ETV Bharat / state

মহানগৰীত পণ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

author img

By

Published : Aug 19, 2020, 12:41 PM IST

লকডাউনৰ ফলশ্ৰুতিত ২০ টকীয়া আলু বজাৰত বেচিছে ৩০-৪০ টকা দৰত ৷ সমান্তৰালভাৱে প্ৰতি কিলো পিয়াঁজ বিক্ৰী কৰিছে ৫০-৬০ টকা দৰত ৷ দাম বৃদ্ধি কৰিছে ভেণ্ডি, গাজৰ, বিলাহী, মূলা, আদিৰো ৷ মূলা প্ৰতি কিলোত প্ৰায় ২০০ টকা দৰত বিক্ৰী কৰাৰ পৰিৱৰ্তে গাজৰ প্ৰতি কিলোত ১৬০ টকা, ভেণ্ডি ১২০ টকা দৰত বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু লক্ষনীয়ভাৱে দাম বৃদ্ধি হোৱা পৰিলক্ষিত হোৱা নাই চাউল, দাইল, মিঠাটেল আদি গেলামালৰ সামগ্ৰীসমূহৰ ৷

Assam
গুৱাহাটী

গুৱাহাটী, ১৮ আগষ্টঃ প্ৰায় ছমাহৰ অন্তত সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীলৈও কিছু শিথিলতা নামি আহিছে ৷ কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ৰাজ্যজুৰি ঘোষণা কৰা হৈছিল লকডাউন ৷ জাৰি কৰা হৈছিল সান্ধ্য আইন ৷ যাৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল সৰু-বৰ সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বৰ্তমান কৰ'ণাৰ সংহাৰ কিছু পৰিমাণে স্তিমিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে লকডাউন ৷

কৰ'ণা সজাগতাৰ সকলোবোৰ চৰকাৰী নীতি-নিয়ম মানি চলি পথৰ দুয়োকাষে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ সোমবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীটো চৰকাৰী নীতি-নিয়ম মানি খোলা পৰিলক্ষিত হ’ল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ পঞ্চাশ শতাংশ যাত্ৰীৰে সৈতে চলিল চিটি বাছসমূহ ৷ কিন্তু বজাৰলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ আহিহে মূৰে-কপালে হাত দিব লগা হৈছে গ্ৰাহক সমাজে ৷ কাৰণ জুই চাই দাম অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ ৷ দীৰ্ঘদিন ধৰি চলা থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত আকাশলংঘী হ’ল প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷

লগতে পঢ়কঃ অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰঃ অশ্বিনী পাইট

বিশেষকৈ মূল্য বৃদ্ধি ঘটিছে কেঁচা খাদ্য সামগ্ৰী যেনে আলু, পিয়াঁজকে ধৰি অন্যান্য শাক-পাচলিৰ ৷ লকডাউনৰ ফলশ্ৰুতিত ২০ টকীয়া আলু বজাৰত বেচিছে ৩০-৪০ টকা দৰত ৷ সমান্তৰালভাৱে প্ৰতি কিলো পিয়াঁজ বিক্ৰী কৰিছে ৫০-৬০ টকা দৰত ৷ দাম বৃদ্ধি কৰিছে ভেণ্ডি, গাজৰ, বিলাহী, মূলা, আদিৰো ৷ মূলা প্ৰতি কিলোত প্ৰায় ২০০ টকা দৰত বিক্ৰী কৰাৰ পৰিৱৰ্তে গাজৰ প্ৰতি কিলোত ১৬০ টকা, ভেণ্ডি ১২০ টকা দৰত বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু লক্ষনীয়ভাৱে দাম বৃদ্ধি হোৱা পৰিলক্ষিত হোৱা নাই চাউল, দাইল, মিঠাটেল আদি গেলামালৰ সামগ্ৰী সমূহৰ ৷

মূল্যবৃদ্ধি হ’লেও গ্ৰাহকে ক্ৰয় কৰিব লগা হৈছে সামগ্ৰী ৷ দুই এজন গ্ৰাহকে এনে অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰিছে যদিও উপায়ন্তৰ হৈ সেই দামতে ক্ৰয় কৰিব লগাত পৰিছে সামগ্ৰীসমূহ ৷ পাছে ৰাজ্যৰ যোগান বিভাগে সামগ্ৰীৰ এনে অস্বাভাৱিক মূল্য বৃদ্ধিৰ প্ৰতি কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.