অসম

assam

Insult to Assamese language: বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

By

Published : Apr 1, 2022, 10:19 PM IST

পুনৰ ৰাজ্যত অসমীয়াক লৈ সৃষ্টি হৈছে বিতৰ্ক (Assamese Language controversy) ৷ শেহতীয়াকৈ বিধায়ক চিৰাজউদ্দীন আজমলে অসমীয়া ভাষাকলৈ কৰা মন্তব্য়ৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম যুৱ পৰিষদৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক কাশ্যপ ফুকনে (Sirajuddin Ajmals insult to Assamese language) ।

ayp-reacts-to-aiudf-mla-sirajuddin-ajmals-insult-to-assamese-language
বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

নগাঁও, 1 এপ্ৰিল : পুনৰ অপমানিত হ’ল অসমীয়া ভাষা (Insult to Assamese language) । এইবাৰ বিধায়ক চিৰাজউদ্দীন আজমলে অপমান কৰিলে 'চিৰ চেনেহী ভাষা জননীক'। অসমীয়া ভাষাক অপমান কৰা বিধায়ক চিৰাজউদ্দীন আজমলৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে অসম যুৱ পৰিষদ (Asom Yuva Parishad) ।

এ আই ইউ ডি এফৰ বিধায়ক চিৰাজউদ্দীন আজমলৰ এটা মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়ত চিৰাজ উদ্দিনৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম যুৱ পৰিষদৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক কাশ্যপ ফুকনে (AYP reacts to Sirajuddin Ajmals insult to Assamese language) ।

বিধায়ক চিৰাজউদ্দীন আজমলৰ বিৰুদ্ধে মন্তব্য অসম জাতীয় পৰিষদৰ

‘‘বিধায়ক চিৰাজউদ্দীন আজমলৰ গাত জাতীয়তাবাদৰ তেজ নাই । চিৰাজউদ্দীন আজমলে আৰু তেওঁৰ দলটোৱে সদায় সন্দেহযুক্ত নাগৰিকৰ হৈ মাত মাতি আহে ’’ বুলি মন্তব্য কৰে সম্পাদকগৰাকীয়ে ৷ লগতে চিৰাজউদ্দীন আজমলে অসমৰ বায়ু, পানী বতাহ খাই পোৱা নাই বাবে অসমীয়া ভাষাক অপমান কৰিব পাৰিছে ।

এ আই ইউ ডি এফ দলটো অসমীয়া বিৰোধী দল বুলি তেওঁ প্ৰমাণ কৰিলে বুলিও মন্তব্য কৰে কাশ্যপ ফুকনে । এগৰাকী জন প্ৰতিনিধিয়ে অসমীয়া ভাষা শিকি থকাটো অতি লজ্জাৰ বিষয় । চিৰাজউদ্দীন আজমলৰ দৰে লোকৰ ওপৰত চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী তুলিলে অসম যুৱ পৰিষদৰ নেতা কাশ্যপ ফুকনে ।

অসমীয়া ভাষাক লৈ বিৰূপ মন্তব্য কৰা চিৰাজউদ্দীন আজমলৰ বিৰুদ্ধে এ আই ইউ ডি এফ দলে কিবা ব্যৱস্থা লয় নে নাই সেয়া হ’ব গুৰুত্বপূৰ্ণ বিষয় ।

লগতে পঢ়ক :Firing in Dibrugarh: ডিব্ৰুগড়ত নিজকে গুলীয়ালে কিশোৰীয়ে

ABOUT THE AUTHOR

...view details