ETV Bharat / entertainment

Kangana Ranaut On Diljit Dosanjh: পুনৰবাৰ দিলজিৎ দোসাঞ্জক টাৰ্গেট কৰিলে কংগনাই

author img

By

Published : Mar 22, 2023, 6:14 PM IST

অমৃতপল সিঙৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীয়ে চলোৱা অভিযানৰ মাজতে বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে ছ’চিয়েল মিডিয়াত খালিস্তানী সন্দৰ্ভত কেইবাটাও পোষ্ট শ্বেয়াৰ কৰে ৷ এটা পোষ্টত অভিনেতা তথা কণ্ঠশিল্পী দিলজিৎ দোসাঞ্জক টাৰ্গেট কৰি "পৰৱৰ্তী নম্বৰ আপোনাৰ" বুলি মন্তব্য কৰে কংগনাই ৷

Pols aa gayi pols, says Kangana Ranaut warning Daljit Dosanjh alleging many Punjabi celebs suffer from Khalistani virus
কংগনা বনাম দিলজিৎ

চিটাৰা ডেস্ক, 22 মাৰ্চ: কংগনা ৰাণাৱট আৰু বিৰ্তক যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ নিজৰ বিতৰ্কিত মন্তব্যৰে প্ৰায়ে সামাজিক মাধ্যমত চৰ্চা লাভ কৰা কংগনাই (Kangana Ranaut controversy) ৷ এইবাৰ পুনৰ পুৰণি শত্ৰু অভিনেতা তথা কণ্ঠশিল্পী দিলজিৎ দোসাঞ্জক টাৰ্গেট কৰিলে কংগনাই (Kangana Ranaut warns Daljit Dosanjh) ৷ শেহতীয়াকৈ পলাতক খালিস্তানী সমৰ্থক 'ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে পঞ্জাৱ আৰক্ষীয়ে (Punjab Police issued NBW against Amritpal)।

Pols aa gayi pols, says Kangana Ranaut warning Daljit Dosanjh alleging many Punjabi celebs suffer from Khalistani virus
কংগনাৰ ছ’চিয়েল মিডিয়াত পোষ্ট

এইসমূহ চলি থকাৰ মাজতে কংগনাই দিলজিতৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এক সতৰ্কবাণী জাৰি কৰি পোষ্ট কৰিছে । এইকেইদিন ছ’চিয়েল মিডিয়াত চলি থকা এটা জনপ্ৰিয় মিম শ্বেয়াৰ কৰি কংগনাই টুইট কৰিছিল । কংগনাই টুইটাৰ আৰু ইনষ্টাগ্ৰাম ষ্ট’ৰীজত শ্বেয়াৰ কৰিছিল পোষ্ট, যিটো পোষ্ট প্ৰথমে ছুইগি ইণ্ডিয়াই পোষ্ট কৰিছিল (Kangana Ranaut On Diljit Dosanjh) ।

পোষ্টটোত বহু ধৰণৰ মাহজাতীয় শস্য দেখুওৱা হৈছিল, য’ত লিখা আছিল ‘মাহজাতীয় শস্য আহি গ’ল’ । দিলজিতক টেগ কৰি কংগনাই টুইটত লিখিছে ‘মাত্ৰ কোৱা’। অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীছত লিখা খালিস্তান শব্দটোত ক্ৰছড আউট চিহ্নৰ ষ্টীকাৰ সংযোজন কৰে (Pols aa gayi pols says kangana to Diljit)। লগতে লিখে,"দিলজিত দোছাঞ্জ জী পলছ আহি গ’ল পলছ ।"

Pols aa gayi pols, says Kangana Ranaut warning Daljit Dosanjh alleging many Punjabi celebs suffer from Khalistani virus
কংগনাৰ ছ’চিয়েল মিডিয়াত পোষ্ট

"পৰৱৰ্তী নম্বৰ আপোনাৰ"

আন এটা পোষ্টত অভিনেত্ৰীগৰাকীয়ে লিখিছে, "খালিস্তানীক সমৰ্থন কৰা সকলোৱে মনত ৰাখিব যে পৰৱৰ্তী নম্বৰ আপোনাৰ ৷ নিৰ্বাচন আহিল, এতিয়া আৰু সেই সময় নাই, যেতিয়া যিকোনো লোকে যি মন যায় কৰিছিল অথবা দেশক বিশ্বাসঘাতকতা কৰিছিল বা ভাঙিবলৈ চেষ্টা কৰিছিল ৷ আপুনি পৰৱৰ্তী নম্বৰ, আৰক্ষী ইয়াত আছে । এতিয়া কোনেও নিজৰ ইচ্ছামতে যি কোনো কাম কৰিব নোৱাৰিব । দেশক ঠগিব বিচাৰিছে বা টুকুৰা টুকুৰ কৰিব বিচাৰিছে, কিন্তু এইটোৰ বাবে আপোনাক বহু সময় লাগিব (Kangana on Khalistan movement) ৷ "

Pols aa gayi pols, says Kangana Ranaut warning Daljit Dosanjh alleging many Punjabi celebs suffer from Khalistani virus
কংগনাৰ ছ’চিয়েল মিডিয়াত পোষ্ট

উল্লেখ্য যে, শনিবাৰে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিং আৰু অমৃতপাল সিঙৰ সহযোগীসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পিচতে কংগনাই এই পোষ্টসমূহ শ্বেয়াৰ কৰিছে (154 people arrested disturbing peace in Punjab)। আৰক্ষীয়ে জনোৱা মতে, ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰাৰ বাবে ১৫৪ জন লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে ।

২০২০ চনত লুধিয়ানাৰ কংগ্ৰেছৰ সাংসদ ৰৱনীত সিং বিট্টুৱে দিলজিতক খালিস্তানীক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰিছিল । দিলজিতে উত্তৰ দিছিল, ‘মই এজন ভাৰতীয় কৰদাতা, যিয়ে সদায় প্ৰয়োজনৰ সময়ত দেশ আৰু পঞ্জাৱৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দি আহিছে । "

লগতে পঢ়ক: Amritpal Singh Case : অমৃতপাল সিঙৰ বিৰুদ্ধে লুকআউট চাৰ্কুলাৰ, জামিনবিহীন ৱাৰেণ্ট জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.