অসম

assam

Kangana Ranaut: বলীউড মাফিয়াৰ বিৰুদ্ধে প্ৰশ্ন নকৰাৰ বাবে পাপাৰাজীক কংগনাই ক’লে এই কথা

By

Published : Mar 29, 2023, 10:18 PM IST

আমেৰিকান অভিনেতা তথা পডকাষ্ট আয়োজক ডেক্স ৰেণ্ডেলৰ সৈতে প্ৰিয়ংকা চোপ্ৰাৰ শেহতীয়া সাক্ষাৎকাৰৰ পিচতে চলচ্চিত্ৰ জগতত তোলপাৰ লাগিছে ৷ প্ৰিয়ংকাৰ মন্তব্যক কংগনাই সমৰ্থন কৰি কৰণ জোহৰক সমালোচনা কৰিছিল (Kangana Ranaut on movie mafia) ৷ শেহতীয়াকৈ কংগনাই বলীউড মাফিয়াৰ বিৰুদ্ধে প্ৰশ্ন নকৰাৰ বাবে পাপাৰাজীক কয়, "তোমালোক বৰ চতুৰ ৷"

Bachcha main sab samajti hun Kangana Ranaut to paps as they didnt quiz her about film mafia controversy
মুম্বাই বিমানবন্দৰত দেখা গ’ল বলীউডৰ কুইন কংগনা ৰানাৱটক

চিটাৰা ডেস্ক, 29 মাৰ্চ: বুধবাৰে মুম্বাই বিমানবন্দৰত দেখা গ’ল বলীউডৰ কুইন কংগনা ৰানাৱটক (Kangana Ranaut spotted at Mumbai airport) । বিমানবন্দৰৰ বাহিৰত থকা পাপাৰাজীৰ সৈতে আজি কথা-বতৰাৰ পতাৰ মুডত থকা যেন দেখা পোৱা গ’ল স্পষ্টবাদী হিচাপে পৰিচিত কংগনাক । আমেৰিকান অভিনেতা তথা পডকাষ্টৰ আয়োজক ডেক্স ৰেণ্ডেলৰ সৈতে প্ৰিয়ংকা চোপ্ৰাৰ সাক্ষাৎকাৰৰ বিষয়ে পেপছক ক’বলৈ ইচ্ছুক দেখা গ’ল কংগনাক (Kangana Ranaut on Priyanka chopra controversy) ৷

উল্লেখ্য যে, প্ৰিয়ংকাৰ শেহতীয়া সাক্ষাৎকাৰত প্ৰিয়ংকাই বলীউডৰ লেতেৰা ৰাজনীতিৰ বিষয়ে উল্লেখ কৰে (Priyanka chopra podcast with Dax Randall) ৷ প্ৰিয়ংকা চোপ্ৰাই কয় যে, তেওঁ বলীউডৰ ৰাজনীতিত ভাগৰি পৰিছিল ৷ তেওঁ বিচৰা ধৰণে বলীউডত কাম পোৱা নাছিল ৷ অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে বলীউডত তেওঁক দিয়া কামত তেওঁ সুখী নাছিল । সেয়াহে তেওঁ বলীউড এৰি যোৱাৰ সিদ্ধান্ত লৈছিল ৷ প্ৰিয়ংকাই কয় যে তেওঁক বলীউডত কাষ্ট কৰা হোৱা নাছিল ৷ প্ৰিয়ংকাই ৰাজনীতি কৰিব নোৱাৰে বাবেই বলীউড এৰি যোৱাৰ সিদ্ধান্ত লৈছিল ৷

প্ৰিয়ংকাৰ এই মন্তব্যৰ পিচতেই পোনপ্ৰথমেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বলীউডৰ কুইন কংগনা ৰানাৱটে ৷ কংগনা ৰানাৱটে প্ৰিয়ংকাক সমৰ্থন কৰাৰ লগে লগে ছবি পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰী, অপূৰ্ব আছৰানী আৰু অমাল মালিকেও প্ৰিয়ংকাক সমৰ্থন কৰা দেখা যায় (Kangana Ranaut on movie mafia) ৷

প্ৰিয়ংকাৰ সাক্ষাৎকাৰত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰা কংগনাই শ্বাহৰুখ খানৰ সৈতে দেশী গাৰ্লৰ "বন্ধুত্ব"ক লৈ কৰণে কৰা "হাৰাশাস্তি"ক লৈ কৰণ জোহৰক তীব্ৰ সমালোচনা কৰে । বিমানবন্দৰত দেখা পোৱাৰ লগে লগে অভিনেত্ৰীগৰাকীয়ে ভাবিছিল যে পাপাৰাজীয়ে প্ৰত্যেকবাৰৰ দৰে এইবাৰো চলি থকা বিতৰ্কৰ বিষয়ে তেওঁক প্ৰশ্ন কৰিব । কিন্তু কংগনাই ভৱাৰ দৰে একো নহ’ল, কাৰণ পাপাৰাজীয়ে কোনো ধৰণৰ বিতৰ্কিত প্ৰশ্ন নকৰিলে কংগনাক (Kangana Ranaut takes did at paparazzi) ৷

সেয়াহে পাপাৰাজীৰ মৌনতাক লৈ অভিনেত্ৰীগৰাকীয়ে কয় যে যদি তেওঁৰ নাম কোনো বিতৰ্কত জড়িত হয় তেন্তে সংবাদ মাধ্যমে তেওঁক প্ৰশ্ন কৰে । লগতে হিন্দীত কংগনাই পাপাৰাজীক কয়, "তোমালোক বৰ চতুৰ ! যদি কোনো বিতৰ্ক বলীউড মাফিয়াৰ লগত জড়িত হয়, তেন্তে কোনেও প্ৰশ্ন নকৰে । তোমালোকে কিয় প্ৰশ্ন কৰা নাই ?"। বিমানলৈ যোৱাৰ পূৰ্বে কংগনাই পাপছক কয়, "বচ্চা মে সব ছমজতা হু ৷ " ইয়াৰ পিচত পাপাৰাজীক ফটোৰ প’জ দিয়ে কংগৱাই ৷

লগতে পঢ়ক:Kangana Ranaut On Diljit Dosanjh: পুনৰবাৰ দিলজিৎ দোসাঞ্জক টাৰ্গেট কৰিলে কংগনাই

ABOUT THE AUTHOR

...view details