অসম

assam

IOC: ১৪১ সংখ্যক আই অ’ চিৰ অধিবেশনত মোদীৰ ভাষণত শুই গ’ল আলিয়া, লগতে দেখা গ’ল শ্বাহৰুখ-দীপিকাকো

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 1:48 PM IST

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিবেশনৰ ভিতৰৰ ফটো পোহৰলৈ আহিছে ৷ য’ত শ্বাহৰুখ খান আৰু দীপিকাক কাষত বহি থকা দেখা গৈছে, আনহাতে আলিয়া ভাট তেওঁলোকৰ পিছফালে স্বামী ৰণবীৰ কাপুৰৰ সৈতে শুই থকা পৰিলক্ষিত হৈছে ।

IOC Shah rukh khan, Deepika Padukone, alia bhatt and ranbir kapoor at 141st International Olympic Committee Session
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিবেশনৰ ভিতৰৰ ফটো

চিটাৰা ডেস্ক, 15 অক্টোবৰ: ১৪ অক্টোবৰত নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত ১৪১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিবেশন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । এইবাৰ মুম্বাইত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিবেশন চমুকৈ আই অ’ চিৰ অধিবেশন অনুষ্ঠিত হৈছিল । এনে পৰিস্থিতিত নেতাসকলৰ লগতে বলীউডৰ বহু প্ৰবীণ তাৰকাও অধিৱেশনত অংশগ্ৰহণ কৰে । শ্বাহৰুখ খান, দীপিকা পাডুকন, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । অধিবেশনৰ পিচত নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ বাহিৰত পোজ দিয়া এই চেলিব্ৰিটিসকলৰ বহু ছবি আৰু ভিডিঅ’ ইতিমধ্যেই প্ৰকাশ পাইছে ছ’চিয়েল মিডিয়াত ।

এতিয়া চেলিব্ৰিটিসকলৰ আই অ’ চিৰ অধিবেশনৰ ভিতৰৰ ফটোও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এখন ফটোত দেখা গৈছে যে শ্বাহৰুখ খান আৰু দীপিকাক, য’ত ইগৰাকীয়ে সিগৰাকীৰ কাষত বহি আছে ৷ আনহাতে আলিয়া ভাট তেওঁলোকৰ পিছফালে বহি আছে স্বামী ৰণবীৰ কাপুৰৰ সৈতে । কিন্তু এই ফটোখনত আলিয়াক শুই থকা দেখা গৈছে, যাৰ বাবে ফটোখন ভাইৰেল হোৱাৰ লগে লগে অভিনেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰিছে একাংশই ।

ছ’চিয়েল মিডিয়াত সমালোচিত হ’ল আলিয়া-ৰণবীৰ

এজন ব্যৱহাৰকাৰীয়ে লিখিছে - আলিয়া ইমানেই বিৰক্ত হ’ল যে আলিয়া টোপনিয়ে গ’ল । আন এজন ব্যক্তিয়ে মন্তব্য কৰিলে- 'আলিয়া ঘৰলৈ যোৱাৰ প্ৰয়োজন ।' আনহাতে এজন ব্যৱহাৰকাৰীয়ে মন্তব্যত লিখিছে - 'আলিয়া শুই গৈছে ।' ইয়াৰ উপৰিও দীপিকা পাডুকনৰ সৈতে থকা সম্পৰ্কৰ বাবেও নেটিজেনে ৰণবীৰ কাপুৰক ট্ৰ’ল কৰা পৰিলক্ষিত হৈছে । এজন ব্যক্তিয়ে লিখিছে- যেতিয়া আপোনাৰ প্ৰাক্তন প্ৰেমিকা আপোনাৰ সন্মুখত বহি থাকে আৰু আপোনাৰ সংগী শুই থাকে ।’

উল্লেখ্য যে এই ছবিখন আৰু এটা ভিডিঅ’ দীপিকা পাডুকনৰ ফেন পেজে এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰিছে । ভিডিঅ’টোত শ্বাহৰুখক ক’লা চুট পৰিধান কৰা দেখা গৈছে । ক’লা চুটটোৰ লগত বগা চাৰ্ট যোৰ কৰিছিল কিং খানে । আনহাতে, দীপিকাই ইভেণ্টৰ বাবে ধূসৰ ৰঙৰ পেণ্ট ছুট পৰিধান কৰি লেডী বছ লুকত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । আনহাতে, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ কথা ক’বলৈ গ’লে নীলা ৰঙৰ সাজ-পোছাক বাছি লৈছিল এই দম্পতীয়ে । ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে এই চাৰি তাৰকাৰ এই ছবিখন ।

লগতে পঢ়ক:Hrithik Roshan in Metro: মেট্ৰ’ৰে কৰ্মস্থলীলৈ গ’ল হৃতিক ৰোশন, নিজৰ প্ৰিয় তাৰকাক ওচৰত পাই উৎফুল্লিত অনুৰাগী

ABOUT THE AUTHOR

...view details