অসম

assam

নলবাৰীত 'কা' বিৰোধী ছাত্ৰ নেতাৰ বিজেপিত যোগদান

By

Published : Jan 5, 2021, 7:19 AM IST

নলবাৰীত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী ৷ বিজেপি দলত যোগদান কৰিলে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক নীলকমল বৰ্মনে ।

বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী
বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী

নলবাৰী, 5 জানুৱাৰী : 'কা' বিৰোধী ছাত্ৰ নেতাই গমন কৰিলে বিজেপিলৈ ৷ ডিঙিত বিজেপিৰ বস্ত্ৰ পৰিধান কৰি এতিয়া এই প্ৰাক্তন ছাত্ৰ নেতাই ক'লে যে, 'কা' বিৰোধী আন্দোলন আছিল আবেগিক সিদ্ধান্ত ৷ নলবাৰীত বিজেপি দলত যোগদান কৰি এই মন্তব্য কৰিলে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক নীলকমল বৰ্মনে ।

বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী
বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী

বিজেপি নলবাৰী জিলা সমিতিৰ উদ্যোগত সোমবাৰে নলবাৰীৰ নাট্য মন্দিৰত আয়োজিত কৰা হৈছিল বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী । সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱা আৰু স্থানীয় বিধায়ক অশোক শৰ্মাৰ উপস্থিতিত প্ৰাক্তন ছাত্ৰ নেতা নীলকমল বৰ্মন আৰু শশাংক দত্তৰ নেতৃত্বত প্ৰায় দুশ প্ৰাক্তন ছাত্ৰ নেতাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ আনহাতে, কংগ্ৰেছ আৰু অন্যান্য দল সংগঠনৰ পৰা প্ৰায় এহেজাৰ লোকে বিজেপি দলত যোগদান কৰে ৷

লগতে পঢ়ক :কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ

ABOUT THE AUTHOR

...view details