অসম

assam

শিৱসাগৰত টাই আহোম যুৱ পৰিষদৰ অৱস্থান ধৰ্মঘট

By

Published : Aug 19, 2020, 4:40 PM IST

টাই আহোমক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, স্বায়ত্ব শাসন ব্যৱস্থা দিয়া, কা বাতিল কৰা আৰু EIA ৰ প্ৰত্যাহাৰ কৰা : অন্যথা আগন্তুক নিৰ্বাচনত প্ৰত্যুত্তৰ দিব 40 লাখ আহোমে ।

2 Hours Strike by Tai Ahom Youth Council at Sivasagar
2 Hours Strike by Tai Ahom Youth Council at Sivasagar

শিৱসাগৰ, 19 আগষ্ট: শিৱসাগৰত বুধবাৰে টাই আহোম যুৱ পৰিষদৰ অৱস্থান ধৰ্মঘট । শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷

সংগঠনটোৱে টাই আহোমক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, স্বায়ত্ব শাসন ব্যৱস্থা দিয়া, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা আৰু EIA ৰ বিৰোধিতাৰে এই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চাৰি দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰও ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

শিৱসাগৰত টাই আহোম যুৱ পৰিষদৰ অৱস্থান ধৰ্মঘট

আনহাতে এই দাবী পূৰণ কৰাৰ বাবে অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যৰ 40 লাখ আহোমে আগন্তুক নিৰ্বাচনত শাসকীয় বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিব বুলিও সকীয়নি প্ৰদান কৰে ।

লগতে চাওক-মহানগৰীত পণ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

ABOUT THE AUTHOR

...view details