অসম

assam

Katrina Kaif: টাইগাৰ ৩ ৰ চেটৰ পৰা ভাইৰেল কেটৰিনা কাইফৰ নৃত্যৰ ক্লিপ, চাওক ভিডিঅ’

By

Published : Aug 21, 2023, 4:24 PM IST

অভিনেত্ৰী কেটৰিনা কাইফ সম্প্ৰতি ব্যস্ত তেওঁৰ আগন্তুক ছবি টাইগাৰ ৩ৰ গীতৰ আখৰাত ৷ গীতটিৰ শ্বুটিঙৰ এটা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ চাওক ভিডিঅ’ ৷

Katrina Kaif spotted rehearsing for Tiger 3 song, netizens react as video goes viral
টাইগাৰ ৩ গীতৰ আখৰা কৰা দেখা গ’ল কেটৰিনা কাইফক

চিটাৰা ডেস্ক, ২১ আগষ্ট: সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে ছুপাৰষ্টাৰ ছলমান খান আৰু অভিনেত্ৰী কেটৰিনা কাইফৰ বহু প্ৰত্যাশিত ছবি টাইগাৰ ৩ কলৈ ৷ অনুৰাগীয়ে এই ছবিখনৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ এতিয়া কেটৰিনা কাইফ আৰু ছলমান খানেও টাইগাৰ ৩ ৰ মুক্তিৰ বাবে সাজু হৈছে । এই বছৰৰ এক্সন থ্ৰিলাৰ ছবিখন মুক্তি পাবলৈ সাজু হোৱাৰ বিপৰীতে অভিনেত্ৰীগৰাকীয়ে এটা গীতৰ শ্বুটিং কৰা ভিডিঅ’ ইণ্টাৰনেটত প্ৰকাশ পাইছে আৰু অতি কম সময়ৰ ভিতৰতে এই ভিডিঅ’টো ভাইৰেল হৈ পৰে ৷

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত কেটৰিনাই কোৰিঅ’গ্ৰাফাৰে দেখুওৱাৰ দৰে নিজৰ নৃত্যৰ আখৰা কৰা দেখা গৈছে । ভিডিঅ’টোত দেখা গৈছে কেটৰিনাক বেক ডান্সাৰে ঘেৰি ধৰিছে । আন এটা ভিডিঅ’ত কেটৰিনাক অষ্ট্ৰিয়াত একচন দৃশ্যৰ শ্বুটিং কৰা দেখা গৈছে। ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীয়ে কমেণ্ট ছেকচনত প্ৰকাশ কৰে নিজৰ মন্তব্য ৷ এজন অনুৰাগীয়ে কয়, "কেটৰ দৰে কোনেও কৰিব নোৱাৰে ! তাই ডান্স নাম্বাৰৰ ৰাণী !" আন এজনে লিখিছে, "এই ছবিখনৰ বাবে মই বহুত এক্সছাইটেড ৷" আন এজনে লিখিছে, "তাইৰ পৰ্দাত উপস্থিতি আচৰিত ধৰণৰ হ’ব !"

মণীশ শৰ্মাৰ পৰিচালনাত নিৰ্মিত একচন থ্ৰিলাৰ টাইগাৰ ৩ ছবিখনত ইমৰাণ হাছমী আৰু ছলমান খানে মূল চৰিত্ৰত অভিনয় কৰিছে । যদিও মুক্তিৰ তাৰিখৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিও চলিত বৰ্ষৰ শেষৰ ফালে ছবিখন ছবিগৃহত মুক্তি পোৱাৰ সম্ভাৱনা আছে।

খবৰ অনুসৰি ছুপাৰষ্টাৰ শ্বাহৰুখ খানে ছবিখনত একচন ভৰ্তি দৃশ্যৰ সৈতে কেমিঅ’ কৰিব । চলিত মাহৰ আৰম্ভণিতে মাধ আইলেণ্ডত কিং খান আৰু ছলমানে এই দৃশ্যটো শ্বুট কৰিছিল । ইফালে টাইগাৰ ৩ৰ উপৰিও কেটৰিনাক প্ৰিয়ংকা চোপ্ৰা আৰু আলিয়া ভাটৰ সৈতে ফাৰহান আখতাৰৰ ‘জি লে জৰা’ত অভিনয় কৰা দেখা যাব । ১৫ ডিচেম্বৰত মুক্তি পাবলৈ সাজু হৈছে কেটৰিনাৰ মেৰী খ্ৰীষ্টমাছ ৷

লগতে পঢ়ক:WATCH: নতুন ৰূপত ছলমান খানৰ ভিডিঅ’ ভাইৰেল, অনুৰাগীয়ে ক’লে- তেৰে নাম ২ লোডিং . . .

ABOUT THE AUTHOR

...view details