অসম

assam

Kangana Ranaut news:‘ঘৰত সোমাই মাৰিম’ এইদৰে ধমক দিলে কংগনা ৰাণাৱটে, কিন্ত কাক ?

By

Published : Feb 7, 2023, 7:00 PM IST

খং উঠিছে কংগনা ৰাণাৱটৰ । কংগনা ৰাণাৱটে তেওঁৰ পোষ্টত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ নাম উল্লেখ নকৰাকৈ ভাবুকি দিছে আৰু কৈছে যে সময় থাকোতেই সলনি হওক ন’হলে মই ঘৰত প্ৰৱেশ কৰি মাৰিম (Kangana Ranaut news) ।

KANGANA RANAUT
কংগনা ৰাণাৱট

চিটাৰা ডেস্ক, 7 ফেব্ৰুৱাৰী :বলীউডত স্পষ্টবাদিতাৰ বাবে জনাজাত কংগনা ৰাণাৱট ৷ তেওঁৰ দৃষ্টিত ভুল বুলি ভবা সকলোৰে সৈতে ফেৰ পাতিবলৈ সাজু থাকে অভিনেত্ৰীগৰাকী ৷ ছ’চিয়েল মিডিয়াত কংগনা নিজৰ ব’ল্ড ষ্টাইল তথা ষ্টেটমেণ্টৰ বাবে প্ৰায়ে শিৰোনামত থাকে । কংগনা বহুতো বিতৰ্কিত বক্তব্যৰ বাবে সদায় লাইমলাইটত থাকে বুলিয়ে ক’ব পাৰি । কংগনাই যি কথা কয়, মুকলিকৈ কয় । শেহতীয়াকৈ কংগনা থিয় দিছে বলীউড মাফিয়াৰ বিৰুদ্ধে ৷

কংগনাই মুকলিকৈ বলীউড মাফিয়াক ভাবুকি দি নিজকে সংশোধন কৰিবলৈ পৰামৰ্শ দিছে (Kangana Ranaut latest news) । জানিব পৰা মতে কংগনাই ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক টাৰ্গেট কৰি লৈছে ।

কংগনা ৰানাৱটৰ পোষ্টটোত কি আছে

কংগনা ৰাণাৱটৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী

কংগনা ৰানাৱটে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে (Kangana Ranaut instagram), য’ত লিখা আছে যে যিসকল লোক তেওঁক লৈ চিন্তিত আছিল, তেওঁলোকে এতিয়া চিন্তা কৰাৰ কোনো কাৰণ নাই কিয়নো যোৱা নিশাৰ পৰা তেওঁৰ চাৰিওফালে এনে কোনো সন্দেহজনক কাৰ্যকলাপ হোৱা নাই, কোনেও তেওঁক কেমেৰাৰ সৈতে বা কেমেৰা অবিহনেও অনুসৰণ কৰা নাই ।

কংগনা ৰানাৱট ধমক- ঘৰত সোমাই মাৰিম

কংগনাই লগতে আৰু লিখিছে, "এই বাৰ্তাটো চাংগু-মাংগু দলৰ বাবে, বাচাহঁত, তোমালোকৰ কেতিয়াও কোনো গাঁৱৰ মানুহৰ সৈতে সন্মুখীন হ’বলগীয়া হোৱা নাই, নিজকে উন্নতি কৰাৰ সময় আহি পৰিছে, আৰু মোক যিয়ে পাগল বুলি ভাবে, তেওঁ কিন্তু এইটো নাজানে যে মই কিমান পাগল" ৷

কিয় খং উঠিল কংগনা ৰানাৱটৰ ?

প্ৰকৃততে, কংগনা ৰাণাৱটৰ খং উঠাৰ কাৰণ হৈছে যে শেহতীয়াকৈ তেওঁ কৈছিল যে কোনোবাই তেওঁক অনুসৰণ কৰি আছে । কংগনাই কৈছিল যে সেই অনুসৰণকাৰীয়ে তেওঁক ঘৰৰ পৰা ছাদলৈ খেদি ফুৰিছিল । একে সময়তে, কংগনাই কৈছিল যে পাপাৰাজ্জী কেতিয়াও নিমন্ত্ৰণ নোহোৱাকৈ নাহে । প্ৰথমে তেওঁলোকক অৱগত কৰা হয় । কংগনাই এইটোও কৈছিল যে তেওঁৰ দলটোৱে কেতিয়াও টকা দি পাপাৰাজ্জীক ফোন নকৰে ।

লগতে পঢ়ক :Nayanthara on Casting Couch: অভিনেত্ৰী নয়নতাৰাই কিয় প্ৰত্যাখ্যান কৰিছিল গুৰুত্বপূৰ্ণ চৰিত্ৰৰ অফাৰ ?

ABOUT THE AUTHOR

...view details