অসম

assam

Assam Mizoram Border dispute : সীমা সমস্যা সমাধানৰ বাবে আইজলত দুয়ো ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

By

Published : Aug 9, 2022, 10:39 AM IST

Updated : Aug 9, 2022, 12:18 PM IST

Assam Mizoram Border dispute

অসম-মিজোৰামৰ মাজৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্য আজি পুনৰ বৈঠকত মিলিত হ’ব দুয়োখন ৰাজ্যৰ প্ৰতিনিধি (Assam Mizoram meeting at Aizwal on Border dispute) ৷ মঙলবাৰে দিনৰ 2.30 বজাত মিজোৰামৰ আইজল ক্লাৱত অনুষ্ঠিত হ’ব এই বৈঠক ৷

নিউজ ডেস্ক, 9 আগষ্ট: দীৰ্ঘদিন ধৰি সীমা সমস্যাৰে জৰ্জৰিত হৈ আছে অসম (Border disputes in Assam) ৷ অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ সীমা বিবাদ অব্যাহত আছে ৷ অসম-অৰুণাচল, অসম-মিজোৰাম, অসম-মেঘালয়, অসম-নাগালেণ্ডৰ সীমাক লৈ বিভিন্ন সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে (Assam border disputes) ৷

2021 চনৰ 26 জুলাইত কাছাৰ জিলাৰ লাইলাপুৰৰ অসম-মিজোৰাম সীমান্তত সংঘটিত হৈছিল সীমা বিবাদৰ নামত এক জঘন্য ঘটনা (Assam Mizoram border dispute in Lailapur) ৷ মিজো দুস্কৃতিকাৰীৰ অতৰ্কিত আক্ৰমণত প্ৰাণ হেৰুৱাইছিল 6 জন অসম আৰক্ষীৰ জোৱান আৰু দুজন সাধাৰণ লোকে ৷ তাৰ পিচৰে পৰাই মিজোৰামৰ সৈতে সম্পৰ্ক অধিক বিঘ্নিত হৈছিল অসমৰ ৷

কিন্তু চৰকাৰীভাৱে এই সমস্যা সমাধানৰ ক্ষেত্ৰত ইতিমধ্যে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ঘটনাৰ পাচতেই দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৃষ্ঠপোষকতাত আলোচনাত মিলিত হৈছিল অসম আৰু মিজোৰামৰ প্ৰতিনিধিৰ দল (Assam Mizoram border issue)৷ দুয়োখন ৰাজ্যৰ মুখ্য সচিবে এই সীমা বিবাদ আৰু আক্ৰমণৰ সন্দৰ্ভত আলোচনা কৰি ইয়াৰ সমাধান সূত্ৰ বিচাৰিছিল ৷ কিন্তু অজ্ঞাত কাৰণত এই সমাস্যা সমাধান প্ৰক্ৰিয়া স্থৱিৰ হৈ ৰৈছে ৷

অসম-মিজোৰামৰ মাজৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্য আজি পুনৰ বৈঠকত মিলিত হ’ব দুয়োখন ৰাজ্যৰ প্ৰতিনিধি (Assam Mizoram meeting at Aizwal on Border dispute) ৷ মঙলবাৰে দিনৰ 2.30 বজাত মিজোৰামৰ আইজল ক্লাৱত অনুষ্ঠিত হ’ব এই বৈঠক ৷

ইতিমধ্যে আজি পুৱাই আইজললৈ ৰাওনা হৈছে অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ৷ মিজোৰামলৈ উৰা মৰাৰ পূৰ্বে মন্ত্ৰী অতুল বৰাই ইটিভি ভাৰতৰ আগত কয় যে, দুয়োখন ৰাজ্যৰ মাজত চলি থকা সীমা বিবাদ নিষ্পতিকৰণৰ উদ্দেশ্যেই এই বৈঠক অনুষ্ঠিত কৰা হৈছে ৷ বৈঠকত মিজোৰামৰ হৈ উপস্থিত থাকিব গৃহমন্ত্ৰী লালচাম লাইনা ৷

উল্লেখ্য যে, ইতিমধ্যে সীমা সমস্যা সন্দৰ্ভত মেঘালয় আৰু অৰুণাচলৰ লগত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে ৷ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হৈ সীমা সমস্যা সন্দৰ্ভত আলোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু বৰ্তমানলৈকে মিজোৰাম আৰু নাগালেণ্ডৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যায়ত বৈঠক হোৱা নাই ৷

লাইলাপুৰৰ ঘটনাৰ পাচতে মিজোৰাম আৰু অসমৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ তলব কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আলোচনাৰ বাবে দিল্লীত উপস্থিত হৈছিল যদিও ক’ভিডত আক্ৰান্ত হোৱাৰ দোহাই দি সেই সময়ত আলোচনা প্ৰক্ৰিয়া এৰাই চলিছিল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ৷ তাৰ পাচতেই দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ মাজত এলানি আলোচনা অনুষ্ঠিত হৈছিল দিল্লীত ৷

লগতে পঢ়ক:উত্তৰ-পূৱৰ দীৰ্ঘদিনীয়া সীমা বিবাদে কাঢ়ি নিছে 157 গৰাকী নিৰীহৰ প্ৰাণ

Last Updated :Aug 9, 2022, 12:18 PM IST

ABOUT THE AUTHOR

...view details