ETV Bharat / entertainment

Hrithik Roshan in Metro: মেট্ৰ’ৰে কৰ্মস্থলীলৈ গ’ল হৃতিক ৰোশন, নিজৰ প্ৰিয় তাৰকাক ওচৰত পাই উৎফুল্লিত অনুৰাগী

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 4:57 PM IST

Hrithik Roshan took metro to go at set for action shoot, actor's GF Saba Azad drops comment
মেট্ৰ’ত হৃতিক ৰোশন

আজি হৃতিক ৰোশনে মেট্ৰ’ৰে যাত্ৰা কৰি শ্বুটিঙৰ চেটত উপস্থিত হয় ৷ মেট্ৰ’ৰ কিছুমান ছবিও শ্বেয়াৰ কৰিছে অভিনেতাগৰাকীয়ে ৷ চাওক ছবিসমূহ ৷

চিটাৰা ডেস্ক, 13 অক্টোবৰ: হৃতিক ৰোশনে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে তেওঁৰ আগন্তুক একচন ছবি ‘ফাইটাৰ’ৰ বাবে । এই ছবিখনৰ শ্বুটিং সম্পৰ্কে প্ৰতিদিনে নতুন নতুন আপডেট আহি আছে । শেহতীয়াকৈ হৃতিক ৰোশন আৰু দীপিকা পাডুকনৰ অভিনীত ফাইটাৰ ছবিখনৰ এটি গীতৰ শ্বুটিং বিদেশত হৈছে । এই গীতটোৰ শ্বুটিঙৰ ছবিও ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইফালে আজি ১৩ অক্টোবৰত হৃতিক ৰোশনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু সুন্দৰ ছবি শ্বেয়াৰ কৰিছে । এই ছবিসমূহ মেট্ৰ’ ট্ৰেইনৰ ভিতৰৰ, য’ত হৃতিকক তেওঁৰ অনুৰাগীৰ সৈতে দেখা গৈছে । এই পোষ্টটোৰ কেপচনত এই ছবিবোৰৰ আঁৰৰ কাহিনীৰ বিষয়েও অভিনেতাগৰাকীয়ে বৰ্ণনা কৰিছে ৷

অনুৰাগীৰ সৈতে সুখী দেখা গৈছে হৃতিকক

অনুৰাগীৰ সৈতে ছবি শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে,‘‘আজি মই মেট্ৰ’ৰে কৰ্মস্থলীলৈ যাত্ৰা কৰিছিলো আৰু মেট্ৰ’ত কিছুমান আচৰিত মানুহক লগ পালোঁ, তেওঁলোকে মোক দিয়া মৰম আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো, এই অভিজ্ঞতাটো আছিল অতি সুন্দৰ ৷ মই এই সময়চোৱাত গৰমক পৰাস্ত কৰিছো আৰু নিজকে ট্ৰেফিকৰ পৰাও ৰক্ষা কৰিলোঁ আৰু মই এটা একচন দৃশ্যৰ বাবে গৈ আছিলো, গতিকে মই মোৰ পিঠিখন বিষৰ পৰা ৰক্ষা কৰিলোঁ ।’’

এই ছবিসমূহত ক’লা টি-চাৰ্ট, নীলা ডেনিম আৰু ক’লা কেপ পৰিধান কৰা পৰিলক্ষিত হৈছে । একে সময়তে হৃতিকে মেট্ৰ’ত মহিলা যাত্ৰীৰ সৈতে তেওঁৰ কিছুমান সুন্দৰ ছবিও শ্বেয়াৰ কৰিছিল । একে সময়তে এই পোষ্টটোত এটি ভিডিঅ’ও শ্বেয়াৰ কৰিছে, য’ত হৃতিক ৰোশনে মেট্ৰ’ৰ এটা চুকত থিয় হৈ থকা পৰিলক্ষিত হৈছে ।

হৃতিকৰ প্ৰেয়সীয়ে দিলে মন্তব্য

অভিনেতাগৰাকীৰ প্ৰেমিকা ছাবা আজাদেও অভিনেতাগৰাকীৰ এই পোষ্টটোৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰিছে । এই পোষ্টটোত ‘Love’ বুলি লিখি নিজৰ সুখ প্ৰকাশ কৰিছে ছাবা আজাদে । ইয়াৰ লগতে ১ লাখ ৯৪ হাজাৰতকৈ অধিক অনুৰাগীয়ে লাইক কৰিছে আৰু লগতে মন্তব্যও কৰিছে একাংশই ।

ফাইটাৰ ছবিখনৰ বিষয়ে

ফাইটাৰ ছবিখনৰ বিষয়ে ক’বলৈ গ’লে, এইখনত হৃতিকে বায়ুসেনাৰ এজন বিষয়াৰ চৰিত্ৰত অভিনয় কৰিব । ছবিখনত অভিনয় কৰিছে দীপিকা পাডুকন আৰু অনিল কাপুৰে । পাঠানৰ পৰিচালক সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত কৰা হৈছে ছবিখন । ২০২৪ চনৰ ২৫ জানুৱাৰীত গণৰাজ্য দিৱস উপলক্ষে মুক্তি পাব ছবিখন ।

লগতে পঢ়ক: Indian Cinema Festival at RFC: চিনেমা মহোৎসৱ উপলক্ষে ৰামোজী ফিল্ম চিটিয়ে আগবঢ়াইছে বিশেষ অফাৰ, ৪৬ দিনলৈ চলিব এই উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.