ETV Bharat / entertainment

Indian Cinema Festival at RFC: চিনেমা মহোৎসৱ উপলক্ষে ৰামোজী ফিল্ম চিটিয়ে আগবঢ়াইছে বিশেষ অফাৰ, ৪৬ দিনলৈ চলিব এই উদযাপন

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 3:49 PM IST

110 Year of Indian Cinema Festival at Ramoji Film City in Hyderabad
হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত ১১০ বছৰীয়া ভাৰতীয় চিনেমা মহোৎসৱ

হায়দৰাবাদৰ বিশ্ববিখ্যাত ৰামোজী ফিল্ম চিটিত আৰম্ভ হৈছে ১১০ বছৰীয়া ভাৰতীয় চিনেমা মহোৎসৱ । পূৰ্ণগতিত চলিছে চিনেমাৰ মনোৰঞ্জন আৰু কাৰ্নিভেল পেৰেড । ৪৬ দিনলৈ উদযাপন কৰা হ’ব এই অভূতপূৰ্ব উৎসৱ।

চিটাৰা ডেস্ক, 13 অক্টোবৰ: তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ বিশ্ববিখ্যাত ৰামোজী ফিল্ম চিটিত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ১১০ বছৰীয়া ভাৰতীয় চিনেমা মহোৎসৱ । চিনেমাৰ মনোৰঞ্জন আৰু কাৰ্নিভেল পেৰেডে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা এই বৃহৎ উৎসৱ ৪৬ দিনলৈ চলিব । ন-ন সৌন্দৰ্যৰে পৰ্যটকক আদৰণি জনাইছে ৰামোজী ফিল্ম চিটিয়ে ।

১১০ বছৰীয়া ভাৰতীয় চিনেমা মহোৎসৱৰ বাবে ৰামোজী ফিল্ম চিটিক সাইলাখ স্বৰ্গপুৰীৰ দৰে সজাই তোলা হৈছে । ৰঙীন পোহৰ আৰু বিভিন্ন জাক-জমকতাৰে পৰ্যটকক মোহিত কৰাৰ এক নতুন অভিজ্ঞতা লাভ কৰিছে ৰামোজী ফিল্ম চিটিয়ে । বিভিন্ন ধৰণৰ প্ৰদৰ্শনেৰে প্ৰতিটো মুহূৰ্তত পৰ্যটকক দিছে অন্তহীন মনোৰঞ্জন ।

ফিল্ম চিটি কাৰ্নিভেল পেৰেডে দৰ্শকক মনোমোহা পথৰ মাজেৰে লৈ গৈছে অন্য এখন পৃথিৱীলৈ। তেলুগুভাষী ৰাজ্য তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ উপৰিও মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, কেৰালাকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা চিনেমাৰ মনোৰঞ্জন উপভোগ কৰিবলৈ আহিছে পৰ্যটক । কি শিশু, কি ডেকা-গাভৰু, কি বয়োজেষ্ঠ সকলোকে এই উৎসৱত অংশগ্ৰহণ কৰা দেখা গৈছে ৷ ইফালে শিশুসকলে কয় যে তেওঁলোকে চৰাই উদ্যান, জলপ্ৰপাত, বিশাল চকা, বৈদ্যুতিক ৰে’ল যাত্ৰা আৰু ঘোঁৰাত উঠি যথেষ্ট আনন্দ অনুভৱ কৰিছে ৷

আনহাতে এই সুন্দৰ ঠাইডোখৰ উপভোগ কৰি বয়োজ্যেষ্ঠসকলেও সুখ প্ৰকাশ কৰিছে । অতি আকৰ্ষণীয় মহাভাৰতম চিনেৱৰ্ল্ড । সন্ধিয়া জিলিকি থকা বৈদ্যুতিক লাইটবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এই আচৰিত ঠাইডোখৰ উপভোগ কৰিবলৈ ভিৰ কৰিছেহি বৃহৎ সংখ্যক পৰ্যটকে । মূলতঃ এই উৎসৱ ২৬ নৱেম্বৰত পালন কৰা হ’ব । ইফালে ফিল্মচিটিৰ পৰিচালনা সমিতিয়ে বিভিন্ন পেকেজেৰে টিকট ক্ৰয় কৰা সকলক সন্তোষজনক অফাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক: Asian Academy Creative Awards: বিজয় বৰ্মালৈ ‘দহাড়’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান, অভিনেতাগৰাকীয়ে এনেদৰে জনালে ধন্যবাদ

লগতে পঢ়ক: MICE 2023 : দিল্লীত স্থাপন কৰা ৰামোজী ফিল্ম চিটিৰ ষ্টললৈ ব্যাপক সঁহাৰি দৰ্শকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.