অসম

assam

গ্ৰাহকৰ বেশত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান নগাঁও আৰক্ষীৰ

By

Published : Sep 28, 2022, 9:04 PM IST

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ বাবে আৰক্ষীয়ে অৱলম্বন কৰিছে ন ন কৌশল ৷ এইবাৰ গ্ৰাহকৰ বেশত ধৰি ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত অভিযান চলালে হয়বৰগাঁও আৰক্ষীয়ে (Assam police Anti Drug Campaign) ৷

Drugs seized in Nagaon
গ্ৰাহকৰ বেশত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান নগাঁও আৰক্ষীৰ

নগাঁও, 28 ছেপ্টেম্বৰ:নগাঁও আৰক্ষীয়ে বুধবাৰে অভিযান চলায় বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে (Drugs seized in Nagaon) । হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷ আৰক্ষীয়ে অভিযানৰ সময়ত এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷

হয়বৰগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ডিমৰুগুৰিৰ ৰৌচন আলীৰ নামৰ লোকজনৰ বাসগৃহত অভিযান চলায় ৷ আৰক্ষীৰ দলটোৱে অসামৰিক পোছাকত ড্ৰাগছৰ গ্ৰাহকৰ ৰূপত ৰৌচন আলীৰ ঘৰত উপস্থিত হৈ চলাইছিল এই অভিযান (Assam police Anti Drug Campaign) । তেওঁলোকে ৰৌচন আলীৰ ঘৰৰ পৰা প্ৰায় লক্ষাধিক টকাৰ হেৰ'ইন জব্দ কৰে ।

গ্ৰাহকৰ বেশত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান নগাঁও আৰক্ষীৰ

অতি কৌশলেৰে চলোৱা অভিযানত আৰক্ষীৰ দলটোৱে হেৰ'ইনখিনি জব্দ কৰাৰ লগতে হাতে লোটে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী ৰৌচন আলীক (Drug mafia arrested in Nagaon) । আৰক্ষীয়ে ৰৌচনৰ বাসগৃহৰ পৰা ৯৬ টা কন্টেনাৰ আৰু ৩ টা চাবোনৰ বাকচৰ ভিতৰৰ পৰা হেৰ'ইনখিনি জব্দ কৰে ৷

ইয়াৰ পূৰ্বেও ৰৌচন আলীক ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগত আটক কৰিছিল নগাঁও আৰক্ষীয়ে । সম্প্ৰতি হয়বৰগাঁও আৰক্ষীয়ে ৰৌচন আলীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ABOUT THE AUTHOR

...view details