Shah Rukh Khan) ।

লগতে পঢ়ক: HBD Vicky Kaushal: এখন সৰু ঘৰত শৈশৱ কটোৱাৰ পিচত কেনেকৈ সফলতাৰ শিখৰতাত উপনীত হ’ল বিকি কৌশল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.