নিউজ ডেস্ক, 23 ডিচেম্বৰ : বিবাহ বিচ্ছেদ ! আজিৰ তাৰিখত বিবাহ বিচ্ছেদ তেনেই সাধাৰণ ঘটনালৈ পৰিণত হৈছে ৷ স্বামী-স্ত্ৰীৰ মাজত ঘটা মনোমালিন্য বা আন বহু কাৰণত সাত জনমলৈ একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বান্ধখোৱা সম্পৰ্কৰ এনাজৰীডাল ছিঙি পেলাই বহুতেই ৷ ওচৰ-চুবুৰীয়াৰ বাহিৰে এইবোৰ ঘটনাক লৈ বেলেগ বৰ বেছি মূৰ নঘমায় ৷ অৱশ্যে আমিৰ খান, হনী সিং, শেখৰ ধৱন, মালাইকা আৰোৰা আদিৰ কথা বেলেগ ৷ তেওঁলোকৰ ডিভোৰ্চৰ পাচৰ দিনপঞ্জীলৈকে সকলোৱে চৰ্চা কৰে ৷
কিন্তু যেতিয়া 70 বছৰীয়া এগৰাকী আইতাই বিবাহ বিচ্ছেদ বিচাৰে, তেতিয়া বাৰু চৰ্চা নহৈ পাৰে নে (Septuagenarian woman appeals for divorce in Assam) ৷ আচৰিত নহ’ব এয়া হৈছেই ৷ অসমতে হৈছে এই ঘটনা ৷ নগাঁও জিলাৰ পাথৰিৰ এগৰাকী আইতা এইবাৰ আদালতৰ কাষ চাপিল স্বামীৰ বিৰুদ্ধে ডিভোৰ্চ বিচাৰি (Women in Nagaon court demands divorce) ৷
আইতাৰ নাম পুষ্পলতা বৰুৱা ৷ নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা তেওঁৰ স্বামীৰ নাম হৈছে ভৱকান্ত বৰা ৷ 50 বছৰ একেলগে সংসাৰ কৰিলে দুয়োৱে ৷ ল’ৰাই বিয়া পাতিলে, ছোৱালীও বিয়া দিলে ৷ সংসাৰখন ঠিকেই চলি আছিল ৷ কিন্তু শেষ বতৰতহে লাগিল কেণা ৷