অসম

assam

থাওৰাত ৰাইজৰ আৰ্শীবাদ বিচাৰি প্ৰচাৰ পত্ৰিকা বিতৰণ অখিল গগৈৰ

By

Published : Oct 5, 2021, 9:10 PM IST

কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদে মিত্ৰতা স্থাপনেৰে উপ-নিবাৰ্চনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চেষ্টা কৰিছিল যদিও সকলো বুমেৰাং হৈ পৰিল । কিন্তু অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলেও থাওৰাত বিজেপ -কংগ্ৰেছৰ সামানে থাওৰা দখলৰ চেষ্টা কৰিছে । সময়ত হে পৰিলক্ষিত হ'ব থাওৰাৰ ৰাইজে কাক আৰ্শীবাদ দিব ।

Akhil Gogoi campaign at Thaora constituency with Dharjya Knowar
থাওৰাত ৰাইজৰ আৰ্শীবাদ বিচাৰি প্ৰচাৰ পত্ৰিকা বিতৰণ অখিল গগৈৰ

মৰাণ, 5 অক্টোবৰ : থাওৰা উপ- নিবাৰ্চনক লৈ দল সমূহৰ তৎপৰতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদে মিত্ৰতা স্থাপনেৰে উপ-নিবাৰ্চনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চেষ্টা কৰিছিল যদিও সকলো বুমেৰাং হৈ পৰিল । কংগ্ৰেছে থাওৰাৰ বাবে মনোৰঞ্জন কোঁৱৰৰ নাম ঘোষণা কৰা দিনটোতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰক লৈ থাওৰা সমষ্টিৰ গাঁৱে গাঁৱে ৰাইজৰ মাজলৈ গৈ ৰাইজৰ আৰ্শীবাদ বিচাৰি প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা পৰিলক্ষিত হয় ।

থাওৰাত ৰাইজৰ দল প্ৰচাৰ

শাসক দল বিজেপিৰ সমান্তৰালভাৱে ৰাইজৰ দলে এটা মাহৰ পূৰ্বৰ পৰাই ধৈৰ্য্য কোঁৱৰক প্ৰাৰ্থী ঘোষণা কৰি প্ৰচাৰ চলাই আহিছে । মঙলবাৰৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰেও দলীয় সমৰ্থক লৈ প্ৰচাৰ আৰম্ভ কৰিছে । এনে পৰিবেশত থাওৰাত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ মিত্ৰতা বুমেৰাং হোৱা যেন অনুমান কৰিব পাৰি । আনহাতে থাওৰাত শাসক দল বিজেপিয়ে সুশান্ত বৰগোহাঁইক জয় কৰাই নিবলৈ সকলো ধৰণৰ চেষ্টা কৰিছে ।

ৰাইজৰ দল প্ৰচাৰ

প্ৰতিখন নিৰ্বাচনী সভাত চৰকাৰী পক্ষৰ মন্ত্ৰী বিধায়কে এখনৰ পাছত আন এখন আঁচনি ঘোষণা কৰি ৰাইজক বিজেপিৰ পক্ষত ৰখাৰ চেষ্টা কৰিছে । কিন্তু অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলেও থাওৰাত বিজেপ -কংগ্ৰেছৰ সামানে থাওৰা দখলৰ চেষ্টা কৰিছে । সময়ত হে পৰিলক্ষিত হ'ব থাওৰাৰ ৰাইজে কাক আৰ্শীবাদ দিব।

থাওৰাত ৰাইজৰ আৰ্শীবাদ বিচাৰি প্ৰচাৰ পত্ৰিকা বিতৰণ অখিল গগৈৰ

লগতে পঢ়ক :ৰাইজৰ দলৰে নিসিজিল চাউল; মৰিয়নি-ভৱানীপুৰৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details