অসম

assam

গৃহ চহৰত 'ৰত্নাকৰ'ৰ প্ৰচাৰৰ বাবে উপস্থিত যতীন বৰা

By

Published : Sep 28, 2019, 7:17 PM IST

জনপ্ৰিয় অভিনেতা যতীন বৰাই তেওঁৰ আগন্তুক অসমীয়া বোলছবি 'ৰত্নাকৰ'ৰ প্ৰচাৰৰ বাবে উপস্থিত হ'ল গৃহ জিলা নগাঁৱত ৷ শনিবাৰে নগাঁৱৰ পাঁচখন মহাবিদ্যালয়ত 'টীম ৰত্নাকৰ'ৰ সৈতে উপস্থিত হৈ প্ৰচাৰ কৰে অভিনেতাগৰাকীয়ে ৷ প্ৰথমে নগাঁও মহাবিদ্যালয় আৰু তাৰ পাছতে প্ৰচাৰ চলাই নগাঁও ছোৱালী মহাবিদ্যালয়ত ৷

টীম ৰত্নাকৰ

নগাঁও, 28 ছেপ্টেম্বৰ : জনপ্ৰিয় অভিনেতা যতীন বৰাই তেওঁৰ আগন্তুক অসমীয়া বোলছবি 'ৰত্নাকৰ'ৰ প্ৰচাৰৰ বাবে উপস্থিত হ'ল গৃহ জিলা নগাঁৱত ৷ শনিবাৰে নগাঁৱৰ পাঁচখন মহাবিদ্যালয়ত 'টীম ৰত্নাকৰ'ৰ সৈতে উপস্থিত হৈ প্ৰচাৰ কৰে অভিনেতাগৰাকীয়ে ৷ প্ৰথমে নগাঁও মহাবিদ্যালয় আৰু তাৰ পাছতে প্ৰচাৰ চলাই নগাঁও ছোৱালী মহাবিদ্যালয়ত ৷ প্ৰতিখন মহাবিদ্যালয়তে 'টীম ৰত্নাকৰ'ৰ সৈতে যতীন বৰা উপস্থিত হোৱাত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ ৷ যতীন বৰাৰ লগতে ৰত্নাকৰৰ অভিনেতা-অভিনেত্ৰী,শিল্পী, কলা-কুশলীক ওচৰত পাই আনন্দত আত্মহাৰা হৈ পৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকল ৷

গৃহ চহৰত 'ৰত্নাকৰ'ৰ প্ৰচাৰৰ বাবে উপস্থিত যতীন বৰা

গৃহ চহৰত উপস্থিত হৈ গৌৰৱাম্বিত বুলি মন্তব্য কৰে যতীন বৰাই ৷ সকলোকে চিত্ৰগৃহলৈ গৈ 11 অক্টোবৰৰ দিনা ৰত্নাকৰ চাবলৈ আহ্বান জনালে অভিনেতাগৰাকীয়ে ৷ এই অনুষ্ঠানতে উপস্থিত থাকি অভিনেত্ৰী বৰষা ৰাণী বিষয়াই মন্তব্য কৰে যে,অসমীয়া ছবিৰ প্ৰচাৰে এই চলচিত্ৰ উদ্যোগৰ সোণালী যাত্ৰা অক্ষুণ্ণ ৰাখিব ৷ ছবিৰ প্ৰচাৰৰ সময়ত যুৱপ্ৰজন্মৰ পৰা যথেষ্ট সমাদৰ লাভ কৰা বুলি মন্তব্য কৰে বৰষা ৰাণী বিষয়াই ৷ ৰত্নাকৰ ছবিখন সকলোৱে আঁকোৱালী ল'ব বুলি আশা প্ৰকাশ কৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। ৰত্নাকৰৰ জনপ্ৰিয় গীত 'এটা কথা কোৱানা' গীতৰ শিল্পী হৰ্ষিতাই গীতটিৰ কলিটো সকলোৰে আগত প্ৰদৰ্শন কৰে ৷ ভৱিষ্যতে লতা মংগেশকাৰৰ দৰে এগৰাকী সুকন্ঠী গায়িকা হোৱাৰ ইচ্ছা প্ৰকাশ কৰে কণমানি হৰ্ষিতাই ৷

ABOUT THE AUTHOR

...view details